పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - అనువాదాల విషయసూచిక


భావార్ధాల అనువాదం వచనం: (42) సూరహ్: సూరహ్ ఫాతిర్
وَاَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ لَىِٕنْ جَآءَهُمْ نَذِیْرٌ لَّیَكُوْنُنَّ اَهْدٰی مِنْ اِحْدَی الْاُمَمِ ۚ— فَلَمَّا جَآءَهُمْ نَذِیْرٌ مَّا زَادَهُمْ اِلَّا نُفُوْرَا ۟ۙ
এই অস্বীকাৰকাৰী কাফিৰসকলে দৃঢ় শপত খাই কৈছিল যে, যদি আল্লাহে তেওঁৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ সিহঁতৰ ওচৰলৈ কোনো ৰাছুল প্ৰেৰণ কৰে, তেন্তে সিহঁত ইয়াহুদী আৰু খৃষ্টানসকলতকৈও অধিক সঠিক পথত পৰিচালিত হ’ব তথা সত্যৰ অনুসৰণ কৰি দেখুৱাব। কিন্তু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হ’ল, তথা সিহঁতক তেওঁৰ শাস্তিৰ পৰা সতৰ্ক কৰিলে, ফলত তেওঁৰ আগমনত সিহঁত আৰু অধিক সত্যৰ পৰা আঁতৰি গ’ল, লগতে বাতিলৰ লগত মিলিত হ’ল। এতেকে সিহঁতে পূৰ্বৱৰ্তী লোকসকলতকৈ অধিক সঠিক পথত থকাৰ যি দৃঢ় অঙ্গীকাৰ কৰিছিল, সেই দৃঢ় অঙ্গীকাৰৰ ওপৰত সিহঁতে প্ৰতিষ্ঠিত থাকিব নোৱাৰিলে।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• الكفر سبب لمقت الله، وطريق للخسارة والشقاء.
কুফৰ হৈছে আল্লাহৰ ওচৰত ঘৃণাৰ কাৰণ। তথা ই মানুহক লোকচান আৰু দুৰ্ভাগ্যৰ পিনে লৈ যায়।

• المشركون لا دليل لهم على شركهم من عقل ولا نقل.
মুশ্বৰিকসকলৰ ওচৰত সিহঁতৰ শ্বিৰ্কৰ কোনো প্ৰমাণ নাই, যুক্তিও নাই উক্তিও নাই।

• تدمير الظالم في تدبيره عاجلًا أو آجلًا.
অন্যায়কাৰীসকলৰ ষড়যন্ত্ৰ সোনকালেই হওক অথবা পলমকৈ সিহঁতকেই ধ্বংস কৰে।

 
భావార్ధాల అనువాదం వచనం: (42) సూరహ్: సూరహ్ ఫాతిర్
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - అనువాదాల విషయసూచిక

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

మూసివేయటం