Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
سَیَقُوْلُ السُّفَهَآءُ مِنَ النَّاسِ مَا وَلّٰىهُمْ عَنْ قِبْلَتِهِمُ الَّتِیْ كَانُوْا عَلَیْهَا ؕ— قُلْ لِّلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ؕ— یَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
মানুহৰ মাজৰ নিৰ্বোধসকলে অনতিপলমে ক’ব যে, ‘ইমান দিনে সিহঁতে যি কিবলাৰ অনুসৰণ কৰি আহিছিল তাৰ পৰা সিহঁতক কিহে বিমুখ কৰালে? কোৱা, ‘পূৱ আৰু পশ্চিম আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে সৰল পথৰ হিদায়ত প্ৰদান কৰে’।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذٰلِكَ جَعَلْنٰكُمْ اُمَّةً وَّسَطًا لِّتَكُوْنُوْا شُهَدَآءَ عَلَی النَّاسِ وَیَكُوْنَ الرَّسُوْلُ عَلَیْكُمْ شَهِیْدًا ؕ— وَمَا جَعَلْنَا الْقِبْلَةَ الَّتِیْ كُنْتَ عَلَیْهَاۤ اِلَّا لِنَعْلَمَ مَنْ یَّتَّبِعُ الرَّسُوْلَ مِمَّنْ یَّنْقَلِبُ عَلٰی عَقِبَیْهِ ؕ— وَاِنْ كَانَتْ لَكَبِیْرَةً اِلَّا عَلَی الَّذِیْنَ هَدَی اللّٰهُ ؕ— وَمَا كَانَ اللّٰهُ لِیُضِیْعَ اِیْمَانَكُمْ ؕ— اِنَّ اللّٰهَ بِالنَّاسِ لَرَءُوْفٌ رَّحِیْمٌ ۟
আৰু এনেকৈ আমি তোমালোকক এটা মধ্যপন্থী জাতিত পৰিণত কৰিছোঁ, যাতে তোমালোক মানৱ জাতিৰ ওপৰত সাক্ষী হোৱা, আৰু ৰাছুলে তোমালোকৰ ওপৰত সাক্ষী হয়; আৰু তুমি ইমান দিনে যিটো কিবলাৰ অনুসৰণ কৰি আছিলা সেইটোক আমি এই উদ্দেশ্যে কিবলাত পৰিণত কৰিছিলোঁ, যাতে প্ৰকাশ কৰি দিব পাৰোঁ যে, কোনে ৰাছুলৰ অনুসৰণ কৰে আৰু কোনে পিছফালে উভতি যায়? আল্লাহে যিসকলক হিদায়ত কৰিছে সিহঁতৰ বাহিৰে আনৰ বাবে এইটো এটা নিশ্চিত কঠিন কাম। আল্লাহ এনেকুৱা নহয় যে, তোমাোলকৰ ঈমান ব্যৰ্থ কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি সহানুভূতিশীল, পৰম দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
قَدْ نَرٰی تَقَلُّبَ وَجْهِكَ فِی السَّمَآءِ ۚ— فَلَنُوَلِّیَنَّكَ قِبْلَةً تَرْضٰىهَا ۪— فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ— وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ؕ— وَاِنَّ الَّذِیْنَ اُوْتُوا الْكِتٰبَ لَیَعْلَمُوْنَ اَنَّهُ الْحَقُّ مِنْ رَّبِّهِمْ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا یَعْمَلُوْنَ ۟
আকাশৰ ফালে তোমাৰ বাৰে বাৰে চাই থকাটো নিশ্চয় আমি লক্ষ্য কৰিছোঁ। এতেকে আমি তোমাক এনে কিবলাৰ ফালে নিশ্চয় ওভতাই দিম যিটোক তুমি পছন্দ কৰা। এতেকে তুমি মছজিদে হাৰামৰ ফালে মুখ কৰা; আৰু তোমালোকে য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ চেহাৰা ঘূৰাই লোৱা; আৰু নিশ্চয় যিসকলক কিতাব দিয়া হৈছে সিহঁতে নিশ্চিতভাৱে জানে যে, এইটো সিহঁতৰ প্ৰতিপালকৰ পৰা সত্য; আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযাগী নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَىِٕنْ اَتَیْتَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ بِكُلِّ اٰیَةٍ مَّا تَبِعُوْا قِبْلَتَكَ ۚ— وَمَاۤ اَنْتَ بِتَابِعٍ قِبْلَتَهُمْ ۚ— وَمَا بَعْضُهُمْ بِتَابِعٍ قِبْلَةَ بَعْضٍ ؕ— وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ مِّنْ بَعْدِ مَا جَآءَكَ مِنَ الْعِلْمِ ۙ— اِنَّكَ اِذًا لَّمِنَ الظّٰلِمِیْنَ ۟ۘ
আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে, তুমি যদি সিহঁতৰ ওচৰত সকলো দলিল-প্ৰমাণ দাঙি ধৰা, তথাপিও সিহঁতে তোমাৰ কিবলাৰ অনুসৰণ নকৰিব; আৰু তুমিও সিহঁতৰ কিবলাৰ অনুসাৰী নহয়; আৰু সিহঁতেও পৰস্পৰৰ কিবলাৰ অনুসাৰী নহয়। তোমাৰ ওচৰত সত্যৰ জ্ঞান অহাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা, তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት