Check out the new design

Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Vers: (130) Surah: Aal-Imraan
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَاْكُلُوا الرِّبٰۤوا اَضْعَافًا مُّضٰعَفَةً ۪— وَّاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟ۚ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! নিজৰ মূল ধনৰ ওপৰত চক্ৰবৃদ্ধি হাৰত সুত লোৱাৰ পৰা বিৰত থাকা। যিদৰে অজ্ঞতা যুগৰ লোকসকলে লৈছিল। আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। যাতে পৃথিৱী আৰু আখিৰাতত যিটো কল্যাণ তোমালোকে বিচৰা সেইটো পাব পাৰা।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• مشروعية التذكير بالنعم والنقم التي تنزل بالناس حتى يعتبر بها المرء.
মানুহক বিপদ-আপদ আৰু নিয়ামত সম্পৰ্কে স্মৰণ কৰাব লাগে, যাতে ইয়াৰ দ্বাৰা মানুহে শিক্ষা লয়।

• من أعظم أسباب تَنَزُّل نصر الله على عباده ورحمته ولطفه بهم: التزامُ التقوى، والصبر على شدائد القتال.
আল্লাহৰ তৰফৰ পৰা বান্দাৰ প্ৰতি দয়া, কৃপা আৰু সহায় লাভ কৰাৰ কেইটামান ডাঙৰ কাৰণ হৈছে, তাক্বৱা অৱলম্বন কৰা আৰু যুদ্ধৰ কঠিন সময়ত ধৈৰ্য ধাৰণ কৰা।

• الأمر كله لله تعالى، فيحكم بما يشاء، ويقضي بما أراد، والمؤمن الحق يُسَلم لله تعالى أمره، وينقاد لحكمه.
সকলো বিষয় আল্লাহৰ হাতত। এতেকে তেওঁ যি ইচ্ছা কৰে আদেশ কৰে, আৰু যিটো ইচ্ছা কৰে সেইটোৱে সিদ্ধান্ত লয়। সেয়ে প্ৰকৃত মুমিন ব্যক্তিয়ে সকলো বিষয় আল্লাহৰ ওপৰত অৰ্পন কৰে আৰু তেওঁৰ আদেশ পালন কৰে।

• الذنوب - ومنها الربا - من أعظم أسباب خِذلان العبد، ولا سيما في مواطن الشدائد والصعاب.
গুনাহ (যাৰ মাজত সুতও অন্তৰ্ভুক্ত) বান্দাৰ সহায় তথা তাওফীক নোপোৱাৰ ডাঙৰ কাৰণসমূহৰ অন্যতম কাৰণ। বিশেষকৈ বিপদ-আপদ আৰু কঠিন মূহূৰ্তত।

• مجيء النهي عن الربا بين آيات غزوة أُحد يشعر بشمول الإسلام في شرائعه وترابطها بحيث يشير إلى بعضها في وسط الحديث عن بعض.
উহূদৰ যুদ্ধ সম্পৰ্কীয় আয়াতৰ মাজত সুতৰ নিষেধাজ্ঞা বৰ্ণনা কৰাৰ উদ্দেশ্য এই যে, ইছলামী চৰীয়ত হৈছে যথেষ্ট ব্যাপক, আৰু ইয়াৰ বিভিন্ন ভাগ এনেকৈ সংযোগ হৈ আছে যে, এটাৰ বিষয়ে আলোচনা কৰিলে আনটোৰ পিনে ইঙ্গিত কৰা হয়।

 
Vertaling van de betekenissen Vers: (130) Surah: Aal-Imraan
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. - Index van vertaling

Uitgegeven door het Tafsier Centrum voor Koranstudies.

Sluit