Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (163) 章: 艾尔拉夫
وَسْـَٔلْهُمْ عَنِ الْقَرْیَةِ الَّتِیْ كَانَتْ حَاضِرَةَ الْبَحْرِ ۘ— اِذْ یَعْدُوْنَ فِی السَّبْتِ اِذْ تَاْتِیْهِمْ حِیْتَانُهُمْ یَوْمَ سَبْتِهِمْ شُرَّعًا وَّیَوْمَ لَا یَسْبِتُوْنَ ۙ— لَا تَاْتِیْهِمْ ۛۚ— كَذٰلِكَ ۛۚ— نَبْلُوْهُمْ بِمَا كَانُوْا یَفْسُقُوْنَ ۟
তথা হে ৰাছুল! ইয়াহুদীসকলক সিহঁতৰ পুৰ্বপুৰুষৰ শাস্তি স্মৰণ কৰাবলৈ সেই জনপদৰ বিষয়ে সোধক, যিসকলে সাগৰৰ পাৰত বসবাস কৰিছিল, যেতিয়া সিহঁতে আল্লাহৰ নিষেধাজ্ঞাক আওকাণ কৰি শনিবাৰৰ দিনা মাছ চিকাৰত লিপ্ত হৈ আল্লাহৰ নিৰ্ধাৰিত সীমা উলংঘা কৰিছিল। এতেকে আল্লাহেও সিহঁতক পৰীক্ষা কৰিবলৈ এনেকুৱা পন্থা অৱলম্বন কৰিলে যে, শনিবাৰৰ দিনা মাছ সাগৰৰ পাৰত পানীৰ ওপৰেৰে ওফন্দি আহিছিল, অথচ অন্যান্য দিনত এনেকৈ অহা নাছিল। আল্লাহে সিহঁতক এই পৰীক্ষাত পেলোৱাৰ কাৰণটো হৈছে, সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল আৰু গুনাহত পতিত হৈছিল। ফলত সিহঁতে মাছ ধৰিবলৈ কৌশল অৱলম্বন কৰিলে। সিহঁতে আগতীয়াকৈ গাত খান্দি জাল পাতি থৈছিল। এতেকে শনিবাৰে জালত মাছ পৰিছিল আৰু সিহঁতে ৰবিবাৰে গৈ সেই জাল উঠাই আনিছিল আৰু সেই মাছ ভক্ষণ কৰিছিল।
阿拉伯语经注:
这业中每段经文的优越:
• الجحود والكفران سبب في الحرمان من النعم.
অহংকাৰ তথা অকৃতজ্ঞতা হৈছে অনুগ্ৰহৰ পৰা বঞ্চিতৰ কাৰণ।

• من أسباب حلول العقاب ونزول العذاب التحايل على الشرع؛ لأنه ظلم وتجاوز لحدود الله.
শাস্তি অহাৰ কাৰণসমূহৰ অন্যতম এটা কাৰণ হৈছে চৰীয়তি বিধানত বাহানা কৰা। কিয়নো এয়া হৈছে অন্যায় আৰু আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰ উলংঘন।

 
含义的翻译 段: (163) 章: 艾尔拉夫
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭