Check out the new design

Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Vers: (228) Surah: Albaqarah
وَالْمُطَلَّقٰتُ یَتَرَبَّصْنَ بِاَنْفُسِهِنَّ ثَلٰثَةَ قُرُوْٓءٍ ؕ— وَلَا یَحِلُّ لَهُنَّ اَنْ یَّكْتُمْنَ مَا خَلَقَ اللّٰهُ فِیْۤ اَرْحَامِهِنَّ اِنْ كُنَّ یُؤْمِنَّ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ— وَبُعُوْلَتُهُنَّ اَحَقُّ بِرَدِّهِنَّ فِیْ ذٰلِكَ اِنْ اَرَادُوْۤا اِصْلَاحًا ؕ— وَلَهُنَّ مِثْلُ الَّذِیْ عَلَیْهِنَّ بِالْمَعْرُوْفِ ۪— وَلِلرِّجَالِ عَلَیْهِنَّ دَرَجَةٌ ؕ— وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟۠
তালাকপ্ৰাপ্তা নাৰীয়ে তিনিটা হায়েজ লৈকে অপেক্ষা কৰিব, এই সময়ছোৱাত সিহঁতে বিবাহ পাশত আৱদ্ধ হব নোৱাৰিব। লগতে সিহঁতে যদি সঁচাই আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰিছে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়। কিন্তু যদি তালাক প্ৰদান কৰা স্বামীয়ে মুহাব্বতৰ সৈতে আকৌ জীৱন-যাপন কৰিব বিচাৰে লগতে তালাকৰ কাৰণে সৃষ্টি হোৱা মতভেদ দূৰ কৰিব বিচাৰে তেন্তে সিহঁত ইদ্দতৰ ভিতৰতে ওভোতাই লোৱাৰ বেছি হকদাৰ। সমাজত প্ৰচলিত নিয়মানুসাৰে মহিলাসকলৰো সিমানেই অধিকাৰ আছে যিমান অধিকাৰ স্বামীৰ আছে। কিন্তু মহিলাসকলৰ ওপৰত পুৰুষসকলক এটা ধাপ বেছি প্ৰাধান্য দিয়া হৈছে। যেনে- পৰিচালনা আৰু তালাকৰ অধিকাৰ। আল্লাহ মহাপ্ৰতাপশালী, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰস্তুত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰজ্ঞৱান।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• بيَّن الله تعالى أحكام النكاح والطلاق بيانًا شاملًا حتى يعرف الناس حدود الحلال والحرام فلا يتجاوزونها.
আল্লাহ তাআলাই বিবাহ আৰু তালাক সংক্ৰান্তীয় বিধানবোৰ বিস্তাৰিত ভাৱে বৰ্ণনা কৰিছে, যাতে মানুহে হালাল আৰু হাৰামৰ সীমাৰেখাবোৰ জানিব পাৰে আৰু ইয়াৰ উলংঘনৰ পৰা বিৰত থাকে।

• عظَّم الله شأن النكاح وحرم التلاعب فيه بالألفاظ فجعلها ملزمة، وألغى التلاعب بكثرة الطلاق والرجعة فجعل لها حدًّا بطلقتين رجعيتين ثم تحرم عليه إلا أن تنكح زوجا غيره ثم يطلقها، أو يموت عنها.
আল্লাহে বিবাহক বৰ গুৰুত্ব প্ৰদান কৰিছে, আৰু বিবাহ সংক্ৰান্তীয় শব্দৰ লগত ধেমালি কৰাও হাৰাম কৰিছে লগতে এই শব্দবোৰ ধেমালি আৰু গম্ভীৰতা উভয় অৱস্থাতে কাৰ্যকৰী বুলি ঘোষণা কৰিছে। বাৰে বাৰে তালাক প্ৰদান কৰি স্ত্ৰীক ওভোতাই লোৱাৰ প্ৰথাক নাকী লগাবলৈ তালাকৰ সীমা নিৰ্ধাৰণ কৰিছে যে, কেৱল দুটা তালাকৰ ক্ষেত্ৰতহে স্ত্ৰীক ওভোতাই লোৱাৰ সুবিধা আছে। ইয়াৰ পিছতো যদি তৃতীয় তালাক দিয়ে তেন্তে স্ত্ৰী তাৰ ওপৰত হাৰাম হৈ যাব। আৰু তেতিয়ালৈকে বৈধ নহ'ব যেতিয়ালৈকে স্ত্ৰী আন কোনো পুৰুষৰ লগত বিবাহ হৈ তালাক প্ৰাপ্তা নহ'ব, অথবা সেই স্বামীৰ মৃত্যু নহ'ব।

• المعاشرة الزوجية تكون بالمعروف، فإن تعذر ذلك فلا بأس من الطلاق، ولا حرج على أحد الزوجين أن يطلبه.
বৈবাহিক জীৱন উত্তম ভাৱে যাপন কৰিব লাগে। যদি উত্তমভাৱে পৰিচালনাত অসুবিধা হয় তেন্তে তালাক দিয়াত কোনো আপত্তি নাই। লগতে পতি-পত্নীৰ কোনোবাই তালাক বিচৰাটোও কোনো বেয়া কথা নহয়।

 
Vertaling van de betekenissen Vers: (228) Surah: Albaqarah
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. - Index van vertaling

Uitgegeven door het Tafsier Centrum voor Koranstudies.

Sluit