Check out the new design

《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 章: 福勒嘎里   段:
وَلَا یَاْتُوْنَكَ بِمَثَلٍ اِلَّا جِئْنٰكَ بِالْحَقِّ وَاَحْسَنَ تَفْسِیْرًا ۟ؕ
আৰু সিহঁতে তোমাৰ ওচৰলৈ যি বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰলৈ আনিছোঁ।
阿拉伯语经注:
اَلَّذِیْنَ یُحْشَرُوْنَ عَلٰی وُجُوْهِهِمْ اِلٰی جَهَنَّمَ ۙ— اُولٰٓىِٕكَ شَرٌّ مَّكَانًا وَّاَضَلُّ سَبِیْلًا ۟۠
যিসকলক উবুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব, মৰ্যাদাৰ দিশৰ পৰা সিহঁত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট।
阿拉伯语经注:
وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَجَعَلْنَا مَعَهٗۤ اَخَاهُ هٰرُوْنَ وَزِیْرًا ۟ۚۖ
নিশ্চয় আমিয়েই মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী হিচাপে নিযুক্ত কৰিছিলোঁ।
阿拉伯语经注:
فَقُلْنَا اذْهَبَاۤ اِلَی الْقَوْمِ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا ؕ— فَدَمَّرْنٰهُمْ تَدْمِیْرًا ۟ؕ
তাৰ পিছত আমি কৈছিলোঁ, ‘তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰলৈ যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে’। ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলোঁ;
阿拉伯语经注:
وَقَوْمَ نُوْحٍ لَّمَّا كَذَّبُوا الرُّسُلَ اَغْرَقْنٰهُمْ وَجَعَلْنٰهُمْ لِلنَّاسِ اٰیَةً ؕ— وَاَعْتَدْنَا لِلظّٰلِمِیْنَ عَذَابًا اَلِیْمًا ۟ۚۙ
আৰু নূহ সম্প্ৰদায়কো (ধ্বংস কৰিছিলোঁ), যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক ডুবাই মাৰিছিলোঁ আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শন বনাই দিছোঁ। আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি।
阿拉伯语经注:
وَّعَادًا وَّثَمُوْدَاۡ وَاَصْحٰبَ الرَّسِّ وَقُرُوْنًا بَیْنَ ذٰلِكَ كَثِیْرًا ۟
আৰু আমি ধ্বংস কৰিছিলোঁ আদ, ছামূদ, ৰাছ’ৰ অধিবাসীবিলাকক, লগতে সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।
阿拉伯语经注:
وَكُلًّا ضَرَبْنَا لَهُ الْاَمْثَالَ ؗ— وَكُلًّا تَبَّرْنَا تَتْبِیْرًا ۟
আমি সিহঁতৰ প্ৰত্যেকৰে বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলোঁ আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ।
阿拉伯语经注:
وَلَقَدْ اَتَوْا عَلَی الْقَرْیَةِ الَّتِیْۤ اُمْطِرَتْ مَطَرَ السَّوْءِ ؕ— اَفَلَمْ یَكُوْنُوْا یَرَوْنَهَا ۚ— بَلْ كَانُوْا لَا یَرْجُوْنَ نُشُوْرًا ۟
নিশ্চয় এই কাফিৰবিলাকে সেই জনপদৰ মাজেৰেই অহা-যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি, তেন্তে সিহঁতে সেইবোৰ দেখা নাপায় নে? দৰাচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই নকৰে।
阿拉伯语经注:
وَاِذَا رَاَوْكَ اِنْ یَّتَّخِذُوْنَكَ اِلَّا هُزُوًا ؕ— اَهٰذَا الَّذِیْ بَعَثَ اللّٰهُ رَسُوْلًا ۟
আৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে, (আৰু কয়,) ‘এওঁৱেই নেকি সেইজন, যাক আল্লাহে ৰাছুল কৰি পঠাইছে’?
阿拉伯语经注:
اِنْ كَادَ لَیُضِلُّنَا عَنْ اٰلِهَتِنَا لَوْلَاۤ اَنْ صَبَرْنَا عَلَیْهَا ؕ— وَسَوْفَ یَعْلَمُوْنَ حِیْنَ یَرَوْنَ الْعَذَابَ مَنْ اَضَلُّ سَبِیْلًا ۟
‘এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন, যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোঁহেঁতেন’। যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট।
阿拉伯语经注:
اَرَءَیْتَ مَنِ اتَّخَذَ اِلٰهَهٗ هَوٰىهُ ؕ— اَفَاَنْتَ تَكُوْنُ عَلَیْهِ وَكِیْلًا ۟ۙ
তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে নিজৰ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ কৰিছে? তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে?
阿拉伯语经注:
 
含义的翻译 章: 福勒嘎里
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 - 译解目录

拉菲格·伊斯俩姆·哈比布·拉哈曼翻译。

关闭