Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
اِنَّ الَّذِیْنَ كَفَرُوْا سَوَآءٌ عَلَیْهِمْ ءَاَنْذَرْتَهُمْ اَمْ لَمْ تُنْذِرْهُمْ لَا یُؤْمِنُوْنَ ۟
নিশ্চয় যিসকলে কুফৰী কৰিছে, তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একেই কথা, সিহঁতে ঈমান পোষণ নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
خَتَمَ اللّٰهُ عَلٰی قُلُوْبِهِمْ وَعَلٰی سَمْعِهِمْ ؕ— وَعَلٰۤی اَبْصَارِهِمْ غِشَاوَةٌ ؗ— وَّلَهُمْ عَذَابٌ عَظِیْمٌ ۟۠
আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণশক্তিৰ ওপৰত মোহৰ মাৰি দিছে আৰু সিহঁতৰ দৃষ্টিৰ ওপৰত আছে আৱৰণ। লগতে সিহঁতৰ বাবে আছে মহাশাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنَ النَّاسِ مَنْ یَّقُوْلُ اٰمَنَّا بِاللّٰهِ وَبِالْیَوْمِ الْاٰخِرِ وَمَا هُمْ بِمُؤْمِنِیْنَ ۟ۘ
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছোঁ’, অথচ সিহঁত মুমিন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
یُخٰدِعُوْنَ اللّٰهَ وَالَّذِیْنَ اٰمَنُوْا ۚ— وَمَا یَخْدَعُوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ۟ؕ
সিহঁতে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰিব বিচাৰে, প্ৰকৃততে সিহঁত নিজেই নিজকে প্ৰতাৰিত কৰি আছে, অথচ সিহঁতে সেয়া অনুধাৱন কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْ قُلُوْبِهِمْ مَّرَضٌ ۙ— فَزَادَهُمُ اللّٰهُ مَرَضًا ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۙ۬۟ — بِمَا كَانُوْا یَكْذِبُوْنَ ۟
সিহঁতৰ অন্তৰসমূহত আছে ব্যাধি। এতেকে আল্লাহে সিহঁতৰ ব্যাধি আৰু বৃদ্ধি কৰি দিছে, আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি, কাৰণ সিহঁত মিছলীয়া।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا قِیْلَ لَهُمْ لَا تُفْسِدُوْا فِی الْاَرْضِ ۙ— قَالُوْۤا اِنَّمَا نَحْنُ مُصْلِحُوْنَ ۟
আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে পৃথিৱীত ফাছাদ (বিপৰ্যয়) সৃষ্টি নকৰিবা', সিহঁতে কয়, 'আমি কেৱল সংশোধনকাৰীহে'।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَاۤ اِنَّهُمْ هُمُ الْمُفْسِدُوْنَ وَلٰكِنْ لَّا یَشْعُرُوْنَ ۟
সাৱধান! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে সেয়া অনুধাৱন নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا كَمَاۤ اٰمَنَ النَّاسُ قَالُوْۤا اَنُؤْمِنُ كَمَاۤ اٰمَنَ السُّفَهَآءُ ؕ— اَلَاۤ اِنَّهُمْ هُمُ السُّفَهَآءُ وَلٰكِنْ لَّا یَعْلَمُوْنَ ۟
আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে ঈমান পোষণ কৰা, যেনেকৈ লোকসকলে ঈমান পোষণ কৰিছে', সিহঁতে কয়, 'আমিও তেনেকৈ ঈমান আনিম নেকি যেনেকৈ নিৰ্বোধ লোকসকলে ঈমান আনিছে'? সাৱধান! নিশ্চয় সিহঁতেই নিৰ্বোধ, কিন্তু সিহঁতে নাজানে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا لَقُوا الَّذِیْنَ اٰمَنُوْا قَالُوْۤا اٰمَنَّا ۖۚ— وَاِذَا خَلَوْا اِلٰی شَیٰطِیْنِهِمْ ۙ— قَالُوْۤا اِنَّا مَعَكُمْ ۙ— اِنَّمَا نَحْنُ مُسْتَهْزِءُوْنَ ۟
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে, তেতিয়া সিহঁতে কয়, ‘আমি ঈমান আনিছোঁ’, আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ চয়তানসকলৰ লগত একত্ৰিত হয়, তেতিয়া কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছোঁ’। আমি কেৱল উপহাসহে কৰোঁ'।
የአረብኛ ቁርኣን ማብራሪያ:
اَللّٰهُ یَسْتَهْزِئُ بِهِمْ وَیَمُدُّهُمْ فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟
আল্লাহেও সিহঁতৰ সৈতে উপহাসহে কৰে আৰু সিহঁতক সিহঁতৰ অবাধ্যতাৰ মাজত বিভ্ৰান্তৰ দৰে ঘূৰি ফুৰাৰ অৱকাশ দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
اُولٰٓىِٕكَ الَّذِیْنَ اشْتَرَوُا الضَّلٰلَةَ بِالْهُدٰی ۪— فَمَا رَبِحَتْ تِّجَارَتُهُمْ وَمَا كَانُوْا مُهْتَدِیْنَ ۟
ইহঁতেই সেইসকল লোক, যিসকলে হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা কিনি লৈছে। কিন্তু সিহঁতৰ ব্যৱসায় লাভজনক হোৱা নাই, আৰু সিহঁত হিদায়ত প্ৰাপ্তও নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት