Check out the new design

แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม - เราะฟีกุลอิสลาม หะบีบุรเราะห์มาน * - สารบัญ​คำแปล

PDF XML CSV Excel API
Please review the Terms and Policies

แปลความหมาย​ สูเราะฮ์: Maryam   อายะฮ์:

মাৰয়াম

كٓهٰیٰعٓصٓ ۟
কাফ-হা-ইয়া-আঈন- চ’দ;[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ذِكْرُ رَحْمَتِ رَبِّكَ عَبْدَهٗ زَكَرِیَّا ۟ۖۚ
এইটো হৈছে তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি,
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
اِذْ نَادٰی رَبَّهٗ نِدَآءً خَفِیًّا ۟
যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল,
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
قَالَ رَبِّ اِنِّیْ وَهَنَ الْعَظْمُ مِنِّیْ وَاشْتَعَلَ الرَّاْسُ شَیْبًا وَّلَمْ اَكُنْ بِدُعَآىِٕكَ رَبِّ شَقِیًّا ۟
তেওঁ কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ(ৰ চুলি) শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَاِنِّیْ خِفْتُ الْمَوَالِیَ مِنْ وَّرَآءِیْ وَكَانَتِ امْرَاَتِیْ عَاقِرًا فَهَبْ لِیْ مِنْ لَّدُنْكَ وَلِیًّا ۟ۙ
নিশ্চয় মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকাবোধ কৰিছোঁ; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। গতিকে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা,
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
یَّرِثُنِیْ وَیَرِثُ مِنْ اٰلِ یَعْقُوْبَ ۗ— وَاجْعَلْهُ رَبِّ رَضِیًّا ۟
‘যিয়ে মোৰ উত্তৰাধিকাৰী হ’ব আৰু উত্তৰাধিকাৰী লাভ কৰিব ইয়াকূবৰ বংশৰ, লগতে হে মোৰ প্ৰতিপালক! তুমি তাক সন্তোষভাজন কৰিবা’।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
یٰزَكَرِیَّاۤ اِنَّا نُبَشِّرُكَ بِغُلٰمِ ١سْمُهٗ یَحْیٰی ۙ— لَمْ نَجْعَلْ لَّهٗ مِنْ قَبْلُ سَمِیًّا ۟
(আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলোঁ’।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
قَالَ رَبِّ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَّكَانَتِ امْرَاَتِیْ عَاقِرًا وَّقَدْ بَلَغْتُ مِنَ الْكِبَرِ عِتِیًّا ۟
তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব পাৰে, অথচ মোৰ স্ত্ৰী হৈছে বন্ধ্যা আৰু ময়ো বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছোঁ’!
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
قَالَ كَذٰلِكَ ۚ— قَالَ رَبُّكَ هُوَ عَلَیَّ هَیِّنٌ وَّقَدْ خَلَقْتُكَ مِنْ قَبْلُ وَلَمْ تَكُ شَیْـًٔا ۟
(উত্তৰত তেওঁ) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে অতি সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছোঁ যেতিয়া তুমি একোৱেই নাছিলা’।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
قَالَ رَبِّ اجْعَلْ لِّیْۤ اٰیَةً ؕ— قَالَ اٰیَتُكَ اَلَّا تُكَلِّمَ النَّاسَ ثَلٰثَ لَیَالٍ سَوِیًّا ۟
যাকাৰিয়্যাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও ক্ৰমাগত তিনি ৰাতি (দিন) পৰ্যন্ত কাৰো লগত কথা ক’ব নোৱাৰিবা’।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَخَرَجَ عَلٰی قَوْمِهٖ مِنَ الْمِحْرَابِ فَاَوْحٰۤی اِلَیْهِمْ اَنْ سَبِّحُوْا بُكْرَةً وَّعَشِیًّا ۟
তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু ইঙ্গিতেৰে সিহঁতক ক’লে, ‘তোমালোকে পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা’।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
 
แปลความหมาย​ สูเราะฮ์: Maryam
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม - เราะฟีกุลอิสลาม หะบีบุรเราะห์มาน - สารบัญ​คำแปล

แปลโดย เราะฟีกุลอิสลาม ฮาบีบ อัรเราะห์มาน

ปิด