Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኢብራሂም   አንቀጽ:
اَلَمْ تَرَ اَنَّ اللّٰهَ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ ؕ— اِنْ یَّشَاْ یُذْهِبْكُمْ وَیَاْتِ بِخَلْقٍ جَدِیْدٍ ۟ۙ
হে মানৱ! তুমি নাজানা নেকি যে, আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীক সত্যসহ সৃষ্টি কৰিছে। তেওঁ এনেই সৃষ্টি কৰা নাই। হে মানৱজাতি! তেওঁ যদি তোমালোকক নিঃশেষ কৰিব বিচাৰে অথবা তোমালোকৰ ঠাইত আন কোনো মখলুক আনিব বিচাৰে, যিসকলে তেওঁৰ ইবাদত কৰিব আৰু তেওঁৰ আনুগত্য কৰিব তেন্তে তেওঁ তোমালোকক নিঃশেষ কৰি তোমালোকৰ ঠাইত বেলেগ মখলুকক আনিবলৈ সক্ষম যিসকলে তেওঁৰ ইবাদত কৰিব আৰু তেওঁৰ আনুগত্য কৰিব। তেওঁৰ বাবে এইটো অতি সহজ তথা একেবাৰে সামান্য কৰ্ম।
የአረብኛ ቁርኣን ማብራሪያ:
وَّمَا ذٰلِكَ عَلَی اللّٰهِ بِعَزِیْزٍ ۟
তোমালোকক ধ্বংস কৰি বেলেগ মখলুক অনাটো আল্লাহৰ পক্ষে কোনো কঠিন কৰ্ম নহয়। তেওঁ সকলো বিষয়ে ক্ষমতাৱান, তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَبَرَزُوْا لِلّٰهِ جَمِیْعًا فَقَالَ الضُّعَفٰٓؤُا لِلَّذِیْنَ اسْتَكْبَرُوْۤا اِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ اَنْتُمْ مُّغْنُوْنَ عَنَّا مِنْ عَذَابِ اللّٰهِ مِنْ شَیْءٍ ؕ— قَالُوْا لَوْ هَدٰىنَا اللّٰهُ لَهَدَیْنٰكُمْ ؕ— سَوَآءٌ عَلَیْنَاۤ اَجَزِعْنَاۤ اَمْ صَبَرْنَا مَا لَنَا مِنْ مَّحِیْصٍ ۟۠
নিৰ্ধাৰিত সময়ত সকলো সৃষ্টিয়ে কবৰৰ পৰা উঠি আল্লাহৰ সন্মুখত উপস্থিত হ'ব। তেতিয়া অনুসাৰী দুৰ্বল লোকসকলে নিজ নিজ নেতৃবৃন্দক উদ্দেশ্যি ক'বঃ হে নেতৃবৃন্দ! নিশ্চয় আমি তোমালোকৰ অনুসৰণ কৰিছিলো, তোমালোকৰ আদেশ পালন কৰিছিলো, তোমালোকে নিষেধ কৰা বিষয়ৰ পৰা দূৰত থাকিছিলো। এতিয়া তোমালোকে আমাৰ ওপৰত আল্লাহৰ এই শাস্তিৰ কিছু অংশ দূৰ কৰিব পাৰিবানে, তেতিয়া সেই নেতাসকলে ক'বঃ যদি আল্লাহে আমাক হিদায়ত প্ৰদান কৰিলেহেঁতেন তেন্তে তোমালোককো আমি সেই পথ দেখুৱালোহেঁতেন আৰু আমি সকলোৱে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পালোহেঁতেন। কিন্তু যিহেতু আমি পথভ্ৰষ্ট আছিলো, সেয়ে তোমালোককো পথভ্ৰষ্ট কৰিছিলো। গতিকে এতিয়া আমাৰ আৰু তোমালোকৰ একেই অৱস্থা, নত হৈ শাস্তি সহ্য কৰা নাইবা শাস্তি সহিবলৈ ধৈৰ্য ধাৰণ কৰা। শাস্তিৰ পৰা পলায়ন কৰাৰ কোনো সুযোগ নাই।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ الشَّیْطٰنُ لَمَّا قُضِیَ الْاَمْرُ اِنَّ اللّٰهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُّكُمْ فَاَخْلَفْتُكُمْ ؕ— وَمَا كَانَ لِیَ عَلَیْكُمْ مِّنْ سُلْطٰنٍ اِلَّاۤ اَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِیْ ۚ— فَلَا تَلُوْمُوْنِیْ وَلُوْمُوْۤا اَنْفُسَكُمْ ؕ— مَاۤ اَنَا بِمُصْرِخِكُمْ وَمَاۤ اَنْتُمْ بِمُصْرِخِیَّ ؕ— اِنِّیْ كَفَرْتُ بِمَاۤ اَشْرَكْتُمُوْنِ مِنْ قَبْلُ ؕ— اِنَّ الظّٰلِمِیْنَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟
যেতিয়া জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া ইবলিছে ক'বঃ নিশ্চয় আল্লাহে তোমালোকক সত্য প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ সেয়া পুৰণ কৰিলে। আনহাতে মই তোমালোকক অসত্য প্ৰতিশ্ৰুতি দিছিলো, আৰু সেই বচন মই পূৰণ নকৰিলো। পৃথিৱীত তোমালোকক কুফৰী কৰিবলৈ আৰু পথভ্ৰষ্ট হ'বলৈ বাধ্য কৰিব পৰা মোৰ সিমান শক্তি নাছিল। মই কেৱল তোমালোকক কুফুৰীৰ পিনে আহ্বান কৰিছিলো, আৰু তোমালোকৰ পাপ কৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিছিলো, ফলত তোমালোক দ্ৰুত গতিত মোৰ অনুসৰণ কৰিছিলা। এতেকে তোমালোকে নিজৰ বিভ্ৰান্তিৰ বাবে মোক নিন্দা নকৰিবা, বৰং এতিয়া নিজকে ভৰ্ৎসনা কৰা। কাৰণ তোমালোক নিজেই ভৰ্ৎসনাৰ অধিক যোগ্য। এতিয়া ময়ো তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিম আৰু তোমালোকেও মোৰ পৰা শাস্তি দূৰীভূত কৰিব নোৱাৰিবা। তোমালোকে আল্লাহৰ ইবাদতত মোক যে অংশী কৰিছিলা সেই কথা মই নিশ্চিতভাৱে অস্বীকাৰ কৰিছো। নিশ্চয় পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি আৰু তেওঁৰ লগত কুফুৰী কৰি যিসকলে অন্যায় কৰিছে সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আছে কষ্টদায়ক শাস্তি, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاُدْخِلَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا بِاِذْنِ رَبِّهِمْ ؕ— تَحِیَّتُهُمْ فِیْهَا سَلٰمٌ ۟
অন্যায়কাৰীসকলৰ বিপৰীতে যিসকলে ঈমান পোষণ কৰিছে আৰু নেক আমল কৰিছে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰোৱা হ'ব, যাৰ অট্টালিকা আৰু গছ-গছনিৰ তলদেশত নদী প্ৰবাহিত। তেওঁলোকে নিজ প্ৰতিপালকৰ ক্ষমতাত আৰু তেওঁৰ অনুমতিত চিৰকাল থাকিব। তেওঁলোকে ইজনে সিজনক অভিবাদন জনাব। ফিৰিস্তাসকলেও স্বাগতম জনাব আৰু তেওঁলোকৰ প্ৰতিপালকেও স্বাগতম জনাব। এই স্বাগতম জনোৱা হব ছালামৰ জৰিয়তে।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ كَیْفَ ضَرَبَ اللّٰهُ مَثَلًا كَلِمَةً طَیِّبَةً كَشَجَرَةٍ طَیِّبَةٍ اَصْلُهَا ثَابِتٌ وَّفَرْعُهَا فِی السَّمَآءِ ۟ۙ
হে ৰাছুল! আপুনি গম পোৱা নাইনে যে, আল্লাহে কেনেকৈ কলিমা তাওহীদ অৰ্থাৎ লা ইলা-হা ইল্লাল্লাহৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ ইয়াৰ উদাহৰণ দিছে পৱিত্ৰ বৃক্ষ অৰ্থাৎ খেজুৰ গছৰ দ্বাৰা। যি গছৰ কাণ্ডৰ একাংশ মাটিৰ তলত থাকে, যিয়ে শিপাৰ দ্বাৰা পানী সংগ্ৰহ কৰে আৰু তাৰ ঠাল-ঠেঙুলিবোৰ ওপৰত নিয়ঁৰ খাই উত্তম বতাহ দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان سوء عاقبة التابع والمتبوع إن اجتمعا على الباطل.
অনুসৰণকাৰী আৰু অনুসৰণকৃত ব্যক্তি যদি উভয়ে বাতিল পথৰ পথিক হয় তেন্তে সিহঁতৰ যি বেয়া পৰিণাম হ'ব তাৰ বৰ্ণনা।

• بيان أن الشيطان أكبر عدو لبني آدم، وأنه كاذب مخذول ضعيف، لا يملك لنفسه ولا لأتباعه شيئًا يوم القيامة.
এই কথাৰ বৰ্ণনা যে, আদম সন্তানৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে চয়তান। নিশ্চয় সি মিছলীয়া, নিৰ্লজ্জ আৰু অতি দুৰ্বল। ক্বিয়ামতৰ দিনা নিজৰ অথবা তাৰ অনুসাৰী কাকোৱে একো উপকাৰ কৰিব নোৱাৰিব।

• اعتراف إبليس أن وعد الله تعالى هو الحق، وأن وعد الشيطان إنما هو محض الكذب.
ইবলীছে এই কথা স্বীকাৰ কৰিব যে, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি হৈছে সত্য। পক্ষান্তৰে চয়তানৰ প্ৰতিশ্ৰুতি হৈছে অসত্য।

• تشبيه كلمة التوحيد بالشجرة الطيبة الثمر، العالية الأغصان، الثابتة الجذور.
কলিমায়ে তাওহীদক এনেকুৱা এজোপা গছৰ দ্বাৰা সাদৃশ্য দিয়া হৈছে, যাৰ ফল হৈছে সোৱাদলগা। ঠাল-ঠেঙুলিবোৰ ওখ ওখ, মূল হৈছে প্ৰতিষ্ঠিত।

 
የይዘት ትርጉም ምዕራፍ: ኢብራሂም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት