Check out the new design

Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. * - Ishakiro ry'ibisobanuro


Ibisobanuro by'amagambo Umurongo: (131) Isura: Al A’araf
فَاِذَا جَآءَتْهُمُ الْحَسَنَةُ قَالُوْا لَنَا هٰذِهٖ ۚ— وَاِنْ تُصِبْهُمْ سَیِّئَةٌ یَّطَّیَّرُوْا بِمُوْسٰی وَمَنْ مَّعَهٗ ؕ— اَلَاۤ اِنَّمَا طٰٓىِٕرُهُمْ عِنْدَ اللّٰهِ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟
যেতয়িা ফিৰআউন সম্প্ৰদায়ে ফলমূল আৰু খাদ্যদ্ৰৱ্য প্ৰচুৰ পৰিমাণে পায় আৰু বস্তুৰ দাম কমি যায়, তেতিয়া সিহঁতে কয় যে, আমাক এইবোৰ এই কাৰণে দিয়া হৈছে যে, আমি ইয়াৰ যোগ্য। আনহাতে খৰাং, দুৰ্ভিক্ষ, অধিক বেমাৰ-আজাৰ আদি বিপদ-আপদ আহিলে মূছা আলাইহিছ ছালামক আৰু তেওঁৰ লগত থকা বনী ইছৰাঈলক অমঙ্গল বুলি কয়। প্ৰকৃততে সিহঁতে যি লাভ কৰে সেয়া আল্লাহৰ নিৰ্ণয়ৰ ফলতে লাভ কৰে। এই ক্ষেত্ৰত সিহঁতৰো কোনো ক্ষমতা নাই আৰু মূছা আলাইহিছ ছালামৰো কোনো অধিকাৰ নাই, কেৱল মূছা আলাইহিছ ছালামৰ দুআৰ বাহিৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এই কথা নাজানে, সেই কাৰণেই সিহঁতে ইয়াক আল্লাহৰ বাহিৰে আনৰ লগত সম্পৃক্ত কৰে।
Ibisobanuro by'icyarabu:
Inyungu dukura muri ayat kuri Uru rupapuro:
• الخير والشر والحسنات والسيئات كلها بقضاء الله وقدره، لا يخرج منها شيء عن ذلك.
কল্যাণ আৰু অকল্যাণ, পূণ্য আৰু পাপ আল্লাহে নিৰ্ধাৰণ কৰা তকদীৰ অনুসাৰে সংঘটিত হয়। ইয়াৰ বহিৰ্ভূত একোৱে নহয়।

• شأن الناس في وقت المحنة والمصائب اللجوء إلى الله بدافع نداء الإيمان الفطري.
বিপদ-আপদ আৰু পৰীক্ষাৰ সময়ত সাধাৰণতে মানুহে অন্তৰত থকা স্বভাৱগত ঈমানৰ আহ্বানৰ ফলত আল্লাহৰ শৰণাপন্ন হয়।

• يحسن بالمؤمن تأمل آيات الله وسننه في الخلق، والتدبر في أسبابها ونتائجها.
মুমিনসকলে আল্লাহৰ নিদৰ্শন আৰু মখলুক সম্পৰ্কীয় তেওঁৰ ৰীতিৰ বিষয়ে চিন্তা-চৰ্চা কৰা উচিত, লগতে ইয়াৰ কাৰণ আৰু পৰিণাম সম্পৰ্কে চিন্তা কৰা উচিত।

• تتلاشى قوة الأفراد والدول أمام قوة الله العظمى، والإيمان بالله هو مصدر كل قوة.
আল্লাহৰ মহা শক্তিৰ সন্মুখত ব্যক্তি তথা প্ৰশাসনৰ শক্তিৰ কোনো মূল্য নাই। আৰু প্ৰত্যেক শক্তিৰ মূল উৎস হৈছে আল্লাহৰ প্ৰতি ঈমান।

• يكافئ الله تعالى عباده المؤمنين الصابرين بأن يمكِّنهم في الأرض بعد استضعافهم.
আল্লাহে তেওঁৰ ধৈৰ্যধাৰণকাৰী মুমিন বান্দাসকলক দুৰ্বলতাৰ পিছত পৃথিৱীত প্ৰভূত্ব প্ৰদান কৰে।

 
Ibisobanuro by'amagambo Umurongo: (131) Isura: Al A’araf
Urutonde rw'amasura numero y'urupapuro
 
Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. - Ishakiro ry'ibisobanuro

Yasohowe n'ikigo Tafsir of Quranic Studies.

Gufunga