Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (156) 章: 艾尔拉夫
وَاكْتُبْ لَنَا فِیْ هٰذِهِ الدُّنْیَا حَسَنَةً وَّفِی الْاٰخِرَةِ اِنَّا هُدْنَاۤ اِلَیْكَ ؕ— قَالَ عَذَابِیْۤ اُصِیْبُ بِهٖ مَنْ اَشَآءُ ۚ— وَرَحْمَتِیْ وَسِعَتْ كُلَّ شَیْءٍ ؕ— فَسَاَكْتُبُهَا لِلَّذِیْنَ یَتَّقُوْنَ وَیُؤْتُوْنَ الزَّكٰوةَ وَالَّذِیْنَ هُمْ بِاٰیٰتِنَا یُؤْمِنُوْنَ ۟ۚ
তুমি আমাক এই পৃথিৱীত সেই সকল লোকৰ অন্তৰ্ভুক্ত কৰা, যিসকলক তুমি নিয়ামত আৰু শান্তি দান কৰিছা আৰু সৎকৰ্ম কৰাৰ তাওফীত দান কৰিছা। লগতে আখিৰাতত সেই সকল পূণ্যৱান লোকৰ অন্তৰ্ভুক্ত কৰি দিয়া, যিসকলৰ বাবে তুমি জান্নাত প্ৰস্তুত কৰি ৰাখিছা। নিশ্চয় আমি তোমাৰ পিনে প্ৰত্যাৱৰ্তন কৰিছো, লগতে আমি আমাৰ গুনাহ আৰু অপৰাধ স্বীকাৰ কৰিছো। আল্লাহে কৈছেঃ যিসকলে দুৰ্ভাগ্যৰ পথ অৱলম্বন কৰিছে সিহঁতৰ মাজৰ যাক মই ইচ্ছা কৰিম মোৰ শাস্তি ভোগ কৰাম। আৰু পৃথিৱীত মোৰ ৰহমতে সকলো বস্তুকে আৱৰি আছে। এতেকে প্ৰত্যেক সৃষ্টিয়ে আল্লাহৰ ৰহমত লাভ কৰে আৰু সকলোকে তেওঁৰ অনুগ্ৰহ আৰু উপকাৰে আৱৰি আছে। কিন্তু আখিৰাতত মই মোৰ কৃপা সেই সকল লোকৰ বাবে নিৰ্দিষ্ট কৰিম, যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰে, যিসকলে নিজৰ সম্পত্তিৰ যাকাত, যাকাত শিতানলৈ আদায় কৰে আৰু যিসকলে আমাৰ নিদৰ্শনসমূহৰ ওপৰত বিশ্বাস পোষণ কৰে।
阿拉伯语经注:
这业中每段经文的优越:
• تضمَّنت التوراة والإنجيل أدلة ظاهرة على بعثة النبي محمد صلى الله عليه وسلم وعلى صدقه.
তাওৰাত আৰু ইঞ্জীলত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম নবী হোৱা সম্পৰ্কে বহুতো স্পষ্ট প্ৰমাণ উল্লেখ আছে।

• رحمة الله وسعت كل شيء، ولكن رحمة الله عباده ذات مراتب متفاوتة، تتفاوت بحسب الإيمان والعمل الصالح.
আল্লাহৰ দয়া সকলো বস্তুৰ ওপৰতে প্ৰসাৰিত, কিন্তু বান্দাৰ ওপৰত তেওঁৰ দয়াৰ কেইবাটাও শ্ৰেণী আছে, সেয়া ঈমান আৰু সৎকৰ্মৰ ওপৰত ভিত্তি কৰি কম বেছি হয়।

• الدعاء قد يكون مُجْملًا وقد يكون مُفَصَّلًا حسب الأحوال، وموسى في هذا المقام أجمل في دعائه.
পৰিস্থিতি অনুসাৰে দুআ কেতিয়াবা সংক্ষিপ্ত আৰু কেতিয়াবা বিস্তাৰিত হয়। ইয়াত মূছা আলাইহিছ ছালামে সংক্ষিপ্ত দুআ কৰিছে।

• من صور عدل الله عز وجل إنصافه للقِلَّة المؤمنة، حيث ذكر صفات بني إسرائيل المنافية للكمال المناقضة للهداية، فربما توهَّم متوهِّم أن هذا يعم جميعهم، فَذَكَر تعالى أن منهم طائفة مستقيمة هادية مهدية.
আল্লাহ তাআলাৰ ন্যায়ৰ দৃশ্যসমূহৰ এটা দৃশ্য হৈছে এই যে, তেওঁ সংখ্যালঘু মুমিনসকলৰ লগতো ইনচাফ কৰিছে। যেতিয়া আল্লাহ তাআলাই বনী ইছৰাঈলৰ এনেকুৱা বৈশিষ্ট্যবোৰ উল্লেখ কৰিলে, যিবোৰ পৰিপূৰ্ণৰূপে হিদায়তৰ বিপৰীত আছিল, তেনেস্থলত কোনোবাই ভাৱিব পাৰে যে, বনী ইছৰাঈলৰ সকলোৱে এনেকুৱাই আছিল কিজানি। সেই কাৰণেই তেওঁ এই কথা স্পষ্ট কৰিছে যে, সিহঁতৰ মাজত এনেকুৱাও এটা দল আছিল যিটো সঠিক পথৰ ওপৰত প্ৰতিষ্ঠিত আছিল।

 
含义的翻译 段: (156) 章: 艾尔拉夫
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭