పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - అనువాదాల విషయసూచిక


భావార్ధాల అనువాదం వచనం: (21) సూరహ్: సూరహ్ అల్-అహ్ఖాఫ్
وَاذْكُرْ اَخَا عَادٍ اِذْ اَنْذَرَ قَوْمَهٗ بِالْاَحْقَافِ وَقَدْ خَلَتِ النُّذُرُ مِنْ بَیْنِ یَدَیْهِ وَمِنْ خَلْفِهٖۤ اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ— اِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ عَظِیْمٍ ۟
হে ৰাছুল! আদ সম্প্ৰদায়ৰ বংশগত ভাই হূদ আলাইহিচ্ছালামক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ৰ লোকসকলক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিছিল। এইটো সেই সময়ৰ কথা যেতিয়া তেওঁ আৰবীয়ান দ্বীপৰ দক্ষিণ দিশত অৱস্থিত আহক্বাফ নামক ঠাইত নিজ অঞ্চলত বসবাস কৰি আছিল। এই কথাও নিশ্চিত যে, হূদ আলাইহিচ্ছালামৰ আগত আৰু পিছতো বহুত ৰাছুল অতীত হৈছে। তেওঁলোকে নিজ নিজ সম্প্ৰদায়ক কৈছিলঃ একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বিষয়ে এটা ভীষণ দিৱসৰ শাস্তিকলৈ আশংকা কৰি আছোঁ।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• لا علم للرسل بالغيب إلا ما أطلعهم ربهم عليه منه.
ৰাছুলসকলে গায়েব সম্পৰ্কে একো নাজানে। তেওঁলোকে গায়েব সম্পৰ্কে সেইখিনিয়ে জানে, যিখিনি আল্লাহে তেওঁলোকক জনাইছে।

• اغترار قوم هود حين ظنوا العذاب النازل بهم مطرًا، فلم يتوبوا قبل مباغتته لهم.
হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায়ে শাস্তিক বৰষুণ বুলি ধাৰণা কৰি মহা ভুল কৰিছিল। সেইকাৰণেই সিহঁতে শাস্তিৰ পূৰ্বে তাওবা কৰিব পৰা নাছিল।

• قوة قوم عاد فوق قوة قريش، ومع ذلك أهلكهم الله.
আদ সম্প্ৰদায় কুৰাইশ্বতকৈ অধিক শক্তিশালী আছিল। তথাপিও আল্লাহে সিহঁতক ধ্বংস কৰিছিল।

• العاقل من يتعظ بغيره، والجاهل من يتعظ بنفسه.
বিবেকৱান ব্যক্তিয়ে আনৰ ভুল-ত্ৰুটিৰ পৰা শিক্ষা গ্ৰহণ কৰে, আনহাতে মূৰ্খই নিজৰ ওপৰত বিপদ নামি অহাৰ পিছতহে শিক্ষা লব বিচাৰে।

 
భావార్ధాల అనువాదం వచనం: (21) సూరహ్: సూరహ్ అల్-అహ్ఖాఫ్
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - అనువాదాల విషయసూచిక

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

మూసివేయటం