Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அசாம் மொழிபெயர்ப்பு - ரபீக் அல்-இஸ்லாம் ஹபீபூர்-ரஹ்மான் * - மொழிபெயர்ப்பு அட்டவணை

PDF XML CSV Excel API
Please review the Terms and Policies

மொழிபெயர்ப்பு அத்தியாயம்: அல்பகரா   வசனம்:
اِنَّ الَّذِیْنَ كَفَرُوْا سَوَآءٌ عَلَیْهِمْ ءَاَنْذَرْتَهُمْ اَمْ لَمْ تُنْذِرْهُمْ لَا یُؤْمِنُوْنَ ۟
নিশ্চয় যিসকলে কুফৰী কৰিছে, তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একেই কথা, সিহঁতে ঈমান পোষণ নকৰিব।
அரபு விரிவுரைகள்:
خَتَمَ اللّٰهُ عَلٰی قُلُوْبِهِمْ وَعَلٰی سَمْعِهِمْ ؕ— وَعَلٰۤی اَبْصَارِهِمْ غِشَاوَةٌ ؗ— وَّلَهُمْ عَذَابٌ عَظِیْمٌ ۟۠
আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণশক্তিৰ ওপৰত মোহৰ মাৰি দিছে আৰু সিহঁতৰ দৃষ্টিৰ ওপৰত আছে আৱৰণ। লগতে সিহঁতৰ বাবে আছে মহাশাস্তি।
அரபு விரிவுரைகள்:
وَمِنَ النَّاسِ مَنْ یَّقُوْلُ اٰمَنَّا بِاللّٰهِ وَبِالْیَوْمِ الْاٰخِرِ وَمَا هُمْ بِمُؤْمِنِیْنَ ۟ۘ
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছোঁ’, অথচ সিহঁত মুমিন নহয়।
அரபு விரிவுரைகள்:
یُخٰدِعُوْنَ اللّٰهَ وَالَّذِیْنَ اٰمَنُوْا ۚ— وَمَا یَخْدَعُوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ۟ؕ
সিহঁতে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰিব বিচাৰে, প্ৰকৃততে সিহঁত নিজেই নিজকে প্ৰতাৰিত কৰি আছে, অথচ সিহঁতে সেয়া অনুধাৱন কৰিব নোৱাৰে।
அரபு விரிவுரைகள்:
فِیْ قُلُوْبِهِمْ مَّرَضٌ ۙ— فَزَادَهُمُ اللّٰهُ مَرَضًا ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۙ۬۟ — بِمَا كَانُوْا یَكْذِبُوْنَ ۟
সিহঁতৰ অন্তৰসমূহত আছে ব্যাধি। এতেকে আল্লাহে সিহঁতৰ ব্যাধি আৰু বৃদ্ধি কৰি দিছে, আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি, কাৰণ সিহঁত মিছলীয়া।
அரபு விரிவுரைகள்:
وَاِذَا قِیْلَ لَهُمْ لَا تُفْسِدُوْا فِی الْاَرْضِ ۙ— قَالُوْۤا اِنَّمَا نَحْنُ مُصْلِحُوْنَ ۟
আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে পৃথিৱীত ফাছাদ (বিপৰ্যয়) সৃষ্টি নকৰিবা', সিহঁতে কয়, 'আমি কেৱল সংশোধনকাৰীহে'।
அரபு விரிவுரைகள்:
اَلَاۤ اِنَّهُمْ هُمُ الْمُفْسِدُوْنَ وَلٰكِنْ لَّا یَشْعُرُوْنَ ۟
সাৱধান! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে সেয়া অনুধাৱন নকৰে।
அரபு விரிவுரைகள்:
وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا كَمَاۤ اٰمَنَ النَّاسُ قَالُوْۤا اَنُؤْمِنُ كَمَاۤ اٰمَنَ السُّفَهَآءُ ؕ— اَلَاۤ اِنَّهُمْ هُمُ السُّفَهَآءُ وَلٰكِنْ لَّا یَعْلَمُوْنَ ۟
আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে ঈমান পোষণ কৰা, যেনেকৈ লোকসকলে ঈমান পোষণ কৰিছে', সিহঁতে কয়, 'আমিও তেনেকৈ ঈমান আনিম নেকি যেনেকৈ নিৰ্বোধ লোকসকলে ঈমান আনিছে'? সাৱধান! নিশ্চয় সিহঁতেই নিৰ্বোধ, কিন্তু সিহঁতে নাজানে।
அரபு விரிவுரைகள்:
وَاِذَا لَقُوا الَّذِیْنَ اٰمَنُوْا قَالُوْۤا اٰمَنَّا ۖۚ— وَاِذَا خَلَوْا اِلٰی شَیٰطِیْنِهِمْ ۙ— قَالُوْۤا اِنَّا مَعَكُمْ ۙ— اِنَّمَا نَحْنُ مُسْتَهْزِءُوْنَ ۟
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে, তেতিয়া সিহঁতে কয়, ‘আমি ঈমান আনিছোঁ’, আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ চয়তানসকলৰ লগত একত্ৰিত হয়, তেতিয়া কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছোঁ’। আমি কেৱল উপহাসহে কৰোঁ'।
அரபு விரிவுரைகள்:
اَللّٰهُ یَسْتَهْزِئُ بِهِمْ وَیَمُدُّهُمْ فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟
আল্লাহেও সিহঁতৰ সৈতে উপহাসহে কৰে আৰু সিহঁতক সিহঁতৰ অবাধ্যতাৰ মাজত বিভ্ৰান্তৰ দৰে ঘূৰি ফুৰাৰ অৱকাশ দিয়ে।
அரபு விரிவுரைகள்:
اُولٰٓىِٕكَ الَّذِیْنَ اشْتَرَوُا الضَّلٰلَةَ بِالْهُدٰی ۪— فَمَا رَبِحَتْ تِّجَارَتُهُمْ وَمَا كَانُوْا مُهْتَدِیْنَ ۟
ইহঁতেই সেইসকল লোক, যিসকলে হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা কিনি লৈছে। কিন্তু সিহঁতৰ ব্যৱসায় লাভজনক হোৱা নাই, আৰু সিহঁত হিদায়ত প্ৰাপ্তও নহয়।
அரபு விரிவுரைகள்:
 
மொழிபெயர்ப்பு அத்தியாயம்: அல்பகரா
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அசாம் மொழிபெயர்ப்பு - ரபீக் அல்-இஸ்லாம் ஹபீபூர்-ரஹ்மான் - மொழிபெயர்ப்பு அட்டவணை

ரபீகுல் இஸ்லாம் ஹபீபுர் ரஹ்மான் மொழிபெயர்த்தது.

மூடுக