Check out the new design

《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 章: 拜格勒   段:
قَالُوا ادْعُ لَنَا رَبَّكَ یُبَیِّنْ لَّنَا مَا هِیَ ۙ— اِنَّ الْبَقَرَ تَشٰبَهَ عَلَیْنَا ؕ— وَاِنَّاۤ اِنْ شَآءَ اللّٰهُ لَمُهْتَدُوْنَ ۟
সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে বৰ্ণনা কৰি দিয়ে যে, সেইজনী কেনেকুৱা হ’ব লাগে? নিশ্চয় গাইজনী আমাৰ বাবে সন্দেহপূৰ্ণ হৈছে; আৰু আল্লাহে ইচ্ছা কৰিলে নিশ্চয় আমি হিদায়তপ্ৰাপ্ত হ’ম’।
阿拉伯语经注:
قَالَ اِنَّهٗ یَقُوْلُ اِنَّهَا بَقَرَةٌ لَّا ذَلُوْلٌ تُثِیْرُ الْاَرْضَ وَلَا تَسْقِی الْحَرْثَ ۚ— مُسَلَّمَةٌ لَّا شِیَةَ فِیْهَا ؕ— قَالُوا الْـٰٔنَ جِئْتَ بِالْحَقِّ ؕ— فَذَبَحُوْهَا وَمَا كَادُوْا یَفْعَلُوْنَ ۟۠
মুছাই ক’লে, ‘তেওঁ কৈছে, সেইজনী এনেকুৱা গাই, যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই, সুস্থ আৰু নিখুঁত’। সিহঁতে ক’লে, ‘এতিয়া তুমি সত্য লৈ আহিছা’। অৱশেষত সিহঁতে গাইজনীক জবেহ কৰিলে, যদিও সিহঁতে সেয়া কৰিবলৈ প্ৰস্তুত নাছিল।
阿拉伯语经注:
وَاِذْ قَتَلْتُمْ نَفْسًا فَادّٰرَءْتُمْ فِیْهَا ؕ— وَاللّٰهُ مُخْرِجٌ مَّا كُنْتُمْ تَكْتُمُوْنَ ۟ۚ
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে এজন ব্যক্তিক হত্যা কৰিছিলা তাৰ পিছত এজনে আনজনৰ প্ৰতি দোষাৰোপ কৰিছিলা, আৰু তোমালোকে যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰিলে।
阿拉伯语经注:
فَقُلْنَا اضْرِبُوْهُ بِبَعْضِهَا ؕ— كَذٰلِكَ یُحْیِ اللّٰهُ الْمَوْتٰی وَیُرِیْكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَعْقِلُوْنَ ۟
তাৰ পিছত আমি ক’লোঁ, ‘ইয়াৰ কোনো এটা অংশৰে (অৰ্থাৎ গাইজনীৰ মাংসৰে) তাক আঘাত কৰা’। এইদৰেই আল্লাহে মৃতক জীৱিত কৰে আৰু তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱায় যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।
阿拉伯语经注:
ثُمَّ قَسَتْ قُلُوْبُكُمْ مِّنْ بَعْدِ ذٰلِكَ فَهِیَ كَالْحِجَارَةِ اَوْ اَشَدُّ قَسْوَةً ؕ— وَاِنَّ مِنَ الْحِجَارَةِ لَمَا یَتَفَجَّرُ مِنْهُ الْاَنْهٰرُ ؕ— وَاِنَّ مِنْهَا لَمَا یَشَّقَّقُ فَیَخْرُجُ مِنْهُ الْمَآءُ ؕ— وَاِنَّ مِنْهَا لَمَا یَهْبِطُ مِنْ خَشْیَةِ اللّٰهِ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟
ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ পৰিছিল, যেনিবা শিল অথবা তাতোকৈ কঠিন। অথচ কিছুমান শিল এনেকুৱাও আছে যিটোৰ পৰা নৈ-নিজৰা প্ৰবাহিত হয়, আৰু কিছুমান এনেকুৱাও আছে যিটো বিদীৰ্ণ হোৱাৰ পিছত তাৰ পৰা পানী নিৰ্গত হয়, আৰু কিছুমান আছে আল্লাহৰ ভয়ত খহি পৰে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।
阿拉伯语经注:
اَفَتَطْمَعُوْنَ اَنْ یُّؤْمِنُوْا لَكُمْ وَقَدْ كَانَ فَرِیْقٌ مِّنْهُمْ یَسْمَعُوْنَ كَلٰمَ اللّٰهِ ثُمَّ یُحَرِّفُوْنَهٗ مِنْ بَعْدِ مَا عَقَلُوْهُ وَهُمْ یَعْلَمُوْنَ ۟
তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে আৰু সিহঁতে সেই বাণী অনুধাৱন কৰাৰ পিছতো জানি বুজি বিকৃত কৰে।
阿拉伯语经注:
وَاِذَا لَقُوا الَّذِیْنَ اٰمَنُوْا قَالُوْۤا اٰمَنَّا ۖۚ— وَاِذَا خَلَا بَعْضُهُمْ اِلٰی بَعْضٍ قَالُوْۤا اَتُحَدِّثُوْنَهُمْ بِمَا فَتَحَ اللّٰهُ عَلَیْكُمْ لِیُحَآجُّوْكُمْ بِهٖ عِنْدَ رَبِّكُمْ ؕ— اَفَلَا تَعْقِلُوْنَ ۟
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া কয়, 'আমি ঈমান আনিছোঁ'। আকৌ যেতিয়া সিহঁতে গোপনে ইজনে সিজনৰ লগত মিলিত হয় তেতিয়া কয়, 'তোমালোকে সিহঁতৰ লগত সেই কথাবোৰ কিয় আলোচনা কৰা যিবোৰ আল্লাহে তোমালোকৰ ওচৰত উন্মুক্ত কৰি দিছে; সিহঁতে ইয়াৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বিৰুদ্ধে প্ৰমাণ দাঙি ধৰিব সেইটো তোমালোকে বুজি নোপোৱা নেকি'?
阿拉伯语经注:
 
含义的翻译 章: 拜格勒
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 - 译解目录

拉菲格·伊斯俩姆·哈比布·拉哈曼翻译。

关闭