Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman * - Indise ng mga Salin

PDF XML CSV Excel API
Please review the Terms and Policies

Salin ng mga Kahulugan Surah: Al-Isrā’   Ayah:
عَسٰی رَبُّكُمْ اَنْ یَّرْحَمَكُمْ ۚ— وَاِنْ عُدْتُّمْ عُدْنَا ۘ— وَجَعَلْنَا جَهَنَّمَ لِلْكٰفِرِیْنَ حَصِیْرًا ۟
সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও (আমাৰ শাস্তিৰ) পুনৰাবৃত্তি কৰিম। লগতে জাহান্নমক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছোঁ।
Ang mga Tafsir na Arabe:
اِنَّ هٰذَا الْقُرْاٰنَ یَهْدِیْ لِلَّتِیْ هِیَ اَقْوَمُ وَیُبَشِّرُ الْمُؤْمِنِیْنَ الَّذِیْنَ یَعْمَلُوْنَ الصّٰلِحٰتِ اَنَّ لَهُمْ اَجْرًا كَبِیْرًا ۟ۙ
নিশ্চয় এই কোৰআনে হিদায়ত কৰে সেই পথৰ পিনে যিটো পথ আক্বৱাম (সৰল, সুদৃঢ়), আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ।
Ang mga Tafsir na Arabe:
وَّاَنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ اَعْتَدْنَا لَهُمْ عَذَابًا اَلِیْمًا ۟۠
আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, আমি সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি।
Ang mga Tafsir na Arabe:
وَیَدْعُ الْاِنْسَانُ بِالشَّرِّ دُعَآءَهٗ بِالْخَیْرِ ؕ— وَكَانَ الْاِنْسَانُ عَجُوْلًا ۟
আৰু মানুহে কল্যাণ কামনাৰ দৰেই অকল্যাণ কামনা কৰে; দৰাচলতে মানুহ প্ৰকৃতিগতভাৱেই বৰ বেছি শীঘ্ৰতাপ্ৰিয়।
Ang mga Tafsir na Arabe:
وَجَعَلْنَا الَّیْلَ وَالنَّهَارَ اٰیَتَیْنِ فَمَحَوْنَاۤ اٰیَةَ الَّیْلِ وَجَعَلْنَاۤ اٰیَةَ النَّهَارِ مُبْصِرَةً لِّتَبْتَغُوْا فَضْلًا مِّنْ رَّبِّكُمْ وَلِتَعْلَمُوْا عَدَدَ السِّنِیْنَ وَالْحِسَابَ ؕ— وَكُلَّ شَیْءٍ فَصَّلْنٰهُ تَفْصِیْلًا ۟
আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছোঁ, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছোঁ আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছোঁ; যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছোঁ।
Ang mga Tafsir na Arabe:
وَكُلَّ اِنْسَانٍ اَلْزَمْنٰهُ طٰٓىِٕرَهٗ فِیْ عُنُقِهٖ ؕ— وَنُخْرِجُ لَهٗ یَوْمَ الْقِیٰمَةِ كِتٰبًا یَّلْقٰىهُ مَنْشُوْرًا ۟
আৰু আমি প্ৰত্যেক মানুহৰে কৃতকৰ্ম তাৰ ডিঙিত আঁৰি থৈছোঁ, আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাব, যিখনক সি উন্মুক্ত অৱস্থাত পাব।
Ang mga Tafsir na Arabe:
اِقْرَاْ كِتٰبَكَ ؕ— كَفٰی بِنَفْسِكَ الْیَوْمَ عَلَیْكَ حَسِیْبًا ۟ؕ
(তাক কোৱা হ’ব) তুমি তোমাৰ কিতাব (আমলনামা) পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।
Ang mga Tafsir na Arabe:
مَنِ اهْتَدٰی فَاِنَّمَا یَهْتَدِیْ لِنَفْسِهٖ ۚ— وَمَنْ ضَلَّ فَاِنَّمَا یَضِلُّ عَلَیْهَا ؕ— وَلَا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰی ؕ— وَمَا كُنَّا مُعَذِّبِیْنَ حَتّٰی نَبْعَثَ رَسُوْلًا ۟
যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় নিশ্চয় সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। কোনো বহনকাৰীয়েই আনৰ (পাপকৰ্মৰ) বোজা বহন নকৰিব, আৰু আমি ৰাছুল প্ৰেৰণ নকৰাকৈ শাস্তি প্ৰদান নকৰোঁ।
Ang mga Tafsir na Arabe:
وَاِذَاۤ اَرَدْنَاۤ اَنْ نُّهْلِكَ قَرْیَةً اَمَرْنَا مُتْرَفِیْهَا فَفَسَقُوْا فِیْهَا فَحَقَّ عَلَیْهَا الْقَوْلُ فَدَمَّرْنٰهَا تَدْمِیْرًا ۟
আৰু যেতিয়া আমি কোনো জনপদক ধ্বংস কৰিব বিচাৰোঁ তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক (সৎকৰ্মৰ) আদেশ কৰোঁ; কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে; তাৰ পিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ।
Ang mga Tafsir na Arabe:
وَكَمْ اَهْلَكْنَا مِنَ الْقُرُوْنِ مِنْ بَعْدِ نُوْحٍ ؕ— وَكَفٰی بِرَبِّكَ بِذُنُوْبِ عِبَادِهٖ خَبِیْرًا بَصِیْرًا ۟
আৰু নূহৰ পিছত আমি বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ। তোমাৰ প্ৰতিপালকেই তেওঁৰ বান্দাসকলৰ পাপকৰ্মৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট।
Ang mga Tafsir na Arabe:
 
Salin ng mga Kahulugan Surah: Al-Isrā’
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman - Indise ng mga Salin

Isinalin ito ni Rafiq Al-Islam Ḥabīburraḥmān.

Isara