Check out the new design

Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Vers: (79) Surah: al-Israa
وَمِنَ الَّیْلِ فَتَهَجَّدْ بِهٖ نَافِلَةً لَّكَ ۖۗ— عَسٰۤی اَنْ یَّبْعَثَكَ رَبُّكَ مَقَامًا مَّحْمُوْدًا ۟
হে ৰাছুল! আপুনি ৰাতিৰ এটা অংশত উঠি ছালাত আদায় কৰক। যাতে এই ছালাতে আপোনাৰ মৰ্যাদা অধিক বৃদ্ধি কৰে। এই সংকল্প থকা উচিত যে, আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সেই দিৱসৰ ভয়ৱহতাৰ পৰা মানুহক মুক্তি প্ৰদান কৰিবলৈ আপোনাক যাতে মধ্যস্তাকাৰী বনায়, লগতে আপোনাক যাতে ছোপাৰিচৰ সেই মহান স্থান প্ৰদান কৰে, যাৰ প্ৰশংসা পূৰ্বৱৰ্তী আৰু পৰবৰ্তী সকলো লোকে কৰে।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• في الآيات دليل على شدة افتقار العبد إلى تثبيت الله إياه، وأنه ينبغي له ألا يزال مُتَمَلِّقًا لربه أن يثبته على الإيمان.
উক্ত আয়াতবোৰত প্ৰমাণ পোৱা গ'ল যে, আল্লাহে যাতে বান্দাক দৃঢ় তথা অটল ৰাখে ইয়াৰ প্ৰতি বান্দা অত্যন্ত অমুখাপেক্ষী। তথা বান্দাই সদায় আল্লাহৰ ওচৰত দুআ কৰা উচিত যে, তেওঁ যেন তাক ঈমানৰ ওপৰত দৃঢ় ৰাখে।

• عند ظهور الحق يَضْمَحِل الباطل، ولا يعلو الباطل إلا في الأزمنة والأمكنة التي يكسل فيها أهل الحق.
সত্য প্ৰকাশ পোৱাৰ লগে লগে অসত্য বিলুপ্ত হয়। আৰু অসত্য সেই সময়তেই আৰু সেই স্থানতেই আত্মপ্ৰকাশ কৰে, য’ত সত্যবাদীসকলে অৱহেলা কৰে।

• الشفاء الذي تضمنه القرآن عام لشفاء القلوب من الشُّبَه، والجهالة، والآراء الفاسدة، والانحراف السيئ والمقاصد السيئة.
কোৰআনত যি প্ৰতিষেধক আছে, সেয়া হৈছেঃ সন্দেহ, মুৰ্খতা, ভ্ৰান্ত ধাৰণা, কুসংস্কাৰ আৰু বেয়া উদ্দেশ্য আদিৰ।

• في الآيات دليل على أن المسؤول إذا سئل عن أمر ليس في مصلحة السائل فالأولى أن يعرض عن جوابه، ويدله على ما يحتاج إليه، ويرشده إلى ما ينفعه.
উক্ত আয়াতবোৰত এই কথাৰো প্ৰমাণ আছে যে, যদি কোনো ব্যক্তিয়ে এনেকুৱা কোনো প্ৰশ্ন কৰে যি প্ৰশ্নত তাৰ বাবে কোনো কল্যাণ নাই, তেনেক্ষেত্ৰত এনেকুৱা প্ৰশ্নৰ উত্তৰ নিদিয়াই ভাল, আৰু তাক সেই দিশত মাৰ্গদৰ্শন কৰা উচিত যিটো তাৰ বাবে আৱশ্যক, লগতে সেইসমূহ বিষয় জনাই দিয়া উচিত যিবোৰ তাৰ বাবে লাভদায়ক।

 
Vertaling van de betekenissen Vers: (79) Surah: al-Israa
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. - Index van vertaling

Uitgegeven door het Tafsier Centrum voor Koranstudies.

Sluit