Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman * - Indise ng mga Salin

PDF XML CSV Excel API
Please review the Terms and Policies

Salin ng mga Kahulugan Surah: An-Nisā’   Ayah:
لَا خَیْرَ فِیْ كَثِیْرٍ مِّنْ نَّجْوٰىهُمْ اِلَّا مَنْ اَمَرَ بِصَدَقَةٍ اَوْ مَعْرُوْفٍ اَوْ اِصْلَاحٍ بَیْنَ النَّاسِ ؕ— وَمَنْ یَّفْعَلْ ذٰلِكَ ابْتِغَآءَ مَرْضَاتِ اللّٰهِ فَسَوْفَ نُؤْتِیْهِ اَجْرًا عَظِیْمًا ۟
সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰে কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে (তাৰ পৰামৰ্শত) যিয়ে ছাদাকাহ, সৎকৰ্ম আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে, আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব নিশ্চয় আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম।
Ang mga Tafsir na Arabe:
وَمَنْ یُّشَاقِقِ الرَّسُوْلَ مِنْ بَعْدِ مَا تَبَیَّنَ لَهُ الْهُدٰی وَیَتَّبِعْ غَیْرَ سَبِیْلِ الْمُؤْمِنِیْنَ نُوَلِّهٖ مَا تَوَلّٰی وَنُصْلِهٖ جَهَنَّمَ ؕ— وَسَآءَتْ مَصِیْرًا ۟۠
আৰু যাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছতো ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালেই ওভতাই দিম যিফালে সি উভতি যায়, আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আবাসস্থল!
Ang mga Tafsir na Arabe:
اِنَّ اللّٰهَ لَا یَغْفِرُ اَنْ یُّشْرَكَ بِهٖ وَیَغْفِرُ مَا دُوْنَ ذٰلِكَ لِمَنْ یَّشَآءُ ؕ— وَمَنْ یُّشْرِكْ بِاللّٰهِ فَقَدْ ضَلَّ ضَلٰلًا بَعِیْدًا ۟
নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন (শ্বিৰ্ক) কৰাক ক্ষমা নকৰিব। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা কৰিব ক্ষমা কৰি দিব আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি ভীষণভাৱে পথভ্ৰষ্ট হয়।
Ang mga Tafsir na Arabe:
اِنْ یَّدْعُوْنَ مِنْ دُوْنِهٖۤ اِلَّاۤ اِنٰثًا ۚ— وَاِنْ یَّدْعُوْنَ اِلَّا شَیْطٰنًا مَّرِیْدًا ۟ۙ
তেওঁৰ পৰিবৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা-পাঠ কৰে লগতে বিদ্ৰোহী চয়তানৰ পূজা কৰে।
Ang mga Tafsir na Arabe:
لَّعَنَهُ اللّٰهُ ۘ— وَقَالَ لَاَتَّخِذَنَّ مِنْ عِبَادِكَ نَصِیْبًا مَّفْرُوْضًا ۟ۙ
আল্লাহে তাক (চয়তানক) অভিসম্পাত কৰিছে আৰু সি (চয়তানে) কয়, ‘নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম।
Ang mga Tafsir na Arabe:
وَّلَاُضِلَّنَّهُمْ وَلَاُمَنِّیَنَّهُمْ وَلَاٰمُرَنَّهُمْ فَلَیُبَتِّكُنَّ اٰذَانَ الْاَنْعَامِ وَلَاٰمُرَنَّهُمْ فَلَیُغَیِّرُنَّ خَلْقَ اللّٰهِ ؕ— وَمَنْ یَّتَّخِذِ الشَّیْطٰنَ وَلِیًّا مِّنْ دُوْنِ اللّٰهِ فَقَدْ خَسِرَ خُسْرَانًا مُّبِیْنًا ۟ؕ
‘আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম, লগতে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম, আৰু নিশ্চয় মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে আল্লাহৰ সৃষ্টিকো বিকৃত কৰিব’। এতেকে যিয়ে আল্লাহৰ পৰিবৰ্তে চয়তানক অভিভাৱকৰূপে গ্ৰহণ কৰিব সি নিশ্চয় স্পষ্ট ক্ষতিগ্ৰস্ত হ’ব।
Ang mga Tafsir na Arabe:
یَعِدُهُمْ وَیُمَنِّیْهِمْ ؕ— وَمَا یَعِدُهُمُ الشَّیْطٰنُ اِلَّا غُرُوْرًا ۟
সি (চয়তানে) সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে, (জানি থোৱা) চয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিহে দিয়ে।
Ang mga Tafsir na Arabe:
اُولٰٓىِٕكَ مَاْوٰىهُمْ جَهَنَّمُ ؗ— وَلَا یَجِدُوْنَ عَنْهَا مَحِیْصًا ۟
এইসকল লোকৰেই আশ্ৰয়স্থল হৈছে জাহান্নাম, তাৰ পৰা সিহঁতে নিষ্কৃতিৰ উপায় বিচাৰি নাপাব।
Ang mga Tafsir na Arabe:
 
Salin ng mga Kahulugan Surah: An-Nisā’
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman - Indise ng mga Salin

Isinalin ito ni Rafiq Al-Islam Ḥabīburraḥmān.

Isara