Check out the new design

Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. * - Ishakiro ry'ibisobanuro


Ibisobanuro by'amagambo Umurongo: (109) Isura: Al An’am
وَاَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ لَىِٕنْ جَآءَتْهُمْ اٰیَةٌ لَّیُؤْمِنُنَّ بِهَا ؕ— قُلْ اِنَّمَا الْاٰیٰتُ عِنْدَ اللّٰهِ وَمَا یُشْعِرُكُمْ ۙ— اَنَّهَاۤ اِذَا جَآءَتْ لَا یُؤْمِنُوْنَ ۟
মুশ্বৰিকসকলে আল্লাহৰ যিমান মজবুত শপত খাব পাৰিছিল সেয়া খাই কৈছেঃ মুহাম্মদে যদি সেইবোৰ নিদৰ্শন লৈ আহে, যিবোৰৰ প্ৰস্তাৱ সিহঁতে ৰাখিছে, তেতিয়াহে সিহঁতে তেওঁক মানি লব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, নিদৰ্শনসমূহৰ কৰ্তৃত্ব মোৰ ওচৰত নাই যে, মই অৱতীৰ্ণ কৰিম। সেইবোৰ কেৱলমাত্ৰ আল্লাহৰ ওচৰত। তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে। হে মুমিনসকল! তোমালোকে জানানে, সিহঁতে প্ৰস্তাৱ কৰা নিদৰ্শনসমূহ অৱতীৰ্ণ হলেও সিহঁতে ঈমান পোষণ নকৰিব, বৰং সিহঁত নিজৰ আগৰ অৱস্থাতেই অটল থাকিব, কাৰণ সিহঁতে হিদায়ত নিবিচাৰে।
Ibisobanuro by'icyarabu:
Inyungu dukura muri ayat kuri Uru rupapuro:
• تنزيه الله تعالى عن الظلم الذي ترسِّخُه عقيدة (الجَبْر)، وبيان أن كفر العباد وشركهم أمر يحدث باختيارهم.
আল্লাহ তাআলা অন্যায়ৰ পৰা পৱিত্ৰ, (জাব্ৰীয়াসকলে ইয়াৰ পৰিপন্থী আক্বীদা পোষণ কৰে)। লগতে এই কথাৰ বৰ্ণনা যে, বান্দাই কুফৰ তথা শ্বিৰ্কৰ পথত নিজৰ ইচ্ছা মতে চলে।

• ليس بمقدور نبي من الأنبياء أن يأتي بآية من عند نفسه، أو متى شاء، بل ذلك أمر مردود لله تعالى، فهو القادر وحده على ذلك، وهو الحكيم الذي يُقَدِّر نوع الآية ووقت إظهارها.
যেতিয়াই ইচ্ছা কৰিব তেতিয়াই অথবা নিজৰ ফালৰ পৰা কোনো নিদৰ্শন লৈ অহা কোনো নবীৰে ক্ষমতা নাই। বৰং এইবোৰৰ দায়িত্ব কেৱল আল্লাহৰ হাতত। তেওঁ অকলেই এইবোৰ কৰিবলৈ সক্ষম। তেৱেঁই মহাপ্ৰজ্ঞাৱান, তেৱেঁই নিৰ্ণয় লয় কোনটো নিদৰ্শন অৱতীৰ্ণ কৰিব লাগিব আৰু কেতিয়া অৱতীৰ্ণ কৰিব লাগিব।

• النهي عن سب آلهة المشركين حذرًا من مفسدة أكبر وهي التعدي بالسب على جناب رب العالمين.
মুশ্বৰিকসকলৰ উপাস্যক কটুক্তি কৰিবলৈ নিষেধ কৰা হৈছে, যাতে ইয়াৰ দ্বাৰা ডাঙৰ ফিতনাৰ পৰা ৰক্ষা পোৱা যায়। আৰু সিহঁতে যাতে ক্ৰোধৰ বশৱৰ্তী হৈ বিশ্বজগতৰ ৰব্ব আল্লাহক গালি নিদিয়ে।

• قد يحول الله سبحانه وتعالى بين العبد والهداية، ويُصرِّف بصره وقلبه على غير الطاعة؛ عقوبة له على اختياره الكفر.
কেতিয়াবা কেতিয়াবা আল্লাহে, বান্দা আৰু সত্য পথৰ মাজত প্ৰতিবন্ধ লগাই দিয়ে আৰু তাৰ হৃদয় ও দৃষ্টি অৱজ্ঞাৰ পিনে ঘূৰাই দিয়ে। এয়া দৰাচলতে সেই ব্যক্তিৰ কুফুৰী কৰাৰ শাস্তি।

 
Ibisobanuro by'amagambo Umurongo: (109) Isura: Al An’am
Urutonde rw'amasura numero y'urupapuro
 
Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. - Ishakiro ry'ibisobanuro

Yasohowe n'ikigo Tafsir of Quranic Studies.

Gufunga