Check out the new design

د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (225) سورت: بقره
لَا یُؤَاخِذُكُمُ اللّٰهُ بِاللَّغْوِ فِیْۤ اَیْمَانِكُمْ وَلٰكِنْ یُّؤَاخِذُكُمْ بِمَا كَسَبَتْ قُلُوْبُكُمْ ؕ— وَاللّٰهُ غَفُوْرٌ حَلِیْمٌ ۟
আল্লাহে তোমালোকৰ অনিচ্ছাকৃত শপত সম্পৰ্কে সোধ-পোচ নকৰিব। যেনে- কথায় কথায় কোনোবাই কয়ঃ আল্লাহৰ শপত! এইটো এনেকুৱা নহয়। আল্লাহৰ শপত! এয়া সত্য। এনেকুৱা শপতৰ বাবে কোনো কাফফাৰাও দিব নালাগে আৰু কোনো শাস্তিও নাই। কিন্তু সেইসমূহ শপতৰ বিষয়ে নিশ্চয় সোধ-পোচ কৰিব যিবোৰ তোমালোকে স্ব-ইচ্ছাই খাইছিলা। নিশ্চয় আল্লাহ তেওঁৰ বান্দাৰ গুনাহৰ প্ৰতি ক্ষমাশীল। আৰু তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• بيَّن الله تعالى أحكام النكاح والطلاق بيانًا شاملًا حتى يعرف الناس حدود الحلال والحرام فلا يتجاوزونها.
আল্লাহ তাআলাই বিবাহ আৰু তালাক সংক্ৰান্তীয় বিধানবোৰ বিস্তাৰিত ভাৱে বৰ্ণনা কৰিছে, যাতে মানুহে হালাল আৰু হাৰামৰ সীমাৰেখাবোৰ জানিব পাৰে আৰু ইয়াৰ উলংঘনৰ পৰা বিৰত থাকে।

• عظَّم الله شأن النكاح وحرم التلاعب فيه بالألفاظ فجعلها ملزمة، وألغى التلاعب بكثرة الطلاق والرجعة فجعل لها حدًّا بطلقتين رجعيتين ثم تحرم عليه إلا أن تنكح زوجا غيره ثم يطلقها، أو يموت عنها.
আল্লাহে বিবাহক বৰ গুৰুত্ব প্ৰদান কৰিছে, আৰু বিবাহ সংক্ৰান্তীয় শব্দৰ লগত ধেমালি কৰাও হাৰাম কৰিছে লগতে এই শব্দবোৰ ধেমালি আৰু গম্ভীৰতা উভয় অৱস্থাতে কাৰ্যকৰী বুলি ঘোষণা কৰিছে। বাৰে বাৰে তালাক প্ৰদান কৰি স্ত্ৰীক ওভোতাই লোৱাৰ প্ৰথাক নাকী লগাবলৈ তালাকৰ সীমা নিৰ্ধাৰণ কৰিছে যে, কেৱল দুটা তালাকৰ ক্ষেত্ৰতহে স্ত্ৰীক ওভোতাই লোৱাৰ সুবিধা আছে। ইয়াৰ পিছতো যদি তৃতীয় তালাক দিয়ে তেন্তে স্ত্ৰী তাৰ ওপৰত হাৰাম হৈ যাব। আৰু তেতিয়ালৈকে বৈধ নহ'ব যেতিয়ালৈকে স্ত্ৰী আন কোনো পুৰুষৰ লগত বিবাহ হৈ তালাক প্ৰাপ্তা নহ'ব, অথবা সেই স্বামীৰ মৃত্যু নহ'ব।

• المعاشرة الزوجية تكون بالمعروف، فإن تعذر ذلك فلا بأس من الطلاق، ولا حرج على أحد الزوجين أن يطلبه.
বৈবাহিক জীৱন উত্তম ভাৱে যাপন কৰিব লাগে। যদি উত্তমভাৱে পৰিচালনাত অসুবিধা হয় তেন্তে তালাক দিয়াত কোনো আপত্তি নাই। লগতে পতি-পত্নীৰ কোনোবাই তালাক বিচৰাটোও কোনো বেয়া কথা নহয়।

 
د معناګانو ژباړه آیت: (225) سورت: بقره
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه - د ژباړو فهرست (لړلیک)

د مرکز تفسیر للدراسات القرآنیة لخوا خپور شوی.

بندول