Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኢብራሂም   አንቀጽ:
مُهْطِعِیْنَ مُقْنِعِیْ رُءُوْسِهِمْ لَا یَرْتَدُّ اِلَیْهِمْ طَرْفُهُمْ ۚ— وَاَفْـِٕدَتُهُمْ هَوَآءٌ ۟ؕ
যেতিয়া মানুহে কবৰৰ পৰা উঠি খৰখেদাকৈ আহ্বানকাৰীৰ পিনে দৌৰিব, ওপৰমুৱা হৈ আকাশৰ পিনে ভয়ত চাই থাকিব। সিহঁতৰ চকু তলমুৱা হোৱাৰ নামেই নলব। বৰং সেইদিনৰ দৃশ্য দেখি সিহঁত থৰ লাগি চাই থাকিব, আৰু সেইদিনৰ ভয়াৱহ দৃশ্য দেখি সিহঁতৰ তত নাইকীয়া হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَنْذِرِ النَّاسَ یَوْمَ یَاْتِیْهِمُ الْعَذَابُ فَیَقُوْلُ الَّذِیْنَ ظَلَمُوْا رَبَّنَاۤ اَخِّرْنَاۤ اِلٰۤی اَجَلٍ قَرِیْبٍ ۙ— نُّجِبْ دَعْوَتَكَ وَنَتَّبِعِ الرُّسُلَ ؕ— اَوَلَمْ تَكُوْنُوْۤا اَقْسَمْتُمْ مِّنْ قَبْلُ مَا لَكُمْ مِّنْ زَوَالٍ ۟ۙ
হে ৰাছুল! আপুনি আপোনাৰ উম্মতক ক্বিয়ামত দিৱসৰ শাস্তিৰ পৰা সাৱধান কৰক। আল্লাহৰ লগত ৰী আৰু শ্বিৰ্ক কৰি যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে সিহঁতে সেইদিনা কবঃ হে আমাৰ প্ৰতিপালক! আমাক অলপ অৱকাশ দিয়া, আৰু কিছু সময়ৰ বাবে আমাৰ পৰা শাস্তি আঁতৰাই ৰাখা, আৰু আমাক সেই সময়ছোৱাত পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰা, আমি তোমাৰ প্ৰতি ঈমান আনিম আৰু তোমাৰ ৰাছুলসকলক অনুসৰণ কৰিম, যিসকলক তুমি আমালৈ প্ৰেৰণ কৰিছিলা। তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ তোমালোকে পাৰ্থিৱ জীৱনত, মৃত্যুৰ পৰৱৰ্তী জীৱনক অস্বীকাৰ কৰি শপত খোৱা নাছিলানে যে, তোমালোকে কেতিয়াও পৃথিৱীৰ পৰা আখিৰাতলৈ প্ৰত্যাৱৰ্তন নকৰিবা?
የአረብኛ ቁርኣን ማብራሪያ:
وَّسَكَنْتُمْ فِیْ مَسٰكِنِ الَّذِیْنَ ظَلَمُوْۤا اَنْفُسَهُمْ وَتَبَیَّنَ لَكُمْ كَیْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ الْاَمْثَالَ ۟
তোমালোকে পূৰ্বৱৰ্তী সম্প্ৰদায় সমূহে বসবাস কৰা ঠাইসমূহত প্ৰৱেশ কৰিছিলা, যিসকলে আল্লাহক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছিল, উদাহৰণ স্বৰূপে হূদ আৰু ছলেহ সম্প্ৰদায়। এই কথা তোমালোকৰ ওচৰত স্পষ্ট হৈছে যে, আমি কিদৰে সিহঁতক শাস্তি বিহিছিলো। আমি ঐশীপুথিত তোমালোকৰ বাবে উদাহৰণ দাঙি ধৰিছিলো, যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা। কিন্তু তোমালোকে এনেকুৱা কৰা নাছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَدْ مَكَرُوْا مَكْرَهُمْ وَعِنْدَ اللّٰهِ مَكْرُهُمْ ؕ— وَاِنْ كَانَ مَكْرُهُمْ لِتَزُوْلَ مِنْهُ الْجِبَالُ ۟
অত্যাচাৰী সম্প্ৰদায়ৰ বাসস্থানত প্ৰৱেশ কৰা এই লোকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ আৰু তেওঁৰ আহ্বানক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। অথচ আল্লাহ সিহঁতৰ ষড়যন্ত্ৰ সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। দৰাচলতে সিহঁতৰ ষড়যন্ত্ৰ আছিল অতি দুৰ্বল, এনেকুৱা ষড়যন্ত্ৰই পৰ্বত আদিক স্থানান্তৰ কৰিব নোৱাৰে। পক্ষান্তৰে আল্লাহৰ কৌশল সুকীয়া।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَا تَحْسَبَنَّ اللّٰهَ مُخْلِفَ وَعْدِهٖ رُسُلَهٗ ؕ— اِنَّ اللّٰهَ عَزِیْزٌ ذُو انْتِقَامٍ ۟ؕ
হে ৰাছুল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিব যে, আল্লাহে ৰাছুলসকলক সহায় কৰাৰ আৰু দ্বীনক বিজয় প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া ভঙ্গ কৰিব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ নিজৰ প্ৰিয়জনক অৱশ্যে শক্তিশালী কৰিব। নিশ্চয় তেওঁ নিজৰ আৰু তেওঁৰ ৰাছুলসকলৰ শত্ৰুসকলৰ কঠিনভাৱে প্ৰতিশোধ লব।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ تُبَدَّلُ الْاَرْضُ غَیْرَ الْاَرْضِ وَالسَّمٰوٰتُ وَبَرَزُوْا لِلّٰهِ الْوَاحِدِ الْقَهَّارِ ۟
কাফিৰসকলৰ পৰা এই প্ৰতিশোধ ক্বিয়ামতৰ দিনা লোৱা হ'ব। সেই দিনা এই পৃথিৱীক চাফ-চিকুন পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব। আকাশসমূহকো বেলেগ আকাশত পৰিণত কৰা হব। কবৰৰ পৰা মানুহ নিজৰ নিজৰ আমল আৰু শৰীৰ লৈ উঠিব। সেই আল্লাহৰ সন্মুখত অকলশৰীয়া হৈ থিয় হ'ব, যিজন মহানতা আৰু ৰাজত্ব একক। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَتَرَی الْمُجْرِمِیْنَ یَوْمَىِٕذٍ مُّقَرَّنِیْنَ فِی الْاَصْفَادِ ۟ۚ
হে ৰাছুল! যিদিনা এই পৃথিৱীক বেলেগ পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব, আৰু আকাশসমূহকো পৰিবৰ্তন কৰা হ'ব, সেইদিনা আপুনি কাফিৰ আৰু মুশ্বৰিকসকলক দেখিব যে, সিহঁতক একেলগে শিকলিৰে বান্ধি থোৱা হৈছে। সিহঁতৰ হাত-ভৰি ডিঙিৰ সৈতে বান্ধি থোৱা হ'ব। সিহঁতৰ কাপোৰ হ'ব (অতি উষ্ণতাশীল ধাতুৰে নিৰ্মিত) আলকাতৰাৰ। লগতে সিহঁতৰ কুৎসিত মুখমণ্ডল জুইত পুৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
سَرَابِیْلُهُمْ مِّنْ قَطِرَانٍ وَّتَغْشٰی وُجُوْهَهُمُ النَّارُ ۟ۙ
হে ৰাছুল! যিদিনা এই পৃথিৱীক বেলেগ পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব, আৰু আকাশসমূহকো পৰিবৰ্তন কৰা হ'ব, সেইদিনা আপুনি কাফিৰ আৰু মুশ্বৰিকসকলক দেখিব যে, সিহঁতক একেলগে শিকলিৰে বান্ধি থোৱা হৈছে। সিহঁতৰ হাত-ভৰি ডিঙিৰ সৈতে বান্ধি থোৱা হ'ব। সিহঁতৰ কাপোৰ হ'ব (অতি উষ্ণতাশীল ধাতুৰে নিৰ্মিত) আলকাতৰাৰ। লগতে সিহঁতৰ কুৎসিত মুখমণ্ডল জুইত পুৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
لِیَجْزِیَ اللّٰهُ كُلَّ نَفْسٍ مَّا كَسَبَتْ ؕ— اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟
যাতে আল্লাহে প্ৰত্যেককে সিহঁতৰ ভাল বেয়া কৰ্মৰ প্ৰতিদান দিব পাৰে। নিশ্চয় আল্লাহে অতিশীঘ্ৰে আমলৰ হিচাপ গ্ৰহণ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
هٰذَا بَلٰغٌ لِّلنَّاسِ وَلِیُنْذَرُوْا بِهٖ وَلِیَعْلَمُوْۤا اَنَّمَا هُوَ اِلٰهٌ وَّاحِدٌ وَّلِیَذَّكَّرَ اُولُوا الْاَلْبَابِ ۟۠
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে এক প্ৰকাৰ ঘোষণা। যাতে সিহঁতে ইয়াৰ কঠোৰ নিৰ্দেশনাক ভয় কৰে, আৰু এই কথাও যাতে সিহঁতে গম পায় যে, উপাসনাৰ যোগ্য একমাত্ৰ আল্লাহ তাআলা। ফলত সিহঁতে যাতে আল্লাহৰ ইবাদত কৰে আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰে। বিবেকৱান সকলে যাতে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে। কাৰণ সিহঁতেই উপদেশৰ পৰা আৰু শিক্ষাপ্ৰদ বিষয়ৰ পৰা শিক্ষা লয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تصوير مشاهد يوم القيامة وجزع الخلق وخوفهم وضعفهم ورهبتهم، وتبديل الأرض والسماوات.
ক্বিয়ামত দিৱসৰ দৃশ্য, মানুহৰ ভয়-ভীতি আৰু নিৰ্বলতাৰ বৰ্ণনা, পৃথিৱী আৰু আকাশমণ্ডল পৰিবৰ্তনৰ বৰ্ণনা।

• وصف شدة العذاب والذل الذي يلحق بأهل المعصية والكفر يوم القيامة.
পাপিষ্ঠ আৰু কাফিৰসকলৰ বাবে ক্বিয়ামতৰ দিনা হ'বলগীয়া কঠিন শাস্তি আৰু অপমানৰ বৰ্ণনা।

• أن العبد في سعة من أمره في حياته في الدنيا، فعليه أن يجتهد في الطاعة، فإن الله تعالى لا يتيح له فرصة أخرى إذا بعثه يوم القيامة.
পাৰ্থিৱ জীৱনত বান্দাই নিজৰ ক্ষেত্ৰত ফয়চালা লব পাৰে। সেয়ে সিহঁতে বেছি বেছি নেক কৰ্ম কৰা উচিত। কিয়নো আল্লাহে ক্বিয়ামতৰ দিনা পুনৰুত্থান কৰাৰ পিছত দ্বিতীয়বাৰ এই অৱকাশ প্ৰদান নকৰিব।

 
የይዘት ትርጉም ምዕራፍ: ኢብራሂም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት