Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman * - Indise ng mga Salin

PDF XML CSV Excel API
Please review the Terms and Policies

Salin ng mga Kahulugan Surah: Al-Isrā’   Ayah:
وَاِذَا مَسَّكُمُ الضُّرُّ فِی الْبَحْرِ ضَلَّ مَنْ تَدْعُوْنَ اِلَّاۤ اِیَّاهُ ۚ— فَلَمَّا نَجّٰىكُمْ اِلَی الْبَرِّ اَعْرَضْتُمْ ؕ— وَكَانَ الْاِنْسَانُ كَفُوْرًا ۟
আৰু যেতিয়া তোমালোকক সাগৰত বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা, সেইবোৰ সেই সময়ত (তোমালোকৰ মনৰ পৰা) উধাও হৈ যায়; এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।
Ang mga Tafsir na Arabe:
اَفَاَمِنْتُمْ اَنْ یَّخْسِفَ بِكُمْ جَانِبَ الْبَرِّ اَوْ یُرْسِلَ عَلَیْكُمْ حَاصِبًا ثُمَّ لَا تَجِدُوْا لَكُمْ وَكِیْلًا ۟ۙ
তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে, তেওঁ তোমালোকক স্থলৰ কোনো অঞ্চলতেই ভূগৰ্ভস্থ নকৰিব, অথবা তোমালোকৰ ওপৰত শিলা বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব? তেতিয়া কিন্তু তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক বিচাৰি নাপাবা।
Ang mga Tafsir na Arabe:
اَمْ اَمِنْتُمْ اَنْ یُّعِیْدَكُمْ فِیْهِ تَارَةً اُخْرٰی فَیُرْسِلَ عَلَیْكُمْ قَاصِفًا مِّنَ الرِّیْحِ فَیُغْرِقَكُمْ بِمَا كَفَرْتُمْ ۙ— ثُمَّ لَا تَجِدُوْا لَكُمْ عَلَیْنَا بِهٖ تَبِیْعًا ۟
অথবা তোমালোকে এই বিষয়ত নিশ্চিন্ত হৈছা নেকি যে, তেওঁ তোমালোকক দ্বিতীয়বাৰ সাগৰলৈ লৈ নাযাব আৰু তোমালোকৰ বিৰুদ্ধে প্ৰচণ্ড ধুমুহা প্ৰেৰণ নকৰিব আৰু তোমালোকৰ কুফৰী কৰাৰ বাবে তোমালোকক তেওঁ ডুবাই নামাৰিব? তাৰ পিছত তোমালোকে আমাৰ বিৰুদ্ধে কোনো সহায়কাৰী বিচাৰি নাপাবা।
Ang mga Tafsir na Arabe:
وَلَقَدْ كَرَّمْنَا بَنِیْۤ اٰدَمَ وَحَمَلْنٰهُمْ فِی الْبَرِّ وَالْبَحْرِ وَرَزَقْنٰهُمْ مِّنَ الطَّیِّبٰتِ وَفَضَّلْنٰهُمْ عَلٰی كَثِیْرٍ مِّمَّنْ خَلَقْنَا تَفْضِیْلًا ۟۠
নিশ্চয় আমি আদম সন্তানক মৰ্যাদা দান কৰিছোঁ, আমিয়েই সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছোঁ; আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছোঁ আৰু আমাৰ সৃষ্টিৰ বহুতৰে ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ।
Ang mga Tafsir na Arabe:
یَوْمَ نَدْعُوْا كُلَّ اُنَاسٍ بِاِمَامِهِمْ ۚ— فَمَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ فَاُولٰٓىِٕكَ یَقْرَءُوْنَ كِتٰبَهُمْ وَلَا یُظْلَمُوْنَ فَتِیْلًا ۟
(স্মৰণ কৰা সেই দিৱসটোক,) যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম। তাৰ পিছত যিসকলক সিহঁতৰ সোঁ হাতত আমলনামা দিয়া হ’ব, সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত খেজুৰৰ গুটিৰ ওপৰত থকা মিহি সূতা পৰিমাণো (অকণো) অন্যায় কৰা নহ’ব।
Ang mga Tafsir na Arabe:
وَمَنْ كَانَ فِیْ هٰذِهٖۤ اَعْمٰی فَهُوَ فِی الْاٰخِرَةِ اَعْمٰی وَاَضَلُّ سَبِیْلًا ۟
আৰু যিজন ইয়াত অন্ধ, সি আখিৰাততো অন্ধ, তথা আটাইতকৈ বেছি পথভ্ৰষ্ট।
Ang mga Tafsir na Arabe:
وَاِنْ كَادُوْا لَیَفْتِنُوْنَكَ عَنِ الَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ لِتَفْتَرِیَ عَلَیْنَا غَیْرَهٗ ۖۗ— وَاِذًا لَّاتَّخَذُوْكَ خَلِیْلًا ۟
আৰু আমি তোমাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছোঁ তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা; আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধৰূপে গ্ৰহণ কৰিলেহেঁতেন।
Ang mga Tafsir na Arabe:
وَلَوْلَاۤ اَنْ ثَبَّتْنٰكَ لَقَدْ كِدْتَّ تَرْكَنُ اِلَیْهِمْ شَیْـًٔا قَلِیْلًا ۟ۗۙ
আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি নিশ্চয় সিহঁতৰ ফালে কিঞ্চিত হ’লেও ঢাল খালাইহেঁতেন;
Ang mga Tafsir na Arabe:
اِذًا لَّاَذَقْنٰكَ ضِعْفَ الْحَیٰوةِ وَضِعْفَ الْمَمَاتِ ثُمَّ لَا تَجِدُ لَكَ عَلَیْنَا نَصِیْرًا ۟
যদি এনে কৰিলাহেঁতেন তেন্তে নিশ্চয় আমি তোমাক এই জীৱনত দ্বিগুণ আৰু পৰকালতো দ্বিগুণ শাস্তিৰ সোৱাদ দিলোঁহেঁতেন; তেতিয়া তুমি আমাৰ বিৰুদ্ধে তোমাৰ বাবে কোনো সহায়কাৰীও নাপালেহেঁতেন।
Ang mga Tafsir na Arabe:
 
Salin ng mga Kahulugan Surah: Al-Isrā’
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman - Indise ng mga Salin

Isinalin ito ni Rafiq Al-Islam Ḥabīburraḥmān.

Isara