Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (7) அத்தியாயம்: அல்முஜாதலா
اَلَمْ تَرَ اَنَّ اللّٰهَ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— مَا یَكُوْنُ مِنْ نَّجْوٰی ثَلٰثَةٍ اِلَّا هُوَ رَابِعُهُمْ وَلَا خَمْسَةٍ اِلَّا هُوَ سَادِسُهُمْ وَلَاۤ اَدْنٰی مِنْ ذٰلِكَ وَلَاۤ اَكْثَرَ اِلَّا هُوَ مَعَهُمْ اَیْنَ مَا كَانُوْا ۚ— ثُمَّ یُنَبِّئُهُمْ بِمَا عَمِلُوْا یَوْمَ الْقِیٰمَةِ ؕ— اِنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
হে ৰাছুল, আপুনি দেখা নাইনে যে আল্লাহ আকাশসমূহ তথা পৃথিৱীৰ সকলো বস্তু সম্পৰ্কে অৱগত। উভয়ৰ মাজত থকা কোনো বস্তুৱে তেওঁৰ পৰা গোপন নহয়। যেতিয়াই তিনিজনৰ মাজত কোনো গোপন কথাপোকথন হয় তেতিয়া আল্লাহে তেওঁৰ জ্ঞানৰ সৈতে সিহঁতৰ চতুৰ্থজন হিচাপে থাকে। আৰু যেতিয়া পাঁচজনে কোনো গোপন কথা কয়, তেতিয়া আল্লাহ সিহঁতৰ ষষ্ঠজন হিচাপে থাকে। আৰু সংখ্যা ইয়াতকৈ অধিক হওঁক বা কম। সিহঁত যতেই নাথাকক কিয়, তেওঁ সিহঁতৰ লগতে থাকে জ্ঞানৰ সৈতে। সিহঁতৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। এতেকে আল্লাহে সিহঁতক ক্বিয়ামতৰ দিনা সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত কৰাব। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু সম্পৰ্কে জ্ঞাত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• مع أن الله عالٍ بذاته على خلقه؛ إلا أنه مطَّلع عليهم بعلمه لا يخفى عليه أي شيء.
আল্লাহৰ সত্তা তেওঁৰ সৃষ্টিসমূহৰ পৰা বহুঊৰ্দ্ধত। কিন্তু তেওঁ নিজৰ জ্ঞানৰ দ্বাৰা সকলো বিষয়ে অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।

• لما كان كثير من الخلق يأثمون بالتناجي أمر الله المؤمنين أن تكون نجواهم بالبر والتقوى.
যিহেতু বহুত লোকে কানাফুছিৰ মাধ্যমত পাপত লিপ্ত হয়। গতিকে আল্লাহে ঈমান্দাৰসকলক আদেশ দিছে যে, তেওঁলোকে যাতে কানাফুছি কেৱল কল্যাণ আৰু ভাল কামত কৰে।

• من آداب المجالس التوسيع فيها للآخرين.
বৈঠক বা সভাৰ আদব হৈছে অন্য লোকৰ বাবেও ঠাই প্ৰশস্ত কৰি দিয়া।

 
மொழிபெயர்ப்பு வசனம்: (7) அத்தியாயம்: அல்முஜாதலா
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக