Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
مَثَلُهُمْ كَمَثَلِ الَّذِی اسْتَوْقَدَ نَارًا ۚ— فَلَمَّاۤ اَضَآءَتْ مَا حَوْلَهٗ ذَهَبَ اللّٰهُ بِنُوْرِهِمْ وَتَرَكَهُمْ فِیْ ظُلُمٰتٍ لَّا یُبْصِرُوْنَ ۟
সিহঁতৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে জুই জ্বলালে। তাৰপিছত যেতিয়া সেই জুয়ে তাৰ চাৰিওফালে আলোকিত কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ জ্যোতি অপসাৰণ কৰি ল’লে আৰু সিহঁতক এনেকুৱা অন্ধকাৰত এৰি দিলে যে, সিহঁত দেখিবলৈ নোপোৱা হ’ল।
የአረብኛ ቁርኣን ማብራሪያ:
صُمٌّۢ بُكْمٌ عُمْیٌ فَهُمْ لَا یَرْجِعُوْنَ ۟ۙ
সিহঁত কলা, বোবা, অন্ধ। সেয়ে সিহঁত আৰু উভতি নাহিব।
የአረብኛ ቁርኣን ማብራሪያ:
اَوْ كَصَیِّبٍ مِّنَ السَّمَآءِ فِیْهِ ظُلُمٰتٌ وَّرَعْدٌ وَّبَرْقٌ ۚ— یَجْعَلُوْنَ اَصَابِعَهُمْ فِیْۤ اٰذَانِهِمْ مِّنَ الصَّوَاعِقِ حَذَرَ الْمَوْتِ ؕ— وَاللّٰهُ مُحِیْطٌ بِالْكٰفِرِیْنَ ۟
অথবা (সিহঁতৰ উদাহৰণ) ধাৰাসাৰ বৰষুণৰ দৰে, য'ত আছে ঘোৰ অন্ধকাৰ, বজ্ৰধ্বনি আৰু বিদ্যুতৰ চমক। সিহঁতে বজ্ৰধ্বনিৰ সময়ত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে, আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
یَكَادُ الْبَرْقُ یَخْطَفُ اَبْصَارَهُمْ ؕ— كُلَّمَاۤ اَضَآءَ لَهُمْ مَّشَوْا فِیْهِ ۙۗ— وَاِذَاۤ اَظْلَمَ عَلَیْهِمْ قَامُوْا ؕ— وَلَوْ شَآءَ اللّٰهُ لَذَهَبَ بِسَمْعِهِمْ وَاَبْصَارِهِمْ ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠
এনে লাগে যেন বিজুলীৰ চমকনিয়ে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি নিবহি। যেতিয়াই অলপ সিহঁতৰ বাবে পোহৰ হয় তেতিয়াই সিহঁত আগবাঢ়ি যায় আৰু যেতিয়াই অন্ধকাৰ হয় তেতিয়াই সিহঁত থমকি ৰয়। আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰিব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا النَّاسُ اعْبُدُوْا رَبَّكُمُ الَّذِیْ خَلَقَكُمْ وَالَّذِیْنَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُوْنَ ۟ۙ
হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ فِرَاشًا وَّالسَّمَآءَ بِنَآءً ۪— وَّاَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَخْرَجَ بِهٖ مِنَ الثَّمَرٰتِ رِزْقًا لَّكُمْ ۚ— فَلَا تَجْعَلُوْا لِلّٰهِ اَنْدَادًا وَّاَنْتُمْ تَعْلَمُوْنَ ۟
যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চালস্বৰূপ, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ كُنْتُمْ فِیْ رَیْبٍ مِّمَّا نَزَّلْنَا عَلٰی عَبْدِنَا فَاْتُوْا بِسُوْرَةٍ مِّنْ مِّثْلِهٖ ۪— وَادْعُوْا شُهَدَآءَكُمْ مِّنْ دُوْنِ اللّٰهِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা, যদিহে তোমালোকে সত্যবাদী হোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِنْ لَّمْ تَفْعَلُوْا وَلَنْ تَفْعَلُوْا فَاتَّقُوا النَّارَ الَّتِیْ وَقُوْدُهَا النَّاسُ وَالْحِجَارَةُ ۖۚ— اُعِدَّتْ لِلْكٰفِرِیْنَ ۟
এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት