Check out the new design

Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Vers: (53) Surah: An-Noer
وَاَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ لَىِٕنْ اَمَرْتَهُمْ لَیَخْرُجُنَّ ؕ— قُلْ لَّا تُقْسِمُوْا ۚ— طَاعَةٌ مَّعْرُوْفَةٌ ؕ— اِنَّ اللّٰهَ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟
মুনাফিকসকলে দৃঢ়ভাৱে আল্লাহৰ শপত খায় যে, যদি আপুনি সিহঁতক জিহাদৰ বাবে ওলাবলৈ আহ্বান কৰে তেন্তে সিহঁত অৱশ্যে ওলাব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে শপত নাখাবা, কাৰণ তোমালোকৰ মিছা কথা সম্পৰ্কে ভালদৰেই জানো, আনহাতে তোমালোকৰ তথাকথিত আনুগত্যৰ অৱস্থাও ভালদৰেই জ্ঞাত। তোমালোকে যি যি কৰি আছা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়, যিমানেই সৰু নহওক কিয়।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• تنوّع المخلوقات دليل على قدرة الله.
সৃষ্টিসকলৰ ভিন্নতাই আল্লাহৰ ক্ষমতাৰ প্ৰমাণবহন কৰে।

• من صفات المنافقين الإعراض عن حكم الله إلا إن كان الحكم في صالحهم، ومن صفاتهم مرض القلب والشك، وسوء الظن بالله.
মুনাফিকৰ চিহ্ন হৈছে সিহঁতে আল্লাহৰ আদেশৰ পৰা আঁতৰি ফুৰে। কিন্তু যদি সেই আদেশ সিহঁতৰ সপক্ষে হয় তেন্তে স্বাচ্ছন্দ্যে গ্ৰহণ কৰে। এইদৰে অন্তৰৰ ব্যাধি, সন্দেহ আৰু আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাও সিহঁতৰ বৈশিষ্ট্যৰ অন্তৰ্ভুক্ত।

• طاعة الله ورسوله والخوف من الله من أسباب الفوز في الدارين.
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য তথা আল্লাহৰ ভয়, এইবোৰ হৈছে পৃথিৱী আৰু আখিৰাতত সফল হোৱাৰ চাবিকাঠি।

• الحلف على الكذب سلوك معروف عند المنافقين.
মিছা শপত খোৱাটো হৈছে মুনাফিকসকলৰ সুপৰিচিত চৰিত্ৰ।

 
Vertaling van de betekenissen Vers: (53) Surah: An-Noer
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. - Index van vertaling

Uitgegeven door het Tafsier Centrum voor Koranstudies.

Sluit