Check out the new design

د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (90) سورت: یوسف
قَالُوْۤا ءَاِنَّكَ لَاَنْتَ یُوْسُفُ ؕ— قَالَ اَنَا یُوْسُفُ وَهٰذَاۤ اَخِیْ ؗ— قَدْ مَنَّ اللّٰهُ عَلَیْنَا ؕ— اِنَّهٗ مَنْ یَّتَّقِ وَیَصْبِرْ فَاِنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟
এই শুনি সিহঁত আচৰিত হ'ল, আৰু ক'লেঃ আপুনিয়ে ইউছুফ নেকি, তেতিয়া ইউছুফে সিহঁতক ক'লেঃ হয়, ময়েই ইউছুফ আৰু মোৰ লগত থকা এওঁ হৈছে মোৰ সহোদৰ ভাতৃ। আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ উৎপিড়নৰ পৰা ৰক্ষা কৰি আমাক সন্মানৰ পাত্ৰ বনাইছে। নিশ্চয় যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, লগতে বিপদত ধৈৰ্য ধাৰণ কৰে তেন্তে তাৰ এই কৰ্ম সদাচাৰ বুলি পৰিগণিত হ'ব, নিশ্চয় আল্লাহ সদাচাৰীসকলৰ প্ৰতিদান ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ বাবে সুৰক্ষিত কৰি ৰাখে।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• عظم معرفة يعقوب عليه السلام بالله حيث لم يتغير حسن ظنه رغم توالي المصائب ومرور السنين.
আল্লাহ সম্পৰ্কে ইয়াকূব আলাইহিছ ছালামৰ জ্ঞানৰ গভীৰতা। সেই কাৰণেই ধাৰাবাহিক বিপদৰ সন্মুখীন হোৱাৰ পিছতো লগতে কেইবাটাও বছৰ পাৰ হোৱাৰ পিছতো আল্লাহ সম্পৰ্কে তেওঁৰ ধাৰণা উত্তম আছিল।

• من خلق المعتذر الصادق أن يطلب التوبة من الله، ويعترف على نفسه ويطلب الصفح ممن تضرر منه.
সততাৰ সৈতে গুনাহ স্বীকাৰ কৰা ব্যক্তিয়ে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। নিজৰ ভুল নিজে স্বীকাৰ কৰে আৰু তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত ব্যক্তিৰ ওচৰত ক্ষমাৰ দাবী জনায়।

• بالتقوى والصبر تنال أعظم الدرجات في الدنيا وفي الآخرة.
তাক্বৱা আৰু ধৈৰ্যৰ জৰিয়তে পৃথিৱী আৰু আখিৰাতত ডাঙৰ ফলাফল লাভ কৰা সম্ভৱ।

• قبول اعتذار المسيء وترك الانتقام، خاصة عند التمكن منه، وترك تأنيبه على ما سلف منه.
অপৰাধীৰ ক্ষমা আবেদন কবূল কৰা আৰু প্ৰতিশোধ ত্যাগ কৰা, বিশেষকৈ ক্ষমতা হাতত থকা অৱস্থাত। লগতে তাৰ কৃতকৰ্মক কেন্দ্ৰ কৰি তাক গৰিহণা দিয়াৰ পৰাও বিৰত থকা।

 
د معناګانو ژباړه آیت: (90) سورت: یوسف
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه - د ژباړو فهرست (لړلیک)

د مرکز تفسیر للدراسات القرآنیة لخوا خپور شوی.

بندول