ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (28) ߝߐߘߊ ߘߏ߫: ߙߎ߯ߡߎ߲ ߠߎ߬ ߝߐߘߊ
ضَرَبَ لَكُمْ مَّثَلًا مِّنْ اَنْفُسِكُمْ ؕ— هَلْ لَّكُمْ مِّنْ مَّا مَلَكَتْ اَیْمَانُكُمْ مِّنْ شُرَكَآءَ فِیْ مَا رَزَقْنٰكُمْ فَاَنْتُمْ فِیْهِ سَوَآءٌ تَخَافُوْنَهُمْ كَخِیْفَتِكُمْ اَنْفُسَكُمْ ؕ— كَذٰلِكَ نُفَصِّلُ الْاٰیٰتِ لِقَوْمٍ یَّعْقِلُوْنَ ۟
হে মুশ্বৰিকসকল! আল্লাহে তোমালোকৰ বাবে এটা উদাহৰণ দাঙি ধৰিছে, যিটো তোমালোকৰ পৰাই লোৱা হৈছে। কোৱাচোন, তোমালোকৰ দাস-দাসীৰ মাজৰ তথা তোমালোকৰ অধীনস্থ ব্যক্তিসকলৰ মাজৰ কোনোবাই তোমালোকৰ অংশীদাৰ আছে নেকি, যিজন তোমালোকৰ ধন-সম্পত্তিত সমানভাৱে অংশীদাৰ? নিশ্চয় তোমালোকে সিহঁতৰ ক্ষেত্ৰতো তেনেকৈয়ে ভয় কৰা, যিদৰে তোমালোকে ধন-সম্পত্তিৰ ভাগত স্বাধীন ব্যক্তিৰ অংশীদাৰিত্বক ভয় কৰা। তোমালোকে নিজৰ বাবে দাস-দাসীৰ এই অংশীদাৰিত্বক পছন্দ কৰিবানে? নিঃসন্দেহে তোমালোকে এইটো অপছন্দ কৰিবা। এতেকে আল্লাহৰ দাস আৰু তেওঁৰ সৃষ্টিক তেওঁৰ ৰাজত্বত অংশীদাৰ কৰাটো তুলনামূলকভাৱে আৰু অধিক সমীচীন নহয়। এনেকুৱা উদাহৰণ উপস্থাপন কৰি আমি বিভিন্ন প্ৰকাৰৰ দলিল-প্ৰমাণ দাঙি ধৰোঁ, সেইসকল লোকৰ বাবে যিসকলে বিবেক-বুদ্ধিৰ সদ্ব্যৱহাৰ কৰে। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• خضوع جميع الخلق لله سبحانه قهرًا واختيارًا.
ইচ্ছাকৃতভাৱেই হওক অথবা অনিচ্ছাকৃতভাৱে, সকলো সৃষ্টিয়েই আল্লাহৰ সন্মুখত শিৰ নত কৰিবলৈ বাধ্য।

• دلالة النشأة الأولى على البعث واضحة المعالم.
প্ৰথমবাৰৰ সৃষ্টি কাৰ্যই আখিৰাতৰ জীৱনৰ স্পষ্ট প্ৰমাণবহন কৰে।

• اتباع الهوى يضل ويطغي.
প্ৰবৃত্তিৰ অনুসৰণৰ ফলত মানুহ পথভ্ৰষ্ট আৰু দূৰাচাৰীত পৰিণত হয়।

• دين الإسلام دين الفطرة السليمة.
ইছলাম ধৰ্মই হৈছে সঠিক স্বভাৱগত ধৰ্ম।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (28) ߝߐߘߊ ߘߏ߫: ߙߎ߯ߡߎ߲ ߠߎ߬ ߝߐߘߊ
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫߸ ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߢߊߢߌߣߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫.

ߘߊߕߎ߲߯ߠߌ߲