Check out the new design

《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 章: 嘎萨特   段:
وَقَالُوْا لِجُلُوْدِهِمْ لِمَ شَهِدْتُّمْ عَلَیْنَا ؕ— قَالُوْۤا اَنْطَقَنَا اللّٰهُ الَّذِیْۤ اَنْطَقَ كُلَّ شَیْءٍ وَّهُوَ خَلَقَكُمْ اَوَّلَ مَرَّةٍ وَّاِلَیْهِ تُرْجَعُوْنَ ۟
আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্ত্বাই সকলোকে বাকশক্তি দিছে’। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।
阿拉伯语经注:
وَمَا كُنْتُمْ تَسْتَتِرُوْنَ اَنْ یَّشْهَدَ عَلَیْكُمْ سَمْعُكُمْ وَلَاۤ اَبْصَارُكُمْ وَلَا جُلُوْدُكُمْ وَلٰكِنْ ظَنَنْتُمْ اَنَّ اللّٰهَ لَا یَعْلَمُ كَثِیْرًا مِّمَّا تَعْمَلُوْنَ ۟
তোমালোকৰ কাণ, চকু আৰু ছাল আদিয়ে তোমালোকৰ বিৰুদ্ধে সাক্ষ্য নিদিব বুলি তোমালোকে এইবোৰৰ পৰা একোৱেই গোপন কৰা নাছিলা, আনকি তোমালোকে ভাবিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে।
阿拉伯语经注:
وَذٰلِكُمْ ظَنُّكُمُ الَّذِیْ ظَنَنْتُمْ بِرَبِّكُمْ اَرْدٰىكُمْ فَاَصْبَحْتُمْ مِّنَ الْخٰسِرِیْنَ ۟
তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্তবিলাকৰ অন্তৰ্ভুক্ত।
阿拉伯语经注:
فَاِنْ یَّصْبِرُوْا فَالنَّارُ مَثْوًی لَّهُمْ ؕ— وَاِنْ یَّسْتَعْتِبُوْا فَمَا هُمْ مِّنَ الْمُعْتَبِیْنَ ۟
এতিয়া যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস; আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।
阿拉伯语经注:
وَقَیَّضْنَا لَهُمْ قُرَنَآءَ فَزَیَّنُوْا لَهُمْ مَّا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ وَحَقَّ عَلَیْهِمُ الْقَوْلُ فِیْۤ اُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِّنَ الْجِنِّ وَالْاِنْسِ ۚ— اِنَّهُمْ كَانُوْا خٰسِرِیْنَ ۟۠
আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলোঁ, যিসকলে সিহঁতৰ ভৱিষ্যৎ আৰু অতীতক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।
阿拉伯语经注:
وَقَالَ الَّذِیْنَ كَفَرُوْا لَا تَسْمَعُوْا لِهٰذَا الْقُرْاٰنِ وَالْغَوْا فِیْهِ لَعَلَّكُمْ تَغْلِبُوْنَ ۟
আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু এইখন তিলাৱত কৰাৰ সময়ত তোমালোকে হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’।
阿拉伯语经注:
فَلَنُذِیْقَنَّ الَّذِیْنَ كَفَرُوْا عَذَابًا شَدِیْدًا وَّلَنَجْزِیَنَّهُمْ اَسْوَاَ الَّذِیْ كَانُوْا یَعْمَلُوْنَ ۟
গতিকে নিশ্চয় আমি কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল দিম।
阿拉伯语经注:
ذٰلِكَ جَزَآءُ اَعْدَآءِ اللّٰهِ النَّارُ ۚ— لَهُمْ فِیْهَا دَارُ الْخُلْدِ ؕ— جَزَآءً بِمَا كَانُوْا بِاٰیٰتِنَا یَجْحَدُوْنَ ۟
এই হৈছে আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান, জাহান্নাম। আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফল হিচাপে সিহঁতৰ বাবে তাত আছে স্থায়ী আবাস।
阿拉伯语经注:
وَقَالَ الَّذِیْنَ كَفَرُوْا رَبَّنَاۤ اَرِنَا الَّذَیْنِ اَضَلّٰنَا مِنَ الْجِنِّ وَالْاِنْسِ نَجْعَلْهُمَا تَحْتَ اَقْدَامِنَا لِیَكُوْنَا مِنَ الْاَسْفَلِیْنَ ۟
আৰু কাফিৰসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়’।
阿拉伯语经注:
 
含义的翻译 章: 嘎萨特
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 - 译解目录

拉菲格·伊斯俩姆·哈比布·拉哈曼翻译。

关闭