Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
وَاِذْ قَالَ رَبُّكَ لِلْمَلٰٓىِٕكَةِ اِنِّیْ جَاعِلٌ فِی الْاَرْضِ خَلِیْفَةً ؕ— قَالُوْۤا اَتَجْعَلُ فِیْهَا مَنْ یُّفْسِدُ فِیْهَا وَیَسْفِكُ الدِّمَآءَ ۚ— وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ ؕ— قَالَ اِنِّیْۤ اَعْلَمُ مَا لَا تَعْلَمُوْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা[1] সৃষ্টি কৰিবলৈ থিৰ কৰিছোঁ। তেওঁলোকে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব? আৰু আমিতো তোমাৰ হাম্দ সহকাৰে তছবীহ পাঠ কৰোৱেঁই লগতে তোমাৰ পৱিত্ৰতাও ঘোষণা কৰো। তেওঁ ক’লে, নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা।
[1] খলিফা- প্ৰতিনিধি
የአረብኛ ቁርኣን ማብራሪያ:
وَعَلَّمَ اٰدَمَ الْاَسْمَآءَ كُلَّهَا ثُمَّ عَرَضَهُمْ عَلَی الْمَلٰٓىِٕكَةِ فَقَالَ اَنْۢبِـُٔوْنِیْ بِاَسْمَآءِ هٰۤؤُلَآءِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আৰু তেওঁ আদমক যাৱতীয় নামৰ শিক্ষা দিলে, তাৰ পিছত সেইবোৰ ফিৰিস্তাসকলৰ আগত উপস্থাপন কৰি ক’লে, যদি তোমালোকে সত্যবাদী তেন্তে মোক এইবোৰৰ নাম কোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا سُبْحٰنَكَ لَا عِلْمَ لَنَاۤ اِلَّا مَا عَلَّمْتَنَا ؕ— اِنَّكَ اَنْتَ الْعَلِیْمُ الْحَكِیْمُ ۟
তেওঁলোকে ক’লে, তুমি পৱিত্ৰ। তুমি আমাক যি শিক্ষা দিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ প্ৰজ্ঞাময়।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ یٰۤاٰدَمُ اَنْۢبِئْهُمْ بِاَسْمَآىِٕهِمْ ۚ— فَلَمَّاۤ اَنْۢبَاَهُمْ بِاَسْمَآىِٕهِمْ ۙ— قَالَ اَلَمْ اَقُلْ لَّكُمْ اِنِّیْۤ اَعْلَمُ غَیْبَ السَّمٰوٰتِ وَالْاَرْضِ ۙ— وَاَعْلَمُ مَا تُبْدُوْنَ وَمَا كُنْتُمْ تَكْتُمُوْنَ ۟
তেওঁ ক’লে, ‘হে আদম, এইবোৰৰ নাম তুমি সিহঁতক জনাই দিয়া’। তাৰ পিছত যেতিয়া তেওঁ (আদমে) এইবোৰৰ নাম জনাই দিলে, তেতিয়া তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গায়েব (অদৃশ্য) সম্পৰ্কে জানো? মই সেইবোৰো জানো যিবোৰ তোমালোকে প্ৰকাশ কৰা আৰু যিবোৰ তোমালোকে গোপন কৰা’।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ— اَبٰی وَاسْتَكْبَرَ وَكَانَ مِنَ الْكٰفِرِیْنَ ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁ, তোমালোকে আদমক ছাজদা কৰা। তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে। আৰু সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হ’ল।
የአረብኛ ቁርኣን ማብራሪያ:
وَقُلْنَا یٰۤاٰدَمُ اسْكُنْ اَنْتَ وَزَوْجُكَ الْجَنَّةَ وَكُلَا مِنْهَا رَغَدًا حَیْثُ شِئْتُمَا ۪— وَلَا تَقْرَبَا هٰذِهِ الشَّجَرَةَ فَتَكُوْنَا مِنَ الظّٰلِمِیْنَ ۟
আৰু আমি ক’লোঁ, হে আদম, তুমি আৰু তোমাৰ স্ত্ৰীয়ে জান্নাতত বসবাস কৰা আৰু য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে আহাৰ গ্ৰহণ কৰা, কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, অন্যথা তোমালোক যালিমসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَزَلَّهُمَا الشَّیْطٰنُ عَنْهَا فَاَخْرَجَهُمَا مِمَّا كَانَا فِیْهِ ۪— وَقُلْنَا اهْبِطُوْا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۚ— وَلَكُمْ فِی الْاَرْضِ مُسْتَقَرٌّ وَّمَتَاعٌ اِلٰی حِیْنٍ ۟
অৱশেষত চয়তানে তাৰ পৰা তেওঁলোকক পদস্খলিত কৰিলে আৰু তেওঁলোক য’ত আছিল তাৰ পৰা তেওঁলোকক বহিস্কৃত কৰালে, আৰু আমি ক’লোঁ, ‘তোমালোকে নামি যোৱা; তোমালোকে ইজনে সিজনৰ শত্ৰু; আৰু তোমালোকৰ বাবে পৃথিৱীত আছে নিৰ্দিষ্টি সময়লৈকে আবাস আৰু ভোগ-উপভোগৰ উপকৰণ’।
የአረብኛ ቁርኣን ማብራሪያ:
فَتَلَقّٰۤی اٰدَمُ مِنْ رَّبِّهٖ كَلِمٰتٍ فَتَابَ عَلَیْهِ ؕ— اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ۟
তাৰ পিছত আদমে তেওঁৰ প্ৰতিপালকৰ পৰা কিছুমান বাক্য শিকি ল’লে; ফলত আল্লাহে তেওঁৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ তাওবা কবুলকাৰী অতি দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት