Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَعْرِفُوْنَهٗ كَمَا یَعْرِفُوْنَ اَبْنَآءَهُمْ ؕ— وَاِنَّ فَرِیْقًا مِّنْهُمْ لَیَكْتُمُوْنَ الْحَقَّ وَهُمْ یَعْلَمُوْنَ ۟ؔ
আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ, সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজৰ সন্তানক চিনি পায়; আৰু নিশ্চয় সিহঁতৰ এটা দলে জানি বুজি সত্য গোপন কৰি থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
اَلْحَقُّ مِنْ رَّبِّكَ فَلَا تَكُوْنَنَّ مِنَ الْمُمْتَرِیْنَ ۟۠
সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
የአረብኛ ቁርኣን ማብራሪያ:
وَلِكُلٍّ وِّجْهَةٌ هُوَ مُوَلِّیْهَا فَاسْتَبِقُوْا الْخَیْرٰتِ ؔؕ— اَیْنَ مَا تَكُوْنُوْا یَاْتِ بِكُمُ اللّٰهُ جَمِیْعًا ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
আৰু প্ৰত্যেকৰে একোটাকৈ (নিৰ্দিষ্ট) দিশ আছে, সেই ফালেই সি মুখ কৰে, এতেকে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। তোমালোকে য’তেই নাথাকা কিয় আল্লাহে তোমালোক সকলোকে সমবেত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنْ حَیْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ— وَاِنَّهٗ لَلْحَقُّ مِنْ رَّبِّكَ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟
আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, তুমি মছজিদুল হাৰামৰ ফালে মুখ কৰিবা; নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ পৰা পঠোৱা সত্য; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنْ حَیْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ— وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ۙ— لِئَلَّا یَكُوْنَ لِلنَّاسِ عَلَیْكُمْ حُجَّةٌ ۗ— اِلَّا الَّذِیْنَ ظَلَمُوْا مِنْهُمْ ۗ— فَلَا تَخْشَوْهُمْ وَاخْشَوْنِیْ ۗ— وَلِاُتِمَّ نِعْمَتِیْ عَلَیْكُمْ وَلَعَلَّكُمْ تَهْتَدُوْنَ ۟ۙۛ
আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, মছজিদুল হাৰামৰ ফালে তোমাৰ মুখ ঘূৰাই লোৱা, আৰু তোমালোকেও য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকে মুখ কৰিবা, যাতে তোমালোকৰ বিপক্ষে মানুহৰ বাবে বিতৰ্ক কৰাৰ কোনো অৱকাশ নাথাকে; কিন্তু সিহঁতৰ মাজত থকা যালিমসকলৰ বাহিৰে। গতিকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰাঁ; এই কাৰণে যে, যাতে আমি তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ পৰিপূৰ্ণ কৰিব পাৰোঁ আৰু যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
كَمَاۤ اَرْسَلْنَا فِیْكُمْ رَسُوْلًا مِّنْكُمْ یَتْلُوْا عَلَیْكُمْ اٰیٰتِنَا وَیُزَكِّیْكُمْ وَیُعَلِّمُكُمُ الْكِتٰبَ وَالْحِكْمَةَ وَیُعَلِّمُكُمْ مَّا لَمْ تَكُوْنُوْا تَعْلَمُوْنَ ۟ؕۛ
যেনেকৈ আমি তোমালোকৰ মাজৰ পৰা তোমালোকৰ ওচৰতেই এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যিজনে তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে, আৰু তোমালোকক পৰিশুদ্ধ কৰে তথা তোমালোকক কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, এনে শিক্ষা দিয়ে যিটো তোমালোকে জনা নাছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
فَاذْكُرُوْنِیْۤ اَذْكُرْكُمْ وَاشْكُرُوْا لِیْ وَلَا تَكْفُرُوْنِ ۟۠
এতেকে, তোমালোকে মোকেই স্মৰণ কৰা, ময়ো তোমালোকক স্মৰণ কৰিম; আৰু তোমালোকে মোৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু অকৃতজ্ঞ নহ’বা।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اسْتَعِیْنُوْا بِالصَّبْرِ وَالصَّلٰوةِ ؕ— اِنَّ اللّٰهَ مَعَ الصّٰبِرِیْنَ ۟
হে ঈমান্দাৰসকল! তোমালোকে ধৈৰ্য্য আৰু ছালাতৰ মাধ্যমত সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት