《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (90) 章: 艾尔拉夫
وَقَالَ الْمَلَاُ الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖ لَىِٕنِ اتَّبَعْتُمْ شُعَیْبًا اِنَّكُمْ اِذًا لَّخٰسِرُوْنَ ۟
তেওঁৰ জাতিৰ কাফিৰ নেতা আৰু প্ৰমুখসকলে, যিসকলে তাওহীদৰ আহ্বানক প্ৰত্যাখ্যান কৰিছিল সিহঁতে শ্বুআইব আলাইহিছ ছালাম আৰু তেওঁৰ ধৰ্মৰ পৰা সাৱধান কৰি ক'লেঃ হে আমাৰ সম্প্ৰদায়ৰ লোকসকল! যদি তোমালোকে শ্বুআইবৰ ধৰ্ম গ্ৰহণ কৰা, লগতে তোমালোকৰ ধৰ্ম আৰু তোমালোকৰ পূৰ্বপুৰুষৰ ধৰ্মক পৰিত্যাগ কৰা তেন্তে তোমালোকৰ ধ্বংস অনিবাৰ্য।
阿拉伯语经注:
这业中每段经文的优越:
• من مظاهر إكرام الله لعباده الصالحين أنه فتح لهم أبواب العلم ببيان الحق من الباطل، وبنجاة المؤمنين، وعقاب الكافرين.
আল্লাহে তেওঁৰ সত্কৰ্মকাৰী বান্দাসকলক যি সন্মান প্ৰদান কৰিছে তাৰ এটা উদাহৰণ এই যে, তেওঁ সত্য আৰু অসত্যক স্পষ্টৰূপে বৰ্ণনা কৰি আৰু মুমিনসকলক মুক্তি প্ৰদান কৰি আৰু কাফিৰসকলক শাস্তি প্ৰদান কৰি তেওঁলোকৰ বাবে জ্ঞানৰ দুৱাৰ খুলি দিছে।

• من سُنَّة الله في عباده الإمهال؛ لكي يتعظوا بالأحداث، ويُقْلِعوا عما هم عليه من معاص وموبقات.
আল্লাহৰ এটা অন্যতম ৰীতি এই যে, তেওঁ বান্দাসকলক অৱকাশ দিয়ে, যাতে সিহঁতে বিভিন্ন ঘটনাৰ পৰা শিক্ষা গ্ৰহণ কৰে আৰু গুনাহৰ পৰা বিৰত থাকে।

• الابتلاء بالشدة قد يصبر عليه الكثيرون، ويحتمل مشقاته الكثيرون، أما الابتلاء بالرخاء فالذين يصبرون عليه قليلون.
বিপদ-আপদৰ ৰূপত অহা পৰীক্ষাৰ সময়ত বহুতেই ধৈৰ্য ধাৰণ কৰে আৰু সফলতাপূৰ্বক ইয়াক সহ্য কৰে। কিন্তু সুখৰ ৰূপত অহা পৰীক্ষাৰ সময়ত ধৈৰ্য ধাৰণকাৰী লোকৰ সংখ্যা তেনেই তাকৰ।

 
含义的翻译 段: (90) 章: 艾尔拉夫
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭