Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
وَاِذْ نَجَّیْنٰكُمْ مِّنْ اٰلِ فِرْعَوْنَ یَسُوْمُوْنَكُمْ سُوْٓءَ الْعَذَابِ یُذَبِّحُوْنَ اَبْنَآءَكُمْ وَیَسْتَحْیُوْنَ نِسَآءَكُمْ ؕ— وَفِیْ ذٰلِكُمْ بَلَآءٌ مِّنْ رَّبِّكُمْ عَظِیْمٌ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ বংশৰ পৰা ৰক্ষা কৰিছিলোঁ। সিহঁতে তোমালোকক নিৰ্মম শাস্তি বিহিছিল। তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যাসন্তানক জীয়াই ৰাখিছিল, আৰু ইয়াৰ মাজত আছিল তোমালোকৰ বাবে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এক মহাপৰীক্ষা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ فَرَقْنَا بِكُمُ الْبَحْرَ فَاَنْجَیْنٰكُمْ وَاَغْرَقْنَاۤ اٰلَ فِرْعَوْنَ وَاَنْتُمْ تَنْظُرُوْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ বাবে সাগৰক দুভাগ কৰিছিলোঁ আৰু তোমালোকক উদ্ধাৰ কৰিছিলোঁ আৰু তোমালোকৰ চকুৰ সন্মুখতে ফিৰআউনৰ বংশক ডুবাই মাৰিছিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ وٰعَدْنَا مُوْسٰۤی اَرْبَعِیْنَ لَیْلَةً ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাৰ সৈতে চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি লৈছিলোঁ, তেওঁ (গুচি যোৱা)ৰ পিছত তোমালোকে দামুৰি এটাক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা, আৰু তোমালোক যালিম হৈ গৈছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ عَفَوْنَا عَنْكُمْ مِّنْ بَعْدِ ذٰلِكَ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
ইয়াৰ পিছতো আমি তোমালোকক ক্ষমা কৰিছিলোঁ যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَالْفُرْقَانَ لَعَلَّكُمْ تَهْتَدُوْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাক কিতাব আৰু ফুৰকান দান কৰিছিলোঁ যাতে তোমালোকে হিদায়ত লাভ কৰিব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ اِنَّكُمْ ظَلَمْتُمْ اَنْفُسَكُمْ بِاتِّخَاذِكُمُ الْعِجْلَ فَتُوْبُوْۤا اِلٰی بَارِىِٕكُمْ فَاقْتُلُوْۤا اَنْفُسَكُمْ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ عِنْدَ بَارِىِٕكُمْ ؕ— فَتَابَ عَلَیْكُمْ ؕ— اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ۟
আৰু স্মৰণ কৰা, যেতিয়া মূছাই নিজ সম্প্ৰদায়ক কৈছিল, হে মোৰ জাতি! তোমালোকে দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰি নিজৰ ওপৰত অন্যায় কৰিছা। এতেকে তোমালোকে নিজৰ প্ৰাণ নিজেই বিসৰ্জন দি সৃষ্টিকৰ্তাৰ ওচৰত তাওবা কৰা। এইটোৱেই হৈছে তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তোমালোকৰ বাবে কল্যাণকৰ। তাৰ পিছত তেওঁ তোমালোকক ক্ষমা কৰিছিল। নিশ্চয় তেওঁ ক্ষমাশীল অতি দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ قُلْتُمْ یٰمُوْسٰی لَنْ نُّؤْمِنَ لَكَ حَتّٰی نَرَی اللّٰهَ جَهْرَةً فَاَخَذَتْكُمُ الصّٰعِقَةُ وَاَنْتُمْ تَنْظُرُوْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাক বিশ্বাস নকৰোঁ, ফলত তোমালোকে চাই থাকোঁতেই হঠাৎ তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ بَعَثْنٰكُمْ مِّنْ بَعْدِ مَوْتِكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
তাৰ পিছত আমি তোমালোকৰ মৃত্যুৰ পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলোঁ যাতে তোমালোকে কৃতজ্ঞ হোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
وَظَلَّلْنَا عَلَیْكُمُ الْغَمَامَ وَاَنْزَلْنَا عَلَیْكُمُ الْمَنَّ وَالسَّلْوٰی ؕ— كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ ؕ— وَمَا ظَلَمُوْنَا وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟
আৰু আমি তোমালোকৰ ওপৰত মেঘৰ ছাঁ বিস্তাৰ কৰিছিলোঁ আৰু তোমালোকৰ বাবে অৱতীৰ্ণ কৰিছিলোঁ ‘মান্না’ আৰু ‘ছালৱা’। (কৈছিলোঁ) ‘আমি তোমালোকক দান কৰা পৱিত্ৰ (উত্তম) জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা’। দৰাচলতে সিহঁতে আমাৰ একো অন্যায় কৰিব পৰা নাছিল বৰং সিহঁতে নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት