Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (67) அத்தியாயம்: அல்அன்கபூத்
اَوَلَمْ یَرَوْا اَنَّا جَعَلْنَا حَرَمًا اٰمِنًا وَّیُتَخَطَّفُ النَّاسُ مِنْ حَوْلِهِمْ ؕ— اَفَبِالْبَاطِلِ یُؤْمِنُوْنَ وَبِنِعْمَةِ اللّٰهِ یَكْفُرُوْنَ ۟
আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰা এই লোকসকলক যেতিয়া আল্লাহে ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলে, তাৰ পিছতো সিহঁতে ভাৱি চোৱা নাইনে যে, আল্লাহে সিহঁতক আৰু এটা নিয়ামত দান কৰিছে? সেয়া হৈছে, আমি সিহঁতক নিৰাপত্তামূলক স্থান প্ৰদান কৰিছোঁ। য’ত সিহঁতৰ ধন-সম্পদ আৰু প্ৰাণৰ কোনো ভয় নাই, পক্ষান্তৰে অন্যান্য ঠাইত আক্ৰমণ হয়, সিহঁতক হত্যা কৰা হয় তথা বন্দী বনোৱা হয়, লগতে সিহঁতৰ নাৰী-পুৰুষ আৰু সন্তান সকলকো কয়েদী বনোৱা হয়। আৰু সিহঁতৰ সম্পদ কাঢ়ি লোৱা হয়। ইয়াৰ পিছতো সিহঁতে সিহঁতৰ তথাকথিত উপাস্যবোৰৰ প্ৰতি ঈমান পোষণ কৰিবনে? আনহাতে আল্লাহৰ কৃতজ্ঞতাৰ বিপৰীতে তেওঁৰ নিয়ামতসমূহৰ অকৃতজ্ঞ হ’ব নেকি?!
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• لجوء المشركين إلى الله في الشدة ونسيانهم لأصنامهم، وإشراكهم به في الرخاء؛ دليل على تخبطهم.
মুশ্বৰিকসকলে বিপদ-আপদৰ সময়ত আল্লাহক স্মৰণ কৰে আৰু সিহঁতৰ মূৰ্ত্তিবোৰক পাহৰি যায়, আনহাতে সুখৰ সময়ত সিহঁতে আল্লাহৰ লগত শ্বিৰ্ক কৰে, এইটোৱে সিহঁতৰ বিবেকহীনতাৰ পৰিচয়।

• الجهاد في سبيل الله سبب للتوفيق إلى الحق.
আল্লাহৰ পথত জিহাদ কৰাটো হৈছে সত্যৰ তাওফীক লাভ কৰাৰ অন্যতম উপায়।

• إخبار القرآن بالغيبيات دليل على أنه من عند الله.
কোৰআনত বৰ্ণিত হোৱা অদৃশ্যমূলক সংবাদবোৰে প্ৰমাণ কৰে যে, কোৰআন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ গ্ৰন্থ।

 
மொழிபெயர்ப்பு வசனம்: (67) அத்தியாயம்: அல்அன்கபூத்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக