Check out the new design

Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. * - Ishakiro ry'ibisobanuro


Ibisobanuro by'amagambo Umurongo: (42) Isura: Al An’fal
اِذْ اَنْتُمْ بِالْعُدْوَةِ الدُّنْیَا وَهُمْ بِالْعُدْوَةِ الْقُصْوٰی وَالرَّكْبُ اَسْفَلَ مِنْكُمْ ؕ— وَلَوْ تَوَاعَدْتُّمْ لَاخْتَلَفْتُمْ فِی الْمِیْعٰدِ ۙ— وَلٰكِنْ لِّیَقْضِیَ اللّٰهُ اَمْرًا كَانَ مَفْعُوْلًا ۙ۬— لِّیَهْلِكَ مَنْ هَلَكَ عَنْ بَیِّنَةٍ وَّیَحْیٰی مَنْ حَیَّ عَنْ بَیِّنَةٍ ؕ— وَاِنَّ اللّٰهَ لَسَمِیْعٌ عَلِیْمٌ ۟ۙ
তথা সেই সময়টোক স্মৰণ কৰা, যেতিয়া তোমালোক উপত্যকাৰ সেইটো স্থানত আছিলা যিটো মদিনাৰ নিকটৱৰ্তী আছিল, আৰু মুশ্বৰিকসকল আছিল সেইটো স্থানত, যিটো মক্কাৰ নিকটৱৰ্তী আছিল। আনহাতে কাফিলা আছিল নিম্নৱৰ্তী স্থানত লুইত সাগৰৰ পাৰত। যদি তোমালোকে আৰু মুশ্বৰিকসকলে আগতীয়াকৈ বদৰৰ ময়দানত যুদ্ধ কৰাৰ নিৰ্ণয় কৰিলাহেঁতেন তেন্তে তোমালোক প্ৰতিশ্ৰুতি ওপৰত প্ৰতিষ্ঠিত থাকিব নোৱাৰিলাহেঁতেন। কিন্তু আল্লাহে দুয়ো দলক পূৰ্বৱৰ্তী কোনো সংকল্প নোহোৱাকৈ বদৰৰ ময়দানত মুখামুখি কৰিলে, যাতে সেই কামটো পূৰ্ণ হয় যিটো পূৰ্ণ নিশ্চিত আছিল। সেই নিশ্চিত কামটো হৈছে, মুমিনসকলক সহায় কৰা আৰু কাফিৰসকলক লাঞ্ছিত কৰা, লগতে ইছলামক সন্মানিত কৰা আৰু শ্বিৰ্কক হীন প্ৰতিপন্ন কৰা। যাতে কাফিৰসকলৰ মাজৰ পৰা নিহত হোৱা লোকসকলে চাব পাৰে যে, সংখ্যাবল আৰু অস্ত্ৰ-হাথিয়াৰ পৰ্য্যাপ্ত পৰিমাণে নথকাৰ পিছতো মুমিনসকলে আল্লাহৰ সহায়ত বিজয়প্ৰাপ্ত হৈছে, আনহাতে যিসকলে জীৱিত থাকিব সিহঁতে যাতে আল্লাহৰ নিদৰ্শন আৰু প্ৰমাণ দেখি জীৱিত থাকে। যাতে কোনেও আল্লাহৰ সন্মুখত ওজৰ-আপত্তি দৰ্শাবলৈ সুযোগ নাপায়। প্ৰকৃততে আল্লাহে সকলোৰে কথা শ্ৰৱণকাৰী, আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দান কৰিব।
Ibisobanuro by'icyarabu:
Inyungu dukura muri ayat kuri Uru rupapuro:
• الغنائم لله يجعلها حيث شاء بالكيفية التي يريد، فليس لأحد شأن في ذلك.
যুদ্ধলব্ধ সম্পদ আল্লাহৰ কৰ্তৃত্বাধীন। তেওঁ যিদৰে বিচাৰে, য’ত বিচাৰে ব্যয় কৰিব পাৰে। তাত বেলেগৰ কোনো অধিকাৰ নাই।

• من أسباب النصر تدبير الله للمؤمنين بما يعينهم على النصر، والصبر والثبات والإكثار من ذكر الله.
বিজয় লাভৰ কেইটামান অন্যতম কাৰণ এই ধৰণৰঃ মুমিনসকলৰ বাবে আল্লাহে এনেকুৱা বস্তুৰ যোগান ধৰা, যিবোৰ তেওঁলোকৰ বিজয় লাভত সহায় কৰিব, যেনেঃ ধৈৰ্য ধাৰণ কৰা, যুদ্ধৰ ময়দানত অটল থকা আৰু আল্লাহক বেছি বেছি স্মৰণ কৰা।

• قضاء الله نافذ وحكمته بالغة وهي الخير لعباد الله وللأمة كلها.
আল্লাহৰ ফয়চালা বলৱৎ হ'বই, এয়া নিশ্চিত। আৰু তেওঁৰ হিকমত অত্যন্ত দুৰদৰ্শী। আৰু তেওঁৰ হিকমত বান্দাৰ বাবে আৰু গোটেই উম্মৰ বাবে কল্যাণকৰ।

 
Ibisobanuro by'amagambo Umurongo: (42) Isura: Al An’fal
Urutonde rw'amasura numero y'urupapuro
 
Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu. - Ishakiro ry'ibisobanuro

Yasohowe n'ikigo Tafsir of Quranic Studies Center.

Gufunga