Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኢብራሂም   አንቀጽ:
وَاِذْ قَالَ مُوْسٰی لِقَوْمِهِ اذْكُرُوْا نِعْمَةَ اللّٰهِ عَلَیْكُمْ اِذْ اَنْجٰىكُمْ مِّنْ اٰلِ فِرْعَوْنَ یَسُوْمُوْنَكُمْ سُوْٓءَ الْعَذَابِ وَیُذَبِّحُوْنَ اَبْنَآءَكُمْ وَیَسْتَحْیُوْنَ نِسَآءَكُمْ ؕ— وَفِیْ ذٰلِكُمْ بَلَآءٌ مِّنْ رَّبِّكُمْ عَظِیْمٌ ۟۠
হে ৰাছুল! স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া মূছা আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি বনী ইছৰাঈলক আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত নিয়ামতসমূহ স্মৰণ কৰোৱাই কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকক ফিৰআউনীসকলৰ পৰা ৰক্ষা কৰিছিল, আৰু সিহঁতৰ শাস্তিৰ পৰা পৰিত্ৰান দান কৰিছিল। সিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল, যাতে এনেকুৱা কোনো পুত্ৰ সন্তান জন্ম লভিব নোৱাৰে যিয়ে ফিৰআউনৰ ৰাজত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। আনহাতে তোমালোকৰ কন্যা সন্তানক জীৱিত ৰাখিছিল, যাতে তেওঁলোকক অপমানিত আৰু লাঞ্ছিত কৰিব পাৰে। সিহঁতৰ এই কৰ্মকাণ্ডত তোমালোকৰ বাবে আছিল মহা পৰীক্ষা, লগতে কঠোৰ ধৈৰ্যৰ প্ৰয়োজন আছিল। এতেকে এই পৰীক্ষাত তোমালোকৰ ধৈৰ্য ধাৰণৰ ফলত আল্লাহে তোমালোকক ফিৰআউন বাহিনীৰ পৰা ৰক্ষা কৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ تَاَذَّنَ رَبُّكُمْ لَىِٕنْ شَكَرْتُمْ لَاَزِیْدَنَّكُمْ وَلَىِٕنْ كَفَرْتُمْ اِنَّ عَذَابِیْ لَشَدِیْدٌ ۟
আৰু মূছাই সিহঁতক ক'লেঃ তোমালোকে সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া তোমালোকৰ প্ৰতিপালকে তোমালোকক গুৰুত্ব সহকাৰে জনাইছিল যে, যদি তোমালোকে আল্লাহে প্ৰদান কৰা নিয়ামতবোৰৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা তেন্তে তেওঁ তোমালোকক আৰু অধিক নিয়ামত তথা তেওঁৰ অনুগ্ৰহ দান কৰিব। আনহাতে যদি তোমালোকে তেওঁৰ নিয়ামতসমূহ অস্বীকাৰ কৰি তেওঁৰ অকৃতজ্ঞতা প্ৰকাশ কৰা তেন্তে জানি থোৱা, তেওঁৰ নিয়ামত অস্বীকাৰকাৰী সকলৰ বাবে আৰু অকৃতজ্ঞ সকলৰ বাবে তেওঁৰ শাস্তি নিশ্চয় অতি কঠোৰ।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ مُوْسٰۤی اِنْ تَكْفُرُوْۤا اَنْتُمْ وَمَنْ فِی الْاَرْضِ جَمِیْعًا ۙ— فَاِنَّ اللّٰهَ لَغَنِیٌّ حَمِیْدٌ ۟
মূছাই তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি ক'লেঃ যদি তোমালোকে কুফুৰী কৰা আৰু তোমালোকৰ সৈতে পৃথিৱীৰ সকলোৱে যদি কুফুৰী কৰে, তেন্তে সেই কুফুৰীৰ পৰিণাম তোমালোকেই ভোগ কৰিব লাগিব। কাৰণ নিশ্চিতভাৱে আল্লাহ অমুখাপেক্ষী। তেওঁ স্বয়ং প্ৰশংসিত। তেওঁক মুমিনসকলৰ ঈমানেও উপকাৰ নকৰে তথা কাফিৰসকলৰ কুফুৰীয়েও ক্ষতি নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ یَاْتِكُمْ نَبَؤُا الَّذِیْنَ مِنْ قَبْلِكُمْ قَوْمِ نُوْحٍ وَّعَادٍ وَّثَمُوْدَ ۛؕ۬— وَالَّذِیْنَ مِنْ بَعْدِهِمْ ۛؕ— لَا یَعْلَمُهُمْ اِلَّا اللّٰهُ ؕ— جَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَرَدُّوْۤا اَیْدِیَهُمْ فِیْۤ اَفْوَاهِهِمْ وَقَالُوْۤا اِنَّا كَفَرْنَا بِمَاۤ اُرْسِلْتُمْ بِهٖ وَاِنَّا لَفِیْ شَكٍّ مِّمَّا تَدْعُوْنَنَاۤ اِلَیْهِ مُرِیْبٍ ۟
হে কাফিৰসকল! তোমালোকৰ ওচৰত পূৰ্বৱৰ্তী অস্বীকাৰকাৰী লোকসকলৰ বাৰ্তা আহি পোৱা নাই নে, নূহ জাতি, আদ সম্প্ৰদায়, হুদ সম্প্ৰদায়, ছামূদ সম্প্ৰদায়, ছলেহ সম্প্ৰদায় আৰু সিহঁতৰ পিছত আগমন কৰা সম্প্ৰদায়সমূহ, যিবোৰৰ সংখ্যা অত্যাধিক, সঠিক সংখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আগমন কৰিছিল। কিন্তু সিহঁতে ৰাছুলৰ প্ৰতি ক্ৰোধান্বিত হৈ নিজৰ হাতৰ আঙুলি নিজেই কামুৰিছিল। আৰু ৰাছুলসকলক উদ্দেশ্যি কৈছিলঃ আপুনি যি লৈ আহিছে সেয়া আমি অস্বীকাৰ কৰো। আপুনি আমাক যিটোৰ পিনে আহ্বান কৰি আছে, সেই বিষয়ে আমি মহা সন্দেহত আছো।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَتْ رُسُلُهُمْ اَفِی اللّٰهِ شَكٌّ فَاطِرِ السَّمٰوٰتِ وَالْاَرْضِ ؕ— یَدْعُوْكُمْ لِیَغْفِرَ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُؤَخِّرَكُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ؕ— قَالُوْۤا اِنْ اَنْتُمْ اِلَّا بَشَرٌ مِّثْلُنَا ؕ— تُرِیْدُوْنَ اَنْ تَصُدُّوْنَا عَمَّا كَانَ یَعْبُدُ اٰبَآؤُنَا فَاْتُوْنَا بِسُلْطٰنٍ مُّبِیْنٍ ۟
সিহঁতৰ ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক'লেঃ আল্লাহৰ তাওহীদত তথা তেওঁ যে অকলেই ইবাদতৰ যোগ্য এই ক্ষেত্ৰত তোমালোকে সন্দেহ পোষণ কৰিছা নেকি? অথচ তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তথা তেওঁ পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ এই দুয়োটাক সৃষ্টি কৰিছে? তেওঁ তোমালোকক ঈমানৰ পিনে আহ্বান কৰি আছে, যাতে তোমালোকৰ পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়ে তথা পাৰ্থিৱ জীৱনত তোমালোকৰ নিৰ্ধাৰিত সময় পূৰণ কৰাৰ সুযোগ প্ৰদান কৰে। তেওঁলোকৰ সম্প্ৰদায়ে তেওঁলোকক ক'লেঃ আপোনালোক আমাৰ দৰেই মানৱ, আমাতকৈ পৃথক কোনো বিশেষত্ব আপোনালোকৰ মাজত নাই। আপোনালোকে আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বিৰত ৰাখিব বিচাৰে যিবোৰক আমাৰ পিতৃ-পুৰুষসকলে উপাসনা কৰিছিল। তেন্তে কোনো স্পষ্ট প্ৰমাণ লৈ আহক, যিটোৱে আপোনালোকৰ এই দাবীৰ সত্যতা প্ৰমাণ কৰিব যে, আপোনালোক আল্লাহৰ ফালৰ পৰা আমাৰ পিনে প্ৰেৰিত ৰাছুল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من وسائل الدعوة تذكير المدعوين بنعم الله تعالى عليهم، خاصة إن كان ذلك مرتبطًا بنعمة كبيرة، مثل نصر على عدوه أو نجاة منه.
দাৱাত প্ৰদানৰ এটা অন্যতম পদ্ধতি হৈছে আহ্বানকৃত লোকসকলক আল্লাহৰ নিয়ামত সম্পৰ্কে স্মৰণ কৰোৱা। বিশেষকৈ যদি তেওঁলোক কোনো ডাঙৰ নিয়ামতপ্ৰাপ্ত লোক হয়। উদাহৰণ স্বৰূপে, শত্ৰুৰ বিপক্ষে সহায় লাভ, অথবা বিপদৰ পৰা ৰক্ষা পোৱা ইত্যাদি।

• من فضل الله تعالى أنه وعد عباده مقابلة شكرهم بمزيد الإنعام، وفي المقابل فإن وعيده شديد لمن يكفر به.
এয়া আল্লাহৰ মহা অনুগ্ৰহ যে তেওঁ বান্দাসকলক কৃতজ্ঞতাৰ বিনিময়ত আৰু অধিক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। পক্ষান্তৰে অকৃতজ্ঞকাৰী সকলৰ বাবে আছে তেওঁৰ অতি কঠিন শাস্তি।

• كفر العباد لا يضر اللهَ البتة، كما أن إيمانهم لا يضيف له شيئًا، فهو غني حميد بذاته.
বান্দাৰ কুফুৰীয়ে আল্লাহৰ একো ক্ষতি সাধন কৰিব নোৱাৰে। যিদৰে সিহঁতৰ ঈমানে তেওঁৰ সন্মান বৃদ্ধি নকৰে। কাৰণ তেওঁ অমুখাপেক্ষী স্বয়ং প্ৰশংসিত।

 
የይዘት ትርጉም ምዕራፍ: ኢብራሂም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት