Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
وَلَمَّا جَآءَهُمْ كِتٰبٌ مِّنْ عِنْدِ اللّٰهِ مُصَدِّقٌ لِّمَا مَعَهُمْ ۙ— وَكَانُوْا مِنْ قَبْلُ یَسْتَفْتِحُوْنَ عَلَی الَّذِیْنَ كَفَرُوْا ۚ— فَلَمَّا جَآءَهُمْ مَّا عَرَفُوْا كَفَرُوْا بِهٖ ؗ— فَلَعْنَةُ اللّٰهِ عَلَی الْكٰفِرِیْنَ ۟
ইপিনে যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ তৰফৰ পৰা এনে এখন কিতাব আহিল যিখনে সিহঁতৰ লগত থকা গ্ৰন্থক সমৰ্থন কৰে, অথচ ইয়াৰ পূৰ্বে সিহঁতে ইয়াৰ সহায় বিচাৰি কাফিৰসকলৰ বিৰুদ্ধে বিজয় প্ৰাৰ্থনা কৰিছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সেয়া আহি পালে যাক সিহঁতে ভালদৰে চিনি পায়, (তথাপিও) অস্বীকাৰ কৰিলে। সেয়ে কাফিৰসকলৰ ওপৰত আল্লাহৰ লা’নত।
የአረብኛ ቁርኣን ማብራሪያ:
بِئْسَمَا اشْتَرَوْا بِهٖۤ اَنْفُسَهُمْ اَنْ یَّكْفُرُوْا بِمَاۤ اَنْزَلَ اللّٰهُ بَغْیًا اَنْ یُّنَزِّلَ اللّٰهُ مِنْ فَضْلِهٖ عَلٰی مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ۚ— فَبَآءُوْ بِغَضَبٍ عَلٰی غَضَبٍ ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ مُّهِیْنٌ ۟
যিটোৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰিছে সেয়া কিমান যে নিকৃষ্ট! সেয়া হৈছে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাৰ লগত কুফৰী কৰিছে, এই জিদৰ বশৱৰ্তী হৈ যে, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ কৰে। সেয়ে সিহঁতে ক্ৰোধৰ ওপৰত ক্ৰোধ অৰ্জন কৰিছে আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا بِمَاۤ اَنْزَلَ اللّٰهُ قَالُوْا نُؤْمِنُ بِمَاۤ اُنْزِلَ عَلَیْنَا وَیَكْفُرُوْنَ بِمَا وَرَآءَهٗ ۗ— وَهُوَ الْحَقُّ مُصَدِّقًا لِّمَا مَعَهُمْ ؕ— قُلْ فَلِمَ تَقْتُلُوْنَ اَنْۢبِیَآءَ اللّٰهِ مِنْ قَبْلُ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা’, তেতিয়া সিহঁতে কয়, ‘আমাৰ প্ৰতি যি নাযিল হৈছে আমি কেৱল তাৰ প্ৰতিহে ঈমান পোষণ কৰোঁ’। অথচ সিহঁতে ইয়াৰ বাহিৰে যি আছে সেই সকলো অস্বীকাৰ কৰে, যদিও সেয়া সত্য আৰু সিহঁতৰ ওচৰত যি আছে তাৰ সমৰ্থনকাৰী। কোৱা, ‘যদি তোমালোকে মুমিন তেন্তে তোমালোকে অতীতত কিয় আল্লাহৰ নবীসকলক হত্যা কৰিছিলা?’
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ جَآءَكُمْ مُّوْسٰی بِالْبَیِّنٰتِ ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ۟
আৰু নিশ্চয় মুছাই তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণসহ আহিছিল, তাৰ পিছতো তোমালোকে তেওঁৰ অনুপস্থিতিত দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা। বাস্তবিকতেই তোমালোক হৈছা যালিম।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ اَخَذْنَا مِیْثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّوْرَ ؕ— خُذُوْا مَاۤ اٰتَیْنٰكُمْ بِقُوَّةٍ وَّاسْمَعُوْا ؕ— قَالُوْا سَمِعْنَا وَعَصَیْنَا ۗ— وَاُشْرِبُوْا فِیْ قُلُوْبِهِمُ الْعِجْلَ بِكُفْرِهِمْ ؕ— قُلْ بِئْسَمَا یَاْمُرُكُمْ بِهٖۤ اِیْمَانُكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ আৰু তুৰ পৰ্বতক তোমালোকৰ ওপৰত উত্তোলন কৰিছিলোঁ, (আৰু কৈছিলোঁ) ‘আমি যি প্ৰদান কৰিলোঁ সেয়া দৃঢ়ভাৱে গ্ৰহণ কৰা আৰু (মনোযোগ সহকাৰে) শুনা’। সিহঁতে কৈছিল, ‘আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ’, আৰু কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিপ্ৰীতি সোমোৱাই দিয়া হৈছিল। কোৱা, ‘যদি তোমালোক মুমিন তেন্তে তোমালোকৰ ঈমানে তোমালোকক যি নিৰ্দেশ দিয়ে সেয়া কিমান যে নিকৃষ্ট!’
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት