Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (92) அத்தியாயம்: அந்நம்ல்
وَاَنْ اَتْلُوَا الْقُرْاٰنَ ۚ— فَمَنِ اهْتَدٰی فَاِنَّمَا یَهْتَدِیْ لِنَفْسِهٖ ۚ— وَمَنْ ضَلَّ فَقُلْ اِنَّمَاۤ اَنَا مِنَ الْمُنْذِرِیْنَ ۟
লগতে মোক আৰু আদেশ দিয়া হৈছে, মই যাতে মানুহৰ সন্মুখত কোৰআন তিলাৱত কৰোঁ। গতিকে ইয়াৰ জৰিয়তে যিয়ে হিদায়ত লাভ কৰিব তথা সেইমতে আমল কৰিব, সেই সুপথ লাভ কৰাৰ প্ৰতিফল তেওঁ নিজেই ভোগ কৰিব। আনহাতে যিয়ে পথভ্ৰষ্ট হ’ব আৰু ইয়াৰ শিক্ষাৰ পৰা বিমুখ হ’ব, লগতে সেইমতে আমল নকৰিব, তেনেকুৱা লোকক আপুনি কৈ দিয়ক যে, “মই হৈছোঁ কেৱল এজন সতৰ্ককাৰী ব্যক্তি, গতিকে মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। তোমালোকক হিদায়ত প্ৰদান কৰাটো মোৰ দায়িত্ব নহয়।”
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• الإيمان والعمل الصالح سببا النجاة من الفزع يوم القيامة.
ঈমান আৰু সৎকৰ্ম হৈছে কিয়ামতৰ দিনা ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰাৰ উপায়।

• الكفر والعصيان سبب في دخول النار.
কুফৰ আৰু পাপকৰ্ম হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ।

• تحريم القتل والظلم والصيد في الحرم.
হৰমৰ সীমাৰেখাৰ ভিতৰত অন্যায়-অত্যাচাৰ আৰু হত্যা আদি সম্পূৰূপে নিষিদ্ধ।

• النصر والتمكين عاقبة المؤمنين.
সহায় আৰু বিজয় লাভ কৰাটোৱে হৈছে মুমিনসকলৰ শেষ পৰিণতি।

 
மொழிபெயர்ப்பு வசனம்: (92) அத்தியாயம்: அந்நம்ல்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக