Vertaling van de betekenissen Edele Qur'an - De Asamiya-vertaling van de samenvatting van de interpretatie van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Vers: (36) Surah: Soerat al-Kahf (De spelonk)
وَّمَاۤ اَظُنُّ السَّاعَةَ قَآىِٕمَةً ۙ— وَّلَىِٕنْ رُّدِدْتُّ اِلٰی رَبِّیْ لَاَجِدَنَّ خَیْرًا مِّنْهَا مُنْقَلَبًا ۟ۚ
আনকি মই কিয়ামত হ'ব বুলিও বিশ্বাস নকৰোঁ। এইটো হৈছে এক প্ৰকাৰ জীৱনচক্ৰ, যিটো সদায় চলি থাকিব। আনহাতে যদি কিয়ামত হয়ও তথাপিও যেতিয়া মই পুনৰ্জীৱিত হ'ম আৰু মোক মোৰ প্ৰতিপালকৰ ওচৰত উপস্থিত কৰা হ'ব, সেই জীৱনতো মই ইয়াতকৈও উত্তম বাগান লাভ কৰিম। কিয়নো পৃথিৱীত ধনী হোৱাৰ অৰ্থ এই যে, আখিৰাততো মই ধনী হ'ম।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• على المؤمن ألا يستكين أمام عزة الغني الكافر، وعليه نصحه وإرشاده إلى الإيمان بالله، والإقرار بوحدانيته، وشكر نعمه وأفضاله عليه.
ধনী কাফিৰৰ অহংকাৰৰ সন্মুখত মুমিন ব্যক্তিয়ে কেতিয়াও হেও মনা উচিত নহয়। বৰং তাৰ কল্যাণ কামনা কৰা উচিত আৰু তাক আল্লাহৰ ঈমানৰ প্ৰতি পথপ্ৰদৰ্শন কৰোৱা উচিত, লগতে আল্লাহৰ তাওহীদৰ স্বীকৃতি আৰু তেওঁৰ নিয়ামত তথা অনুগ্ৰহৰ কৃতজ্ঞতা কৰাৰ প্ৰতি প্ৰেৰণা দিয়া উচিত।

• ينبغي لكل من أعجبه شيء من ماله أو ولده أن يضيف النعمة إلى مُولِيها ومُسْدِيها بأن يقول: ﴿ما شاءَ اللهُ لا قُوَّةَ إلَّا بِاللهِ﴾.
সন্তান-সন্ততি আৰু ধন-সম্পত্তিৰ কিবা যদি মনক আকৰ্ষিত কৰে তেন্তে সেই নিয়ামতক আল্লাহৰ লগত সম্পৃক্ত কৰি কোৱা উচিত যে, আল্লাহে যি ইচ্ছা কৰে সেইটোৱে হয়, তেওঁৰ বাহিৰে আন কাৰো শক্তি নাই।

• إذا أراد الله بعبد خيرًا عجل له العقوبة في الدنيا.
আল্লাহে যদি কোনো বান্দাৰ কল্যাণ বিচাৰে তেন্তে তাক পৃথিৱীতেই শাস্তি দি দিয়ে।

• جواز الدعاء بتلف مال من كان ماله سبب طغيانه وكفره وخسرانه.
যদি কোনোবাই ধন-সম্পদলৈ অহংকাৰ কৰে, তথা কুফৰী আৰু স্বৈৰাচাৰিতাৰ পথ অৱলম্বন কৰে তেন্তে সেই ব্যক্তিৰ বিৰুদ্ধে বদ দুআ কৰা বৈধ।

 
Vertaling van de betekenissen Vers: (36) Surah: Soerat al-Kahf (De spelonk)
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - De Asamiya-vertaling van de samenvatting van de interpretatie van de Heilige Koran. - Index van vertaling

De Asamiya-vertaling van de samenvatting van de interpretatie van de Heilige Koran, uitgegeven door het Tafsir Center for Quranic Studies.

Sluit