Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm * - Indise ng mga Salin


Salin ng mga Kahulugan Surah: Al-Fajr   Ayah:
وَجِایْٓءَ یَوْمَىِٕذٍ بِجَهَنَّمَ ۙ۬— یَوْمَىِٕذٍ یَّتَذَكَّرُ الْاِنْسَانُ وَاَنّٰی لَهُ الذِّكْرٰی ۟ؕ
আৰু যিদিনাখন সত্তৰ হাজাৰ লেকামযুক্ত জাহান্নামক আনা হব, প্ৰত্যেক লেকামক সত্তৰ হাজাৰ ফিৰিস্তাই ধৰি টানি আনিব। সিদিনাখন মানুহে ভাৱিব যে, আল্লাহ সম্পৰ্কে কিমান অৱহেলা কৰিছিল। কিন্তু তেতিয়া স্মৰণ কৰিলে কোনো লাভ নহব, কিয়নো সেই দিন কৰ্মৰ নহয়, পৰিণামৰহে দিন হব।
Ang mga Tafsir na Arabe:
یَقُوْلُ یٰلَیْتَنِیْ قَدَّمْتُ لِحَیَاتِیْ ۟ۚ
সি অতি লজ্জিত হৈ কবঃ যদি মই পৰকালৰ জীৱনৰ বাবে সত্কৰ্ম কৰিলোহেঁতন, যিটো প্ৰকৃততে বাস্তৱ জীৱন।
Ang mga Tafsir na Arabe:
فَیَوْمَىِٕذٍ لَّا یُعَذِّبُ عَذَابَهٗۤ اَحَدٌ ۟ۙ
সিদিনা আল্লাহৰ শাস্তিৰ দৰে আন কোনো শাস্তি নাথাকিব, কিয়নো আল্লাহৰ শাস্তি অধিক কষ্টদায়ক আৰু চিৰ দিনলৈ বাকী থাকিব।
Ang mga Tafsir na Arabe:
وَّلَا یُوْثِقُ وَثَاقَهٗۤ اَحَدٌ ۟ؕ
আৰু তেওঁ কাফিৰ সকলক যিদৰে হাতকড়িত আবদ্ধ কৰিব, তেনেকুৱা কোনেও আবদ্ধ কৰিব নোৱাৰিব।
Ang mga Tafsir na Arabe:
یٰۤاَیَّتُهَا النَّفْسُ الْمُطْمَىِٕنَّةُ ۟ۗۙ
আনহাতে মুমিনসকলৰ আত্মাক মৃত্যুৰ সময়ত আৰু ক্বিয়ামতৰ দিনা কোৱা হবঃ হে ঈমান আৰু সত্কৰ্মৰ প্ৰতি সন্তুষ্ট আত্মা!
Ang mga Tafsir na Arabe:
ارْجِعِیْۤ اِلٰی رَبِّكِ رَاضِیَةً مَّرْضِیَّةً ۟ۚ
তোমাৰ প্ৰতিপালকৰ ওচৰলৈ বলা, তুমি তাৰ পৰিপূৰ্ণ প্ৰতিদানৰ প্ৰতি সন্তুষ্ট হৈ আৰু তেওঁ তোমাৰ সত্কৰ্মৰ প্ৰতি সন্তুষ্ট হৈ।
Ang mga Tafsir na Arabe:
فَادْخُلِیْ فِیْ عِبٰدِیْ ۟ۙ
তুমি মোৰ সৎ বান্দাহ সকলৰ অন্তৰ্ভুক্ত হৈ যোৱা।
Ang mga Tafsir na Arabe:
وَادْخُلِیْ جَنَّتِیْ ۟۠
আৰু তেওঁলোকৰ সৈতে জান্নাতত প্ৰৱেশ কৰা, যাক মই তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছোঁ।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• عتق الرقاب، وإطعام المحتاجين في وقت الشدة، والإيمان بالله، والتواصي بالصبر والرحمة: من أسباب دخول الجنة.
দাস মুক্ত কৰা অভাৱৰ সময়ত দুখীয়াক খাদ্য দান কৰা, আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু এজনে আনজনক ধৈৰ্য ধাৰণ তথা দয়া কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা, জান্নাতত প্ৰৱেশৰ মাধ্যম।

• من دلائل النبوة إخباره أن مكة ستكون حلالًا له ساعة من نهار.
এয়া নবীৰ নবুওৱতৰ এটা নিদৰ্শন আছিল যে, তেখেতে কৈছিল যে, মক্কাক এদিন কিছু সময়ৰ বাবে তেখেতৰ হকে বৈধ কৰা হব।

• لما ضيق الله طرق الرق وسع طرق العتق، فجعل الإعتاق من القربات والكفارات.
যেতিয়া আল্লাহ তাআলাই দাসত্বৰ পথ সংকীৰ্ণ কৰি দিছে, লগতে দাসমুক্তিৰ পথ চাৰিওফালৰ পৰা খুলি দিয়া হৈছে। বৰং দাসমুক্তিক নেকি আৰু পাপ মোচনৰ মাধ্যম কৰা হৈছে।

 
Salin ng mga Kahulugan Surah: Al-Fajr
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm - Indise ng mga Salin

Inilabas ng Markaz Tafsīr Lid-Dirāsāt Al-Qur’ānīyah (Sentro ng Tafsīr Para sa mga Pag-aaral Pang-Qur’an).

Isara