Check out the new design

Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Assamese - Rafiiqul Islami Habiibu Rahman. * - Ishakiro ry'ibisobanuro

PDF XML CSV Excel API
Please review the Terms and Policies

Ibisobanuro by'amagambo Isura: Al Baqarat   Umurongo:
وَاِذْ نَجَّیْنٰكُمْ مِّنْ اٰلِ فِرْعَوْنَ یَسُوْمُوْنَكُمْ سُوْٓءَ الْعَذَابِ یُذَبِّحُوْنَ اَبْنَآءَكُمْ وَیَسْتَحْیُوْنَ نِسَآءَكُمْ ؕ— وَفِیْ ذٰلِكُمْ بَلَآءٌ مِّنْ رَّبِّكُمْ عَظِیْمٌ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ বংশৰ পৰা ৰক্ষা কৰিছিলোঁ। সিহঁতে তোমালোকক নিৰ্মম শাস্তি বিহিছিল। তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যাসন্তানক জীয়াই ৰাখিছিল, আৰু ইয়াৰ মাজত আছিল তোমালোকৰ বাবে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এক মহাপৰীক্ষা।
Ibisobanuro by'icyarabu:
وَاِذْ فَرَقْنَا بِكُمُ الْبَحْرَ فَاَنْجَیْنٰكُمْ وَاَغْرَقْنَاۤ اٰلَ فِرْعَوْنَ وَاَنْتُمْ تَنْظُرُوْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ বাবে সাগৰক দুভাগ কৰিছিলোঁ আৰু তোমালোকক উদ্ধাৰ কৰিছিলোঁ আৰু তোমালোকৰ চকুৰ সন্মুখতে ফিৰআউনৰ বংশক ডুবাই মাৰিছিলোঁ।
Ibisobanuro by'icyarabu:
وَاِذْ وٰعَدْنَا مُوْسٰۤی اَرْبَعِیْنَ لَیْلَةً ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাৰ সৈতে চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি লৈছিলোঁ, তেওঁ (গুচি যোৱা)ৰ পিছত তোমালোকে দামুৰি এটাক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা, আৰু তোমালোক যালিম হৈ গৈছিলা।
Ibisobanuro by'icyarabu:
ثُمَّ عَفَوْنَا عَنْكُمْ مِّنْ بَعْدِ ذٰلِكَ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
ইয়াৰ পিছতো আমি তোমালোকক ক্ষমা কৰিছিলোঁ যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
Ibisobanuro by'icyarabu:
وَاِذْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَالْفُرْقَانَ لَعَلَّكُمْ تَهْتَدُوْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাক কিতাব আৰু ফুৰকান দান কৰিছিলোঁ যাতে তোমালোকে হিদায়ত লাভ কৰিব পাৰা।
Ibisobanuro by'icyarabu:
وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ اِنَّكُمْ ظَلَمْتُمْ اَنْفُسَكُمْ بِاتِّخَاذِكُمُ الْعِجْلَ فَتُوْبُوْۤا اِلٰی بَارِىِٕكُمْ فَاقْتُلُوْۤا اَنْفُسَكُمْ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ عِنْدَ بَارِىِٕكُمْ ؕ— فَتَابَ عَلَیْكُمْ ؕ— اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ۟
আৰু স্মৰণ কৰা, যেতিয়া মূছাই নিজ সম্প্ৰদায়ক কৈছিল, হে মোৰ জাতি! তোমালোকে দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰি নিজৰ ওপৰত অন্যায় কৰিছা। এতেকে তোমালোকে নিজৰ প্ৰাণ নিজেই বিসৰ্জন দি সৃষ্টিকৰ্তাৰ ওচৰত তাওবা কৰা। এইটোৱেই হৈছে তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তোমালোকৰ বাবে কল্যাণকৰ। তাৰ পিছত তেওঁ তোমালোকক ক্ষমা কৰিছিল। নিশ্চয় তেওঁ ক্ষমাশীল অতি দয়ালু।
Ibisobanuro by'icyarabu:
وَاِذْ قُلْتُمْ یٰمُوْسٰی لَنْ نُّؤْمِنَ لَكَ حَتّٰی نَرَی اللّٰهَ جَهْرَةً فَاَخَذَتْكُمُ الصّٰعِقَةُ وَاَنْتُمْ تَنْظُرُوْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাক বিশ্বাস নকৰোঁ, ফলত তোমালোকে চাই থাকোঁতেই হঠাৎ তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিছিল।
Ibisobanuro by'icyarabu:
ثُمَّ بَعَثْنٰكُمْ مِّنْ بَعْدِ مَوْتِكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
তাৰ পিছত আমি তোমালোকৰ মৃত্যুৰ পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলোঁ যাতে তোমালোকে কৃতজ্ঞ হোৱা।
Ibisobanuro by'icyarabu:
وَظَلَّلْنَا عَلَیْكُمُ الْغَمَامَ وَاَنْزَلْنَا عَلَیْكُمُ الْمَنَّ وَالسَّلْوٰی ؕ— كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ ؕ— وَمَا ظَلَمُوْنَا وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟
আৰু আমি তোমালোকৰ ওপৰত মেঘৰ ছাঁ বিস্তাৰ কৰিছিলোঁ আৰু তোমালোকৰ বাবে অৱতীৰ্ণ কৰিছিলোঁ ‘মান্না’ আৰু ‘ছালৱা’। (কৈছিলোঁ) ‘আমি তোমালোকক দান কৰা পৱিত্ৰ (উত্তম) জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা’। দৰাচলতে সিহঁতে আমাৰ একো অন্যায় কৰিব পৰা নাছিল বৰং সিহঁতে নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
Ibisobanuro by'icyarabu:
 
Ibisobanuro by'amagambo Isura: Al Baqarat
Urutonde rw'amasura numero y'urupapuro
 
Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Assamese - Rafiiqul Islami Habiibu Rahman. - Ishakiro ry'ibisobanuro

Yasobanuwe na Rafiiqul Islami Habiibu Rahman.

Gufunga