Check out the new design

Қуръони Карим маъноларининг таржимаси - Асомийча таржима - Рафиқулислом Ҳабибурраҳмон * - Таржималар мундарижаси

PDF XML CSV Excel API
Please review the Terms and Policies

Маънолар таржимаси Сура: Бақара   Оят:
سَیَقُوْلُ السُّفَهَآءُ مِنَ النَّاسِ مَا وَلّٰىهُمْ عَنْ قِبْلَتِهِمُ الَّتِیْ كَانُوْا عَلَیْهَا ؕ— قُلْ لِّلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ؕ— یَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
মানুহৰ মাজৰ নিৰ্বোধসকলে অনতিপলমে ক’ব যে, ‘ইমান দিনে সিহঁতে যি কিবলাৰ অনুসৰণ কৰি আহিছিল তাৰ পৰা সিহঁতক কিহে বিমুখ কৰালে? কোৱা, ‘পূৱ আৰু পশ্চিম আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে সৰল পথৰ হিদায়ত প্ৰদান কৰে’।
Арабча тафсирлар:
وَكَذٰلِكَ جَعَلْنٰكُمْ اُمَّةً وَّسَطًا لِّتَكُوْنُوْا شُهَدَآءَ عَلَی النَّاسِ وَیَكُوْنَ الرَّسُوْلُ عَلَیْكُمْ شَهِیْدًا ؕ— وَمَا جَعَلْنَا الْقِبْلَةَ الَّتِیْ كُنْتَ عَلَیْهَاۤ اِلَّا لِنَعْلَمَ مَنْ یَّتَّبِعُ الرَّسُوْلَ مِمَّنْ یَّنْقَلِبُ عَلٰی عَقِبَیْهِ ؕ— وَاِنْ كَانَتْ لَكَبِیْرَةً اِلَّا عَلَی الَّذِیْنَ هَدَی اللّٰهُ ؕ— وَمَا كَانَ اللّٰهُ لِیُضِیْعَ اِیْمَانَكُمْ ؕ— اِنَّ اللّٰهَ بِالنَّاسِ لَرَءُوْفٌ رَّحِیْمٌ ۟
আৰু এনেকৈ আমি তোমালোকক এটা মধ্যপন্থী জাতিত পৰিণত কৰিছোঁ, যাতে তোমালোক মানৱ জাতিৰ ওপৰত সাক্ষী হোৱা, আৰু ৰাছুলে তোমালোকৰ ওপৰত সাক্ষী হয়; আৰু তুমি ইমান দিনে যিটো কিবলাৰ অনুসৰণ কৰি আছিলা সেইটোক আমি এই উদ্দেশ্যে কিবলাত পৰিণত কৰিছিলোঁ, যাতে প্ৰকাশ কৰি দিব পাৰোঁ যে, কোনে ৰাছুলৰ অনুসৰণ কৰে আৰু কোনে পিছফালে উভতি যায়? আল্লাহে যিসকলক হিদায়ত কৰিছে সিহঁতৰ বাহিৰে আনৰ বাবে এইটো এটা নিশ্চিত কঠিন কাম। আল্লাহ এনেকুৱা নহয় যে, তোমাোলকৰ ঈমান ব্যৰ্থ কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি সহানুভূতিশীল, পৰম দয়ালু।
Арабча тафсирлар:
قَدْ نَرٰی تَقَلُّبَ وَجْهِكَ فِی السَّمَآءِ ۚ— فَلَنُوَلِّیَنَّكَ قِبْلَةً تَرْضٰىهَا ۪— فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ— وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ؕ— وَاِنَّ الَّذِیْنَ اُوْتُوا الْكِتٰبَ لَیَعْلَمُوْنَ اَنَّهُ الْحَقُّ مِنْ رَّبِّهِمْ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا یَعْمَلُوْنَ ۟
আকাশৰ ফালে তোমাৰ বাৰে বাৰে চাই থকাটো নিশ্চয় আমি লক্ষ্য কৰিছোঁ। এতেকে আমি তোমাক এনে কিবলাৰ ফালে নিশ্চয় ওভতাই দিম যিটোক তুমি পছন্দ কৰা। এতেকে তুমি মছজিদে হাৰামৰ ফালে মুখ কৰা; আৰু তোমালোকে য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ চেহাৰা ঘূৰাই লোৱা; আৰু নিশ্চয় যিসকলক কিতাব দিয়া হৈছে সিহঁতে নিশ্চিতভাৱে জানে যে, এইটো সিহঁতৰ প্ৰতিপালকৰ পৰা সত্য; আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযাগী নহয়।
Арабча тафсирлар:
وَلَىِٕنْ اَتَیْتَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ بِكُلِّ اٰیَةٍ مَّا تَبِعُوْا قِبْلَتَكَ ۚ— وَمَاۤ اَنْتَ بِتَابِعٍ قِبْلَتَهُمْ ۚ— وَمَا بَعْضُهُمْ بِتَابِعٍ قِبْلَةَ بَعْضٍ ؕ— وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ مِّنْ بَعْدِ مَا جَآءَكَ مِنَ الْعِلْمِ ۙ— اِنَّكَ اِذًا لَّمِنَ الظّٰلِمِیْنَ ۟ۘ
আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে, তুমি যদি সিহঁতৰ ওচৰত সকলো দলিল-প্ৰমাণ দাঙি ধৰা, তথাপিও সিহঁতে তোমাৰ কিবলাৰ অনুসৰণ নকৰিব; আৰু তুমিও সিহঁতৰ কিবলাৰ অনুসাৰী নহয়; আৰু সিহঁতেও পৰস্পৰৰ কিবলাৰ অনুসাৰী নহয়। তোমাৰ ওচৰত সত্যৰ জ্ঞান অহাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা, তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
Арабча тафсирлар:
 
Маънолар таржимаси Сура: Бақара
Суралар мундарижаси Бет рақами
 
Қуръони Карим маъноларининг таржимаси - Асомийча таржима - Рафиқулислом Ҳабибурраҳмон - Таржималар мундарижаси

Мутаржим: Рафиқулислом Ҳабибурраҳмон.

Ёпиш