Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Người dịch tiếng Assam - Rafiqul Islam Habibur Rahman. * - Mục lục các bản dịch

PDF XML CSV Excel API
Please review the Terms and Policies

Ý nghĩa nội dung Chương: Al-Nisa'   Câu:
اُولٰٓىِٕكَ الَّذِیْنَ لَعَنَهُمُ اللّٰهُ ؕ— وَمَنْ یَّلْعَنِ اللّٰهُ فَلَنْ تَجِدَ لَهٗ نَصِیْرًا ۟ؕ
ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।
Các Tafsir tiếng Ả-rập:
اَمْ لَهُمْ نَصِیْبٌ مِّنَ الْمُلْكِ فَاِذًا لَّا یُؤْتُوْنَ النَّاسَ نَقِیْرًا ۟ۙ
(আল্লাহৰ) ৰাজত্বত সিহঁতৰ কোনো অংশ আছে নেকি? (সঁচাই যদি থাকিলহেঁতেন) তেতিয়াহ’লে সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা মিহি আৱৰণ পৰিমাণো কোনো বস্তু মানুহক নিদিলেহেঁতেন।
Các Tafsir tiếng Ả-rập:
اَمْ یَحْسُدُوْنَ النَّاسَ عَلٰی مَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ۚ— فَقَدْ اٰتَیْنَاۤ اٰلَ اِبْرٰهِیْمَ الْكِتٰبَ وَالْحِكْمَةَ وَاٰتَیْنٰهُمْ مُّلْكًا عَظِیْمًا ۟
অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেইকাৰণে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলোঁ।
Các Tafsir tiếng Ả-rập:
فَمِنْهُمْ مَّنْ اٰمَنَ بِهٖ وَمِنْهُمْ مَّنْ صَدَّ عَنْهُ ؕ— وَكَفٰی بِجَهَنَّمَ سَعِیْرًا ۟
তাৰ পিছত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল; প্ৰকৃততে দগ্ধ কৰিবলৈ জাহান্নামেই যথেষ্ট।
Các Tafsir tiếng Ả-rập:
اِنَّ الَّذِیْنَ كَفَرُوْا بِاٰیٰتِنَا سَوْفَ نُصْلِیْهِمْ نَارًا ؕ— كُلَّمَا نَضِجَتْ جُلُوْدُهُمْ بَدَّلْنٰهُمْ جُلُوْدًا غَیْرَهَا لِیَذُوْقُوا الْعَذَابَ ؕ— اِنَّ اللّٰهَ كَانَ عَزِیْزًا حَكِیْمًا ۟
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, অচিৰেই আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব (দগ্ধ হ’ব), তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Các Tafsir tiếng Ả-rập:
وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ سَنُدْخِلُهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— لَهُمْ فِیْهَاۤ اَزْوَاجٌ مُّطَهَّرَةٌ ؗ— وَّنُدْخِلُهُمْ ظِلًّا ظَلِیْلًا ۟
আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতিশীঘ্ৰে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত তেওঁলোক চিৰস্থায়ী হ’ব, লগতে তাত থাকিব তেওঁলোকৰ বাবে পৱিত্ৰ স্ত্ৰী, আৰু তেওঁলোকক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।
Các Tafsir tiếng Ả-rập:
اِنَّ اللّٰهَ یَاْمُرُكُمْ اَنْ تُؤَدُّوا الْاَمٰنٰتِ اِلٰۤی اَهْلِهَا ۙ— وَاِذَا حَكَمْتُمْ بَیْنَ النَّاسِ اَنْ تَحْكُمُوْا بِالْعَدْلِ ؕ— اِنَّ اللّٰهَ نِعِمَّا یَعِظُكُمْ بِهٖ ؕ— اِنَّ اللّٰهَ كَانَ سَمِیْعًا بَصِیْرًا ۟
নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
Các Tafsir tiếng Ả-rập:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ وَاُولِی الْاَمْرِ مِنْكُمْ ۚ— فَاِنْ تَنَازَعْتُمْ فِیْ شَیْءٍ فَرُدُّوْهُ اِلَی اللّٰهِ وَالرَّسُوْلِ اِنْ كُنْتُمْ تُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ— ذٰلِكَ خَیْرٌ وَّاَحْسَنُ تَاْوِیْلًا ۟۠
হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।
Các Tafsir tiếng Ả-rập:
 
Ý nghĩa nội dung Chương: Al-Nisa'
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Người dịch tiếng Assam - Rafiqul Islam Habibur Rahman. - Mục lục các bản dịch

Người dịch Rafiqul Islam Habibur Rahman.

Đóng lại