แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (74) สูเราะฮ์: Al-Kahf
فَانْطَلَقَا ۫— حَتّٰۤی اِذَا لَقِیَا غُلٰمًا فَقَتَلَهٗ ۙ— قَالَ اَقَتَلْتَ نَفْسًا زَكِیَّةً بِغَیْرِ نَفْسٍ ؕ— لَقَدْ جِئْتَ شَیْـًٔا نُّكْرًا ۟
নাৱৰ পৰা অৱতৰণ কৰাৰ পিছত দুয়ো সাগৰৰ পাৰে পাৰে ৰাওনা হ'ল, তেওঁলোকে এজন শিশুক অন্য কিছুমান শিশুৰ সৈতে খেলি থকা অৱস্থাত দেখিলে। শিশুটি এতিয়াও বুজিব পৰা বয়সত উপনীত হোৱা নাছিল। কিন্তু খাজিৰ আলাইহিচ্ছালামে তাক হত্যা কৰি পেলালে। এই দেখি মূছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকুৱা এজন শিশুক হত্যা কৰিলে, যিয়ে বুজিব পৰা বয়সতো উপনীত হোৱা নাই, সি এজন নিৰ্দোষী নিৰপৰাধ, যিয়ে কোনো গুনাহও কৰা নাই ? নিশ্চয় আপুনি এইটো নিকৃষ্ট কাম কৰিছে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• استحباب كون خادم الإنسان ذكيًّا فطنًا كَيِّسًا ليتم له أمره الذي يريده.
বুদ্ধিমান, মেধাৱী, আত্মজ্ঞ, ধীসম্পন্ন ব্যক্তিক নিজৰ সেৱক হিচাপে নিযুক্তি দিয়া উচিত। যাতে সি নিজৰ কাম সুচাৰৰূপে সম্পন্ন কৰিব পাৰে।

• أن المعونة تنزل على العبد على حسب قيامه بالمأمور به، وأن الموافق لأمر الله يُعان ما لا يُعان غيره.
বান্দাই আল্লাহৰ সহায় সেই অনুপাতেই লাভ কৰে যিমানখিনি সি আল্লাহৰ আদেশ পালন কৰে। আল্লাহৰ আদেশ অনুসৰি চলা ব্যক্তিয়ে যি সহায় লাভ কৰে, সেই সহায় আন কোনোৱেই লাভ নকৰে।

• التأدب مع المعلم، وخطاب المتعلم إياه ألطف خطاب.
শিক্ষকৰ সন্মান, শিষ্য এজনে সদায় শিক্ষক সন্মান সহকাৰে সম্বোধন কৰা উচিত।

• النسيان لا يقتضي المؤاخذة، ولا يدخل تحت التكليف، ولا يتعلق به حكم.
ভুলতে কৰা কামৰ কোনো শাস্তি নাই। আৰু এইটো দায়বদ্ধতাৰ অন্তৰ্ভুক্তও নহয়। ইয়াৰ লগত চৰীয়তৰ কোনো বিধানো জৰিত নহয়।

• تعلم العالم الفاضل للعلم الذي لم يَتَمَهَّر فيه ممن مهر فيه، وإن كان دونه في العلم بدرجات كثيرة.
এজন আলিম তথা বিজ্ঞ ব্যক্তিয়ে যিটো বিষয়ত তেওঁ পাৰ্গত নহয় সেই ব্যক্তিৰ পৰা শিক্ষা লোৱা উচিত, যিয়ে এই বিষয়ত অভিজ্ঞ। যদিও তেওঁ সেই ব্যক্তিতকৈ অধিক জ্ঞানী তথা অধিক মৰ্যাদাশীল নহওঁক কিয়।

• إضافة العلم وغيره من الفضائل لله تعالى، والإقرار بذلك، وشكر الله عليها.
জ্ঞান তথা এই জাতীয় অনুগ্ৰহবোৰক আল্লাহৰ লগত সম্পৃক্ত কৰা উচিত, তথা এই কথা স্বীকাৰ কৰা উচিত আৰু এই ক্ষেত্ৰত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত।

 
แปลความหมาย​ อายะฮ์: (74) สูเราะฮ์: Al-Kahf
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม - สารบัญ​คำแปล

แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม,โดยศูนย์ตัฟซีร เพื่อการศึกษาอัลกุรอาน

ปิด