ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
58 : 12

وَجَآءَ اِخْوَةُ یُوْسُفَ فَدَخَلُوْا عَلَیْهِ فَعَرَفَهُمْ وَهُمْ لَهٗ مُنْكِرُوْنَ ۟

ইউছুফৰ ভাতৃসকলে নিজৰ বয়-বস্তুৰ লগত মিচৰ ভূমিত গৈ উপস্থিত হ'ল। যেতিয়া সিহঁত তেওঁৰ ওচৰত গৈ উপস্থিত হ'ল, তেওঁ সিহঁতক চিনি পালে যে সিহঁত তেওঁৰ ভাতৃ। কিন্তু সিহঁতে চিনি পোৱা নাছিল যে তেওঁ সিহঁতৰ ভাই। কাৰণ দীৰ্ঘ সময় অতিবাহিত হৈছিল আৰু তেওঁৰ আকাৰ আকৃতিও পৰিবৰ্তন হৈছিল। যেতিয়া সিহঁতে তেওঁক কুঁৱাত নিক্ষেপ কৰিছিল তেতিয়া তেওঁ শিশু অৱস্থাত আছিল। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• من أعداء المؤمن: نفسه التي بين جنبيه؛ لذا وجب عليه مراقبتها وتقويم اعوجاجها.
মুমিনৰ অন্যতম শত্ৰু হৈছে তাৰ অন্তৰ। এতেকে সদায় ইয়াৰ চোৱাচিতা কৰা জৰুৰী তথা ইয়াক বক্ৰতাৰ পৰা ঠিক কৰা আৱশ্যক। info

• اشتراط العلم والأمانة فيمن يتولى منصبًا يصلح به أمر العامة.
সৰ্বসাধাৰণৰ কল্যাণৰ বাবে কোনো পদত অধিষ্ঠিত হ'বলৈ জ্ঞান তথা আমানতদাৰ হোৱা চৰ্ত। info

• بيان أن ما في الآخرة من فضل الله، إنما هو خير وأبقى وأفضل لأهل الإيمان.
এই কথাৰ বৰ্ণনা যে, আখিৰাতত যি আছে সেয়া আল্লাহৰ কৃপাতে লাভ হ'ব। নিশ্চয় সেয়া মুমিনসকলৰ বাবে কল্যাণকৰ, চিৰস্থায়ী তথা উত্তম। info

• جواز طلب الرجل المنصب ومدحه لنفسه إن دعت الحاجة، وكان مريدًا للخير والصلاح.
প্ৰয়োজনত নিজৰ বাবে পদ বিচৰা তথা নিজৰ প্ৰশংসা কৰা বৈধ, যদি তেওঁ কল্যাণ তথা সংশোধন কৰিব বিচাৰে। info