Check out the new design

Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Vers: (123) Surah: De bij
ثُمَّ اَوْحَیْنَاۤ اِلَیْكَ اَنِ اتَّبِعْ مِلَّةَ اِبْرٰهِیْمَ حَنِیْفًا ؕ— وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟
হে ৰাছুল! তাৰ পিছত আমি আপোনাৰ প্ৰতি অহী প্ৰেৰণ কৰিছো যে, তাওহীদৰ ক্ষেত্ৰত, মুশ্বৰিকসকলৰ পৰা সম্পৰ্কচ্ছেদ, আল্লাহৰ প্ৰতি আহ্বান আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমল, লগতে সকলো ধৰ্ম ত্যাগ কৰি কেৱল ইছলামৰ পিনে ধাৱিত হোৱাৰ ক্ষেত্ৰত ইব্ৰাহীম আলাইহিচ্ছালামৰ অনুসৰণ কৰক। তেওঁ কদাপিও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল, যিদৰে মুশ্বৰিকসকলে ধাৰণা কৰে। বৰং তেওঁ আছিল এক আল্লাহৰ আনুগত্যকাৰী।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• اقتضت رحمة الله أن يقبل توبة عباده الذين يعملون السوء من الكفر والمعاصي، ثم يتوبون ويصلحون أعمالهم، فيغفر الله لهم.
এইটো আল্লাহৰ অন্যতম এক প্ৰকাৰ ৰহমত যে, তেওঁ সেই বান্দাসকলৰো তাওবা কবূল কৰে যিসকলে কুফৰী আৰু গুনাহৰ কাম কৰিছে। তাৰ পিছত তেওঁলোকে তাওবা কৰে আৰু নিজৰ কৰ্ম সংশোধন কৰে, ফলত আল্লাহে তেওঁলোকৰ গুনাহ ক্ষমা কৰি দিয়ে।

• يحسن بالمسلم أن يتخذ إبراهيم عليه السلام قدوة له.
প্ৰতিজন মুছলিমে ইব্ৰাহীম আলাইহিচ্ছালামক আদৰ্শ হিচাপে লোৱা উচিত।

• على الدعاة إلى دين الله اتباع هذه الطرق الثلاث: الحكمة، والموعظة الحسنة، والمجادلة بالتي هي أحسن.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলে এই তিনিটা বিষয়ৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত, হিকমত বা কৌশলৰ সৈতে কথা কোৱা উচিত, উত্তম উপদেশ দিয়া উচিত, লগতে উত্তমভাৱে বাদানুবাদ কৰা উচিত।

• العقاب يكون بالمِثْل دون زيادة، فالمظلوم منهي عن الزيادة في عقوبة الظالم.
অপৰাধৰ অনুপাতে শাস্তি হোৱা উচিত। তাতকৈ বেছি হ'ব নালাগে। এই ক্ষেত্ৰত নিৰ্যাতিত ব্যক্তিকো নিষেধ কৰা হৈছে যে, অত্যাচাৰীৰ পৰা প্ৰতিশোধ লোৱাৰ সময়ত যাতে সীমা অতিক্ৰম কৰা নহয়।

 
Vertaling van de betekenissen Vers: (123) Surah: De bij
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. - Index van vertaling

Uitgegeven door het Tafsier Centrum voor Koranstudies.

Sluit