Check out the new design

د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (53) سورت: انعام
وَكَذٰلِكَ فَتَنَّا بَعْضَهُمْ بِبَعْضٍ لِّیَقُوْلُوْۤا اَهٰۤؤُلَآءِ مَنَّ اللّٰهُ عَلَیْهِمْ مِّنْ بَیْنِنَا ؕ— اَلَیْسَ اللّٰهُ بِاَعْلَمَ بِالشّٰكِرِیْنَ ۟
এইদৰে আমি কিছুমান লোকক আন কিছুমান লোকৰ দ্বাৰা পৰীক্ষা লৈছো। এতেকে পাৰ্থিৱ জীৱনৰ সূখ-শান্তিত আমি সিহঁতৰ মাজত কম বেছি কৰি দিছো। আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰো, যাতে ধনী কাফিৰসকলে দুখীয়া মুমিনসকলক দেখি কয়ঃ আল্লাহে আমাক এৰি এই দুখীয়া সকলৰ প্ৰতি কৃপা কৰি তেওঁলোকক সত্যৰ পথ দেখুৱাইছে নেকি? ঈমান পোষণ কৰাটো যদি কল্যাণকৰ হলেহেঁতেন তেন্তে ইহঁতে আমাতকৈ আগত ঈমান পোষণ কৰিব নোৱাৰিলেহেঁতেন। কিয়নো প্ৰত্যেক বিষয়ত আমিয়ে অগ্ৰগামী। (হেৰা কাফিৰসকল) আল্লাহে নাজানে নেকি যে, তেওঁ তাওফীক দিয়া লোক সকলে তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা কৰিবনে নাই? আৰু কাফিৰসকলকো তেওঁ ভালদৰে জানে, সেই কাৰণেই সিহঁতক ঈমানৰ পৰা বঞ্চিত কৰিছে, ফলত সিহঁতে ঈমান পোষণ নকৰে। নিশ্চয় আল্লাহ সিহঁতৰ বিষয়ে সম্যক অৱগত।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• الله تعالى يجعل العباد بعضهم فتنة لبعض، فتتفاوت درجاتهم في الرزق وفي الكفر والإيمان، والكفر والإيمان ليس منوطًا بسعة الرزق وضيقه.
আল্লাহ তাআলাই তেওঁৰ কিছুমান বান্দাৰ দ্বাৰা আন কিছুমান বান্দাৰ পৰীক্ষা লয়। সেয়ে তেওঁলোক জীৱিকা, কুফৰ তথা ঈমানৰ ক্ষেত্ৰত সমান নহয়। যদিও ঈমান আৰু কুফৰ জীৱিকাৰ প্ৰশস্ততা তথা সংকীৰ্ণতাৰ লগত জড়িত নহয়।

• من أخلاق الداعية طلاقة الوجه وإلقاء التحية والتبسط والسرور بأصحابه.
সঙ্গীসকলক ছালাম কৰা, তেওঁলোকৰ লগত হাঁহি মুখে সাক্ষাৎ কৰা আৰু আন্তৰিকতাৰে তেওঁলোকৰ লগত সদাচৰণ কৰা, সত্যৰ প্ৰতি আহ্বান কৰা ব্যক্তিসকলৰ বৈশিষ্ট্য।

• على الداعية اجتناب الأهواء في عقيدته ومنهجه وسلوكه.
সত্যৰ আহ্বায়ক সকলে আক্বীদা, ব্যৱহাৰ আৰু আচৰণৰ ক্ষেত্ৰত প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকা উচিত।

• إثبات تفرد الله عز وجل بعلم الغيب وحده لا شريك له، وسعة علمه في ذلك، وأنه لا يفوته شيء ولا يعزب عنه من مخلوقاته شيء إلا وهو مثبت مدوَّن عنده سبحانه بأدق تفاصيله.
এই কথাৰ প্ৰমাণ যে, অদৃশ্যৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। ইয়াত কাৰো অংশীদাৰিত্ব নাই। তেওঁৰ জ্ঞান অসীম। কোনো বস্তু তেওঁৰ জ্ঞানৰ পৰা ওলাই যাব নোৱাৰে। তেওঁৰ ওচৰত সকলো বস্তু সবিস্তাৰে লিপিবদ্ধ আছে।

 
د معناګانو ژباړه آیت: (53) سورت: انعام
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه - د ژباړو فهرست (لړلیک)

د مرکز تفسیر للدراسات القرآنیة لخوا خپور شوی.

بندول