Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
قُلْ اِنْ كَانَتْ لَكُمُ الدَّارُ الْاٰخِرَةُ عِنْدَ اللّٰهِ خَالِصَةً مِّنْ دُوْنِ النَّاسِ فَتَمَنَّوُا الْمَوْتَ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
কোৱা, ‘যদি অন্যান্য মানুহৰ বাহিৰে আল্লাহৰ ওচৰত যদি আখিৰাতৰ বাসস্থান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট তেন্তে তোমালোকে মৃত্যু কামনা কৰা, যদি তোমালোকে সত্যবাদী হোৱা’।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَنْ یَّتَمَنَّوْهُ اَبَدًا بِمَا قَدَّمَتْ اَیْدِیْهِمْ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ۟
কিন্তু সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কেতিয়াও এয়া কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক জ্ঞানী।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَتَجِدَنَّهُمْ اَحْرَصَ النَّاسِ عَلٰی حَیٰوةٍ ۛۚ— وَمِنَ الَّذِیْنَ اَشْرَكُوْا ۛۚ— یَوَدُّ اَحَدُهُمْ لَوْ یُعَمَّرُ اَلْفَ سَنَةٍ ۚ— وَمَا هُوَ بِمُزَحْزِحِهٖ مِنَ الْعَذَابِ اَنْ یُّعَمَّرَ ؕ— وَاللّٰهُ بَصِیْرٌ بِمَا یَعْمَلُوْنَ ۟۠
আৰু তুমি নিশ্চয় সিহঁতক জীৱনৰ প্ৰতি আন আন লোকতকৈ বেছি লোভী দেখিবলৈ পাবা, আনকি মুশ্বৰিকসকলতকৈও বেছি। সিহঁতৰ প্ৰত্যেকেই আশা কৰে যদি হাজাৰ বছৰ আয়ু দিয়া হ’লহেঁতেন; অথচ দীৰ্ঘায়ুয়ে তাক শাস্তিৰ পৰা নিষ্কৃতি দিব নোৱাৰিব। সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ مَنْ كَانَ عَدُوًّا لِّجِبْرِیْلَ فَاِنَّهٗ نَزَّلَهٗ عَلٰی قَلْبِكَ بِاِذْنِ اللّٰهِ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ وَهُدًی وَّبُشْرٰی لِلْمُؤْمِنِیْنَ ۟
কোৱা, ‘যিয়ে জিব্ৰীলৰ প্ৰতি শত্ৰুতা পোষণ কৰিব, এইকাৰণে যে, তেওঁ আল্লাহৰ অনুমতিক্ৰমে তোমাৰ হৃদয়ত কোৰআন অৱতীৰ্ণ কৰিছে, যিখন পূৰ্বৱৰ্তী গ্ৰন্থৰো সমৰ্থনকাৰী আৰু যিখন মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু শুভ সংবাদ।
የአረብኛ ቁርኣን ማብራሪያ:
مَنْ كَانَ عَدُوًّا لِّلّٰهِ وَمَلٰٓىِٕكَتِهٖ وَرُسُلِهٖ وَجِبْرِیْلَ وَمِیْكٰىلَ فَاِنَّ اللّٰهَ عَدُوٌّ لِّلْكٰفِرِیْنَ ۟
আল্লাহ, তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ ৰাছুলসকল, জিব্ৰীল আৰু মীকাইলৰ সৈতে যিয়ে শত্ৰুতা পোষণ কৰিব, তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ কাফিৰসকলৰ শত্ৰু’।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ اَنْزَلْنَاۤ اِلَیْكَ اٰیٰتٍۢ بَیِّنٰتٍ ۚ— وَمَا یَكْفُرُ بِهَاۤ اِلَّا الْفٰسِقُوْنَ ۟
আৰু নিশ্চয় আমি তোমাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ, ফাছিকসকলৰ বাহিৰে আন কোনোৱেই ইয়াক অস্বীকাৰ নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اَوَكُلَّمَا عٰهَدُوْا عَهْدًا نَّبَذَهٗ فَرِیْقٌ مِّنْهُمْ ؕ— بَلْ اَكْثَرُهُمْ لَا یُؤْمِنُوْنَ ۟
এয়া সঁচা নহয় জানো, যেতিয়াই সিহঁতে কোনো অংগীকাৰ কৰিছে তেতিয়াই সিহঁতৰ কোনো এটা দলে ইয়াক দলিয়াই দিছে? বৰং সিহঁতৰ অধিকাংশই বিশ্বাস নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَمَّا جَآءَهُمْ رَسُوْلٌ مِّنْ عِنْدِ اللّٰهِ مُصَدِّقٌ لِّمَا مَعَهُمْ نَبَذَ فَرِیْقٌ مِّنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ ۙۗ— كِتٰبَ اللّٰهِ وَرَآءَ ظُهُوْرِهِمْ كَاَنَّهُمْ لَا یَعْلَمُوْنَ ۟ؗ
আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ এজন ৰাছুল আহিল, সিহঁতৰ ওচৰত যি আছে তাক সমৰ্থনকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት