แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (69) สูเราะฮ์: Tā-ha
وَاَلْقِ مَا فِیْ یَمِیْنِكَ تَلْقَفْ مَا صَنَعُوْا ؕ— اِنَّمَا صَنَعُوْا كَیْدُ سٰحِرٍ ؕ— وَلَا یُفْلِحُ السَّاحِرُ حَیْثُ اَتٰی ۟
তোমাৰ সোঁ হাতত যিডাল লাখুটি আছে, সেইডাল নিক্ষেপ কৰা। সেইডাল এডাল প্ৰকাণ্ড সাপ হৈ সেইবোৰক গিলি খাব। দৰাচলতে সিহঁতে যি বনাইছে সেইবোৰ যাদুৰ চক্ৰান্তৰ বাহিৰে আন একো নহয়। এতেকে যাদুকৰ য’তে নাথাকক কিয়, সিহঁত কেতিয়াও উদ্দেশ্যত সফল হ'ব নোৱাৰিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• لا يفوز ولا ينجو الساحر حيث أتى من الأرض أو حيث احتال، ولا يحصل مقصوده بالسحر خيرًا كان أو شرًّا.
যাদুকৰ পৃথিৱীৰ য'তেই নাযাওক আৰু যি চক্ৰান্তই নকৰক কিয়, কেতিয়াও সফল হ'ব নোৱাৰিব তথা সাৰি যাব নোৱাৰিব, আনকি যাদুৰ জৰিয়তে সি ভাল অথবা বেয়া কোনো লক্ষ্যতেই উপনীত হ'ব নোৱাৰিব।

• الإيمان يصنع المعجزات؛ فقد كان إيمان السحرة أرسخ من الجبال، فهان عليهم عذاب الدنيا، ولم يبالوا بتهديد فرعون.
ঈমানে চমৎকাৰ কৰে, কিয়নো যাদুকৰসকলৰ ঈমান আছিল পৰ্বতৰ দৰে মজবুত, সেই কাৰণেই তেওঁলোকে পৃথিৱীৰ শাস্তিক তুচ্ছ জ্ঞান কৰিছিল, তথা ফিৰআউনৰ ধমকক ভ্ৰূক্ষেপ কৰা নাছিল।

• دأب الطغاة التهديد بالعذاب الشديد لأهل الحق والإمعان في ذلك للإذلال والإهانة.
স্বৈৰাচাৰী তথা দমনকাৰী শাসকসকলৰ পূৰ্বৰ পৰাই এই নিয়ম চলি আহিছে যে, সিহঁতে সত্যৰ পথত চলা লোকসকলক দমন কৰিবলৈ তথা সিহঁতৰ কথা মানিবলৈ বাধ্য কৰোৱাৰ বাবে শাস্তিৰ ধমক দিয়ে।

 
แปลความหมาย​ อายะฮ์: (69) สูเราะฮ์: Tā-ha
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม - สารบัญ​คำแปล

แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม,โดยศูนย์ตัฟซีร เพื่อการศึกษาอัลกุรอาน

ปิด