Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
مَا نَنْسَخْ مِنْ اٰیَةٍ اَوْ نُنْسِهَا نَاْتِ بِخَیْرٍ مِّنْهَاۤ اَوْ مِثْلِهَا ؕ— اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
আমি কোনো আয়াত ৰহিত কৰিলে বা পাহৰাই দিলে তাতোকৈ উত্তম অথবা তাৰ সমপৰ্যায়ৰ কোনো আয়াত আনি দিওঁ। তুমি নাজানানে যে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟
তুমি নাজানানে যে, আকামণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰেই? (জানি থোৱা) আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ تُرِیْدُوْنَ اَنْ تَسْـَٔلُوْا رَسُوْلَكُمْ كَمَا سُىِٕلَ مُوْسٰی مِنْ قَبْلُ ؕ— وَمَنْ یَّتَبَدَّلِ الْكُفْرَ بِالْاِیْمَانِ فَقَدْ ضَلَّ سَوَآءَ السَّبِیْلِ ۟
তোমালোকে তোমালোকৰ ৰাছুলক এনেকুৱা প্ৰশ্ন কৰিব বিচৰা নেকি যেনেকুৱা প্ৰশ্ন ইয়াৰ পূৰ্বে মূছাক কৰা হৈছিল? আৰু যিয়ে ঈমানক কুফৰীলৈ পৰিবৰ্তন কৰে, নিশ্চিয় সি পোন পথ হেৰুৱায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَدَّ كَثِیْرٌ مِّنْ اَهْلِ الْكِتٰبِ لَوْ یَرُدُّوْنَكُمْ مِّنْ بَعْدِ اِیْمَانِكُمْ كُفَّارًا ۖۚ— حَسَدًا مِّنْ عِنْدِ اَنْفُسِهِمْ مِّنْ بَعْدِ مَا تَبَیَّنَ لَهُمُ الْحَقُّ ۚ— فَاعْفُوْا وَاصْفَحُوْا حَتّٰی یَاْتِیَ اللّٰهُ بِاَمْرِهٖ ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
কিতাবীসকলৰ বহুতেই বিচাৰে, যদি সিহঁতে তোমালোকক তোমালোকৰ ঈমান পোষণ কৰাৰ পিছত কাফিৰৰূপে ওভতাই নিব পাৰিলেহেঁতেন! সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতৰ নিজৰ ফালৰ পৰা বিদ্বেষবশতঃ (সিহঁতে এইটো কৰি থাকে)। এতেকে তোমালোকে ক্ষমা কৰা আৰু উপেক্ষা কৰা আল্লাহে তেওঁৰ কোনো নিৰ্দেশনা নিদিয়ালৈকে--- নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ ؕ— وَمَا تُقَدِّمُوْا لِاَنْفُسِكُمْ مِّنْ خَیْرٍ تَجِدُوْهُ عِنْدَ اللّٰهِ ؕ— اِنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা আৰু যিখিনি নেক আমল তোমালোকে নিজৰ বাবে আগলৈ প্ৰেৰণ কৰিবা, সেইটো তোমালোকে আল্লাহৰ ওচৰত নিশ্চয় পাবা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالُوْا لَنْ یَّدْخُلَ الْجَنَّةَ اِلَّا مَنْ كَانَ هُوْدًا اَوْ نَصٰرٰی ؕ— تِلْكَ اَمَانِیُّهُمْ ؕ— قُلْ هَاتُوْا بُرْهَانَكُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আৰু সিহঁতে কয়, ‘ইয়াহূদী অথবা নাছাৰাৰ বাহিৰে আন কোনেও কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব’। এইটো সিহঁতৰ মিছা আশা মাথোন। কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেনেহ’লে প্ৰমাণ লৈ আহা’।
የአረብኛ ቁርኣን ማብራሪያ:
بَلٰی ۗ— مَنْ اَسْلَمَ وَجْهَهٗ لِلّٰهِ وَهُوَ مُحْسِنٌ فَلَهٗۤ اَجْرُهٗ عِنْدَ رَبِّهٖ ۪— وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟۠
হয়, যিয়ে আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে আৰু সৎকৰ্মশীল হয় তাৰ প্ৰতিদান তাৰ প্ৰতিপালকৰ ওচৰত আছে; আৰু তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት