Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (44) அத்தியாயம்: அல்கஸஸ்
وَمَا كُنْتَ بِجَانِبِ الْغَرْبِیِّ اِذْ قَضَیْنَاۤ اِلٰی مُوْسَی الْاَمْرَ وَمَا كُنْتَ مِنَ الشّٰهِدِیْنَ ۟ۙ
যেতিয়া আমি মুছা আলাইহিচ্ছালামক এই সংবাদ দিছিলোঁ যে, আপোনাক ৰাছুল বনাই ফিৰআউন আৰু তাৰ প্ৰমুখ নেতাসকলৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব, তেতিয়া সেইসময়ত হে ৰাছুল! পৰ্বতৰ পশ্চিম প্ৰান্তত আপুনি উপস্থিত নাছিল। আনকি সেই সংবাদ সংগ্ৰহ কৰিবলৈও আপুনি তাত উপস্থিত নাছিল যে, সেইবোৰ আপুনি মানুহৰ ওচৰত বৰ্ণনা কৰিব। এতেকে আপুনি মানুহক যি সংবাদ দি আছে, সেইবোৰ হৈছে দৰাচলতে আল্লাহৰ ফালৰ পৰা আপোনাৰ প্ৰতি প্ৰেৰণ কৰা অহী।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• نفي علم الغيب عن رسول الله صلى الله عليه وسلم إلَّا ما أطلعه الله عليه.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ গায়েব সম্পৰ্কে একো জ্ঞান নাছিল। আনহাতে সেইবোৰ সুকীয়া কথা, যিবোৰ বিষয়ে স্বয়ং আল্লাহে তেওঁক অৱগত কৰিছে।

• اندراس العلم بتطاول الزمن.
সময় অতিবাহিত হোৱাৰ লগে লগে জ্ঞান হ্ৰাস পাই থাকে।

• تحدّي الكفار بالإتيان بما هو أهدى من وحي الله إلى رسله.
কাফিৰসকলক এই প্ৰত্যাহ্বান দিয়া হৈছে যে, তোমালোকে এনেকুৱা এখন গ্ৰন্থ লৈ অহা, যিখন গ্ৰন্থ ৰাছুলসকলে লৈ অহা গ্ৰন্থতকৈ অধিক সঠিক পথ দেখুৱাব।

• ضلال الكفار بسبب اتباع الهوى، لا بسبب اتباع الدليل.
কাফিৰসকল পথভ্ৰষ্ট হোৱাৰ অন্যতম কাৰণ হৈছে দলিল-প্ৰমাণৰ বিপৰীতে চাহিদাৰ অনুসৰণ কৰা।

 
மொழிபெயர்ப்பு வசனம்: (44) அத்தியாயம்: அல்கஸஸ்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக