የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሱረቱ መርየም   አንቀጽ:

ছুৰা মাৰয়াম

ከመዕራፉ ዓላማዎች:
إبطال عقيدة نسبة الولد لله من المشركين والنصارى، وبيان سعة رحمة الله بعباده.
খৃষ্টান আৰু মুশ্বৰিকসকলে আল্লাহৰ সন্তান থকা বুলি যি আক্বীদাহ পোষণ কৰে সেইটোক বাতিল বুলি ঘোষণা কৰা হৈছে, লগতে বান্দাসকলৰ প্ৰতি থকা আল্লাহৰ অসীম ৰহমত সম্পৰ্কে বৰ্ণনা কৰা হৈছে।

كٓهٰیٰعٓصٓ ۟
(কাফ, হা, ইয়া, আঈন, চদ) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
ذِكْرُ رَحْمَتِ رَبِّكَ عَبْدَهٗ زَكَرِیَّا ۟ۖۚ
এইটো যাকাৰিয়্যা আলাইহিচ্ছালামৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ ৰহমতৰ বৰ্ণনা। আমি আপোনাৰ সন্মুখত এই বৰ্ণনা উপদেশ তথা শিক্ষা লাভৰ উদ্দেশ্যে পাঠ কৰি আছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْ نَادٰی رَبَّهٗ نِدَآءً خَفِیًّا ۟
যিহেতু তেওঁ নিজ প্ৰতিপালকৰ ওচৰত গোপনে দুআ কৰিছিল, যাতে দুআ কবুল হোৱাৰ সুযোগ বেছি থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ رَبِّ اِنِّیْ وَهَنَ الْعَظْمُ مِنِّیْ وَاشْتَعَلَ الرَّاْسُ شَیْبًا وَّلَمْ اَكُنْ بِدُعَآىِٕكَ رَبِّ شَقِیًّا ۟
তেওঁ কৈছিলঃ হে মোৰ প্ৰতিপালক! মোৰ হাড়সমূহ দুৰ্বল হৈ গৈছে, মোৰ মূৰৰ চুলি বেছি ভাগেই বগা হৈছে। তথা মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰি কেতিয়াও নিৰাশ হোৱা নাই। বৰং মই যেতিয়াই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তুমি সেয়া কবুল কৰিছা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنِّیْ خِفْتُ الْمَوَالِیَ مِنْ وَّرَآءِیْ وَكَانَتِ امْرَاَتِیْ عَاقِرًا فَهَبْ لِیْ مِنْ لَّدُنْكَ وَلِیًّا ۟ۙ
মোৰ আশংকা হয় মোৰ আত্মীয়সকলে মোৰ মৃত্যুৰ পিচত সাংসাৰীক কামত লিপ্ত হৈ ধাৰ্মিক কৰ্তব্য নিৰ্বাহ কৰা পাহৰি যায় নেকি। ইপিনে মোৰ স্ত্ৰীও বন্ধ্যা। এতেকে তুমি মোক এজন পুত্ৰ সন্তান দান কৰা, যিজন মোৰ বাবে সহায়ক হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
یَّرِثُنِیْ وَیَرِثُ مِنْ اٰلِ یَعْقُوْبَ ۗ— وَاجْعَلْهُ رَبِّ رَضِیًّا ۟
যিজন মোৰ নবুওৱতৰ উত্তৰাধিকাৰী হ'ব তথা ইয়াকূব আলাইহিচ্ছালামৰ বংশৰ ওৱাৰিচ হ'ব, তথা (হে মোৰ প্ৰতিপালক!) তুমি তাক ধৰ্ম, নৈতিকতা আৰু জ্ঞান সকলো ক্ষেত্ৰতেই পন্দনীয় হিচাপে গঢ়ি তুলিবা।
የአረብኛ ቁርኣን ማብራሪያ:
یٰزَكَرِیَّاۤ اِنَّا نُبَشِّرُكَ بِغُلٰمِ ١سْمُهٗ یَحْیٰی ۙ— لَمْ نَجْعَلْ لَّهٗ مِنْ قَبْلُ سَمِیًّا ۟
আল্লাহে তেওঁৰ দুআ কবুল কৰিলে আৰু তেওঁক সম্বোধন কৰি ক'লেঃ হে যাকাৰিয়্যা! নিশ্চয় আমি আপোনাক এটা শুভসংবাদ শুনাম, আমি আপোনাৰ দুআ কবুল কৰিছোঁ। আমি আপোনাক এজন সুপুত্ৰ প্ৰদান কৰিম, যাৰ নাম হ'ব ইয়াহইয়া। তেওঁৰ পূৰ্বে আমি এই নাম আন কাকো দিয়া নাছিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ رَبِّ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَّكَانَتِ امْرَاَتِیْ عَاقِرًا وَّقَدْ بَلَغْتُ مِنَ الْكِبَرِ عِتِیًّا ۟
যাকাৰিয়্যা আলাইহিচ্ছালামে আল্লাহৰ ক্ষমতা দেখি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ ঘৰত কেনেকৈ পুত্ৰ সন্তান জন্ম লভিব, অথচ মোৰ পত্নী হৈছে বন্ধ্যা আৰু মই নিজেও বৃদ্ধাৱস্থাৰ অন্তিম সীমাত উপনীত হৈছোঁ। ইপিনে মোৰ হাড়সমূহও দুৰ্বল হৈ পৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ كَذٰلِكَ ۚ— قَالَ رَبُّكَ هُوَ عَلَیَّ هَیِّنٌ وَّقَدْ خَلَقْتُكَ مِنْ قَبْلُ وَلَمْ تَكُ شَیْـًٔا ۟
ফিৰিস্তাই ক'লেঃ হয়, বিষয়টো তেনেকুৱাই যিদৰে আপুনি ব্যক্ত কৰিছে যে, আপোনাৰ স্ত্ৰী বন্ধ্যা আৰু আপুনিও বৃদ্ধাৱস্থাৰ শেষ সীমাত উপনীত হৈছে তথা আপোনাৰ হাড়সমূহ দুৰ্বল হৈছে। কিন্তু আপোনাৰ প্ৰতিপালকে কৈছেঃ এজনী বন্ধ্যা মাকৰ গৰ্ভৰ পৰা আৰু এজন বৃদ্ধ পিতৃৰ পৰা ইয়াহইয়াক সৃষ্টি কৰা তেওঁৰ বাবে তেনেই সহজ। কিয়নো (হে যাকাৰিয়্যা) ইতিপূৰ্বে মই তোমাক সৃষ্টি কৰিছোঁ, অথচ তুমি উল্লেখযোগ্য একোৱেই নাছিলা। অৰ্থাৎ তোমাৰ কোনো অস্তিত্বই নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ رَبِّ اجْعَلْ لِّیْۤ اٰیَةً ؕ— قَالَ اٰیَتُكَ اَلَّا تُكَلِّمَ النَّاسَ ثَلٰثَ لَیَالٍ سَوِیًّا ۟
যাকাৰিয়্যা আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে কিবা এটা সংকেত নিৰ্ধাৰণ কৰি দিয়া, যাতে মোৰ অন্তৰে সন্তুষ্টি লাভ কৰে সেই বিষয়টো অৰ্জন কৰিবলৈ যিটো তুমি ফিৰিস্তাসকলৰ দ্বাৰা সুসংবাদ দিছা। আল্লাহে ক'লেঃ আপোনাক যিটো সুসংবাদ দিয়া হৈছে, সেইটো লাভ কৰাৰ সংকেত হৈছে এই যে, আপুনি তিনিদিনলৈকে মানুহৰ লগত কথা ক'ব নোৱাৰিব, অথচ আপোনাৰ কোনো অসুখ নাথাকিব তথা আপুনি সম্পূৰ্ণ সুস্থ থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَخَرَجَ عَلٰی قَوْمِهٖ مِنَ الْمِحْرَابِ فَاَوْحٰۤی اِلَیْهِمْ اَنْ سَبِّحُوْا بُكْرَةً وَّعَشِیًّا ۟
যাকাৰিয়্যা আলাইহিচ্ছালামে উপাসনা গৃহৰ পৰা ওলাই নিজ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু তেওঁলোকৰ লগত কথা নোকোৱাকৈ ইংগিতেৰে বুজাই দিলে যে, তোমালোকে পূৱা-গধুলি পৱিত্ৰ আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الضعف والعجز من أحب وسائل التوسل إلى الله؛ لأنه يدل على التَّبَرُّؤِ من الحول والقوة، وتعلق القلب بحول الله وقوته.
শিৰ নত কৰা আৰু বিনীত হোৱাটো আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ এটা প্ৰিয় মাধ্যম। কিয়নো এইটোৱে প্ৰমাণ কৰে যে, মানুহৰ ওচৰত কোনো শক্তি সামৰ্থ নাই। অন্তৰৰ সম্পৰ্ক আল্লাহৰ শক্তি সামৰ্থৰ লগত জৰিত।

• يستحب للمرء أن يذكر في دعائه نعم الله تعالى عليه، وما يليق بالخضوع.
মানুহে দুআ কৰাৰ সময়ত আল্লাহে প্ৰদান কৰা নিয়ামতসমূহ উল্লেখ কৰা উচিত তথা বিনয়ী ভাৱ প্ৰকাশ কৰা উচিত।

• الحرص على مصلحة الدين وتقديمها على بقية المصالح.
ধাৰ্মিক হিতসমূহ ৰক্ষা কৰা আৰু আন আন হিতৰ ওপৰত ইয়াক প্ৰাধান্য দিয়া উচিত।

• تستحب الأسماء ذات المعاني الطيبة.
উত্তম অৰ্থবিশিষ্ট নাম ৰখা মুস্তাহাব।

یٰیَحْیٰی خُذِ الْكِتٰبَ بِقُوَّةٍ ؕ— وَاٰتَیْنٰهُ الْحُكْمَ صَبِیًّا ۟ۙ
ইয়াৰ পিচত তেওঁৰ ঘৰত ইয়াহইয়াৰ জন্ম হ'ল। এতেকে তেওঁ যেতিয়া সম্বোধন কৰিব পৰা বয়সত উপনীত হ'ল, তেতিয়া তেওঁক আমি ক'লোঃ “হে ইয়াহইয়া! তাওৰাতক মজবুতভাৱে ধাৰণ কৰা”। আমি তেওঁক শিশু অৱস্থাতেই বোধশক্তি, জ্ঞান, গাম্ভীৰ্য্য আৰু প্ৰেৰণা প্ৰদান কৰিছিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَّحَنَانًا مِّنْ لَّدُنَّا وَزَكٰوةً ؕ— وَكَانَ تَقِیًّا ۟ۙ
আমি তেওঁৰ প্ৰতি আমাৰ ফালৰ পৰা বিশেষ দয়া কৰিছিলোঁ, আৰু তেওঁক পাপকৰ্মৰ পৰা পৱিত্ৰ ৰাখিছিলোঁ। তথা তেওঁ আছিল এজন সদাচাৰী ব্যক্তি। তেওঁ আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَّبَرًّا بِوَالِدَیْهِ وَلَمْ یَكُنْ جَبَّارًا عَصِیًّا ۟
তেওঁ নিজ পিতৃ-মাতৃৰ আনুগত্যশীল আৰু তেওঁলোকৰ প্ৰতি সদাচাৰী আছিল। তেওঁ নিজ প্ৰতিপালকৰ আনুগত্যত তথা পিতৃ-মাতৃৰ আনুগত্যৰ ক্ষেত্ৰত অহংকাৰী নাছিল। তথা তেওঁলোকৰ প্ৰতি অবাধ্যও নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَسَلٰمٌ عَلَیْهِ یَوْمَ وُلِدَ وَیَوْمَ یَمُوْتُ وَیَوْمَ یُبْعَثُ حَیًّا ۟۠
তেওঁৰ বাবে আল্লাহৰ ফালৰ পৰা শান্তি নিৰ্ধাৰিত, যিদিনা তেওঁ জন্ম গ্ৰহণ কৰিছে আৰু যিদিনা তেওঁ মৃত্যুবৰণ কৰিব তথা এই পাৰ্থিৱ জীৱনৰ পৰা বিদায় লব, আৰু কিয়ামতৰ দিনা যেতিয়া তেওঁ জীৱিত হৈ পুনৰুত্থিত হ'ব। দৰাচলতে এইটোৱে সেই ভয়াৱহ তিনিটা স্থান, যিটো প্ৰত্যেক মানুহেই অতিক্ৰম কৰিব লাগিব। যদি ইয়াৰ পৰা সুকলমে অতিক্ৰম কৰিব পাৰে তেন্তে তাৰ বাবে আন ক’তো কোনো ভয় নাথাকে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاذْكُرْ فِی الْكِتٰبِ مَرْیَمَ ۘ— اِذِ انْتَبَذَتْ مِنْ اَهْلِهَا مَكَانًا شَرْقِیًّا ۟ۙ
হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত মৰিয়ম আলাইহাচ্ছালামৰ ঘটনা স্মৰণ কৰক। যেতিয়া তেওঁ নিজ পৰিয়ালৰ পৰা পৃথক হৈ পূৱ ফালে অৱস্থিত এটা স্থানত অকলে বসবাস কৰিবলৈ লৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَاتَّخَذَتْ مِنْ دُوْنِهِمْ حِجَابًا ۫— فَاَرْسَلْنَاۤ اِلَیْهَا رُوْحَنَا فَتَمَثَّلَ لَهَا بَشَرًا سَوِیًّا ۟
ফলত তেওঁ নিজৰ বাবে এখন তম্বু সাজি লৈছিল। যাতে তেওঁ যেতিয়া নিজ প্ৰতিপালকৰ ইবাদত কৰিব তেতিয়া তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক প্ৰত্যক্ষ নকৰে। এই সময়ছোৱাতে আমি জিব্ৰীল আলাইহিচ্ছালামক তেওঁৰ ওচৰলৈ প্ৰেৰণ কৰিলোঁ। জিব্ৰীল আলাইহিচ্ছালাম তেওঁৰ ওচৰলৈ সম্পূৰ্ণৰূপে মানৱ আকৃতি ধাৰণ কৰি আগমণ কৰিলে। কিন্তু মৰিয়মে ভয় কৰিলে, ভাৱিলে কিবা বেয়া কৰ্ম কৰিব বিচাৰে নেকি।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَتْ اِنِّیْۤ اَعُوْذُ بِالرَّحْمٰنِ مِنْكَ اِنْ كُنْتَ تَقِیًّا ۟
যেতিয়া তেওঁ জিব্ৰীলক দেখা পালে, তেওঁ এজন মানৱ ৰূপ ধাৰণ কৰি তেওঁৰ ফালে আগুৱাই আহি আছিল। তেতিয়া তেওঁ ক'লেঃ হে ব্যক্তি! যদি তুমি এজন সদাচাৰী আৰু আল্লাহক ভয় কৰা তেন্তে শুনা! নিশ্চয় মই তোমাৰ অনিষ্টৰ পৰা অত্যন্ত কৃপাশীল আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ اِنَّمَاۤ اَنَا رَسُوْلُ رَبِّكِ ۖۗ— لِاَهَبَ لَكِ غُلٰمًا زَكِیًّا ۟
জিব্ৰীল আলাইহিচ্ছালামে ক'লেঃ মই মানৱ নহয়। নিশ্চয় মই তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন দূত। তেৱেঁই মোক তোমাৰ ওচৰলৈ প্ৰেৰণ কৰিছে। যাতে মই তোমাক এজন পাক-পৱিত্ৰ সুসন্তান প্ৰদান কৰিব পাৰোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَتْ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَّلَمْ یَمْسَسْنِیْ بَشَرٌ وَّلَمْ اَكُ بَغِیًّا ۟
মৰিয়মে আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, যিহেতু মোৰ পতি নাই, আৰু মই কোনো পুৰুষৰো সংস্পৰ্শত আহা নাই। আনহাতে মই কোনো ব্যভিচাৰিণীও নহয় যে, মোৰ সন্তান হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ كَذٰلِكِ ۚ— قَالَ رَبُّكِ هُوَ عَلَیَّ هَیِّنٌ ۚ— وَلِنَجْعَلَهٗۤ اٰیَةً لِّلنَّاسِ وَرَحْمَةً مِّنَّا ۚ— وَكَانَ اَمْرًا مَّقْضِیًّا ۟
জিব্ৰীলে তেওঁক ক'লেঃ হয়, আপুনি কোৱা কথাষাৰেই ঠিক, আপোনাক স্বামীয়েও স্পৰ্শ কৰা নাই তথা আন কোনো পুৰুষৰো সংস্পৰ্শত আপুনি অহা নাই, আৰু আপুনি কোনো ব্যভিচাৰিণীও নহয়। কিন্তু আপোনাৰ পৱিত্ৰ প্ৰতিপালকে কৈছে, পিতৃ নোহোৱাকৈ সন্তান সৃষ্টি কৰা মোৰ পক্ষে তেনেই সহজ। আৰু আপোনাক প্ৰদান কৰা এই সন্তান মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক হ'ব, তথা আমাৰ ফালৰ পৰা আপোনাৰ বাবে আৰু মুমিনসকলৰ বাবে হ'ব ৰহমত। দৰাচলতে আপোনাৰ এই সন্তানৰ সৃষ্টিটো হৈছে আল্লাহৰ পূৰ্বনিৰ্ধাৰিত এটা সিদ্ধান্ত, যিটো লওহে মাহফুজত লিপিবদ্ধ আছে।
የአረብኛ ቁርኣን ማብራሪያ:
فَحَمَلَتْهُ فَانْتَبَذَتْ بِهٖ مَكَانًا قَصِیًّا ۟
এতেকে ফিৰিস্তাই ফুঁ দিয়াৰ পিচত তেওঁ গৰ্ভৱতী হৈ গ'ল। ইয়াৰ পিচত তেওঁ মানুহৰ পৰা অতি দূৰৱৰ্তী এখন ঠাইত বাহৰ পাতিলে।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَجَآءَهَا الْمَخَاضُ اِلٰی جِذْعِ النَّخْلَةِ ۚ— قَالَتْ یٰلَیْتَنِیْ مِتُّ قَبْلَ هٰذَا وَكُنْتُ نَسْیًا مَّنْسِیًّا ۟
ইপিনে তেওঁৰ প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পালে, আৰু ইয়াৰ ফলত তেওঁ এখন খেজুৰ গছৰ তলত গৈ আশ্ৰয় ল'লে, মৰিয়ম আলাইহাচ্ছালামে ক'লেঃ হায়! মই যদি এই দিনটো দেখাৰ পূৰ্বেই মৃত্যুবৰণ কৰিলোহেঁতেন, আৰু মই যদি এনেকুৱা বস্তুত পৰিণত হলোহেঁতেন যিটো উল্লেখযোগ্য একোৱে নহয়। ফলত মোৰ বিষয়ে কোনেও বেয়া ধাৰণা পোষণ কৰিব নোৱাৰিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
فَنَادٰىهَا مِنْ تَحْتِهَاۤ اَلَّا تَحْزَنِیْ قَدْ جَعَلَ رَبُّكِ تَحْتَكِ سَرِیًّا ۟
ঠিক সেই সময়তেই ঈছা আলাইহিচ্ছালামে তেওঁৰ ভৰিৰ দিশৰ পৰা মাত লগাই ক'লেঃ আপুনি নিৰাশ নহ'ব! আপোনাৰ প্ৰতিপালকে আপোনাৰ বাবে নিজৰা প্ৰবাহিত কৰিছে, যাৰ পৰা আপুনি পানী খাব পাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَهُزِّیْۤ اِلَیْكِ بِجِذْعِ النَّخْلَةِ تُسٰقِطْ عَلَیْكِ رُطَبًا جَنِیًّا ۟ؗ
তথা খেজুৰ গছজোপাক জোকাৰি দিয়ক, চাব ওপৰৰ পৰা আপোনাৰ বাবে সতেজ আৰু পকা খেজুৰ সৰি পৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الصبر على القيام بالتكاليف الشرعية مطلوب.
চৰীয়তি দায়িত্ব পালন কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰা অতি আৱশ্যক।

• علو منزلة بر الوالدين ومكانتها عند الله، فالله قرنه بشكره.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ মৰ্যাদা আল্লাহৰ ওচৰত অধিক, সেইকাৰণেই আল্লাহে ইয়াক তেওঁ কৃতজ্ঞতাৰ সৈতে স্থান দিছে।

• مع كمال قدرة الله في آياته الباهرة التي أظهرها لمريم، إلا أنه جعلها تعمل بالأسباب ليصلها ثمرة النخلة.
আল্লাহে মৰিয়ম আলাইহাচ্ছালাম সম্পৰ্কে যদিও কিছুমান আশ্চৰ্যজনক নিদৰ্শন দেখুৱাই নিজৰ শক্তি সামৰ্থ প্ৰদৰ্শন কৰিছে, কিন্তু ইয়াৰ পিচতো তেওঁ মৰিয়মক ফল খোৱাবলৈ সাংসাৰিক মাধ্যম প্ৰয়োগ কৰিছে।

فَكُلِیْ وَاشْرَبِیْ وَقَرِّیْ عَیْنًا ۚ— فَاِمَّا تَرَیِنَّ مِنَ الْبَشَرِ اَحَدًا ۙ— فَقُوْلِیْۤ اِنِّیْ نَذَرْتُ لِلرَّحْمٰنِ صَوْمًا فَلَنْ اُكَلِّمَ الْیَوْمَ اِنْسِیًّا ۟ۚ
এতেকে সতেজ খেজুৰ আৰু পানী খোৱা, আৰু নৱজাতককলৈ মন শান্ত কৰা তথা দুখ নকৰিবা। আনহাতে যদি কোনো মানুহ দেখা পোৱা, সি যদি নৱজাতকৰ বিষয়ে কিবা সোধে তেন্তে তাক ক'বাঃ মই মোৰ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কথা নোকোৱাৰ শপত খাইছো। সেয়ে আজি মই কাৰো লগত কথা নকওঁ।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَتَتْ بِهٖ قَوْمَهَا تَحْمِلُهٗ ؕ— قَالُوْا یٰمَرْیَمُ لَقَدْ جِئْتِ شَیْـًٔا فَرِیًّا ۟
তাৰ পিচত মৰিয়মে যেতিয়া নিজৰ সন্তানকলৈ নিজ সম্প্ৰদায়ৰ ওচৰলৈ আহিল, তেতিয়া মানুহে অসন্তুষ্টি ব্যক্ত কৰি ক'লেঃ হে মৰিয়ম! তুমি পিতৃহীন এজন সন্তান জন্ম দি বৰ ঘৃণনীয় কাম কৰিছা।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاُخْتَ هٰرُوْنَ مَا كَانَ اَبُوْكِ امْرَاَ سَوْءٍ وَّمَا كَانَتْ اُمُّكِ بَغِیًّا ۟ۖۚ
হে হাৰূণৰ দৰে ইবাদতকাৰী মহিলা (হাৰূণ এজন সদাচাৰী ব্যক্তি আছিল)! তোমাৰ পিতৃতো কেতিয়াও ব্যভিচাৰী নাছিল, আনকি তোমাৰ মাকো বেয়া স্বভাৱৰ নাছিল। নিশ্চয় তুমি সদাচাৰীত প্ৰসিদ্ধ এখন ঘৰৰ মহিলা। তেনেহ'লে কেনেকৈ তুমি পিতৃ নথকা এজন শিশু লৈ আহিলা?
የአረብኛ ቁርኣን ማብራሪያ:
فَاَشَارَتْ اِلَیْهِ ۫ؕ— قَالُوْا كَیْفَ نُكَلِّمُ مَنْ كَانَ فِی الْمَهْدِ صَبِیًّا ۟
এই শুনি মৰিয়মে তেওঁৰ কোলাত থকা শিশুৰ প্ৰতি ইঙ্গিত কৰিলে, সম্প্ৰদায়ৰ লোকসকলে আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ কোলাত থকা এজন শিশুৰ সৈতে কেনেকৈ আমি কথা ক'ম?
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ اِنِّیْ عَبْدُ اللّٰهِ ۫ؕ— اٰتٰىنِیَ الْكِتٰبَ وَجَعَلَنِیْ نَبِیًّا ۟ۙ
ইপিনে ঈছা আলাইহিচ্ছালামে ক'লেঃ নিশ্চয় মই আল্লাহৰ বান্দা, তেওঁ মোক ইঞ্জিল প্ৰদান কৰিছে আৰু মোক তেওঁৰ নবীসকলৰ অন্তৰ্ভুক্ত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَّجَعَلَنِیْ مُبٰرَكًا اَیْنَ مَا كُنْتُ ۪— وَاَوْصٰنِیْ بِالصَّلٰوةِ وَالزَّكٰوةِ مَا دُمْتُ حَیًّا ۟ۙ
মই য’তেই নাথাকোঁ কিয়, মোক মানুহৰ বাবে লাভদায়ক বনাইছে। তথা আজীৱন মোক ছালাত আদায় কৰাৰ আৰু যাকাত প্ৰদান কৰাৰ আদেশ দিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَّبَرًّا بِوَالِدَتِیْ ؗ— وَلَمْ یَجْعَلْنِیْ جَبَّارًا شَقِیًّا ۟
তেওঁ মোক মাকৰ প্ৰতি সদাচৰণকাৰী বনাইছে। তথা তেওঁ মোক মোৰ প্ৰতিপালকৰ আনুগত্যৰ ক্ষেত্ৰত অহংকাৰী বনোৱা নাই আৰু অবাধ্যও বনোৱা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
وَالسَّلٰمُ عَلَیَّ یَوْمَ وُلِدْتُّ وَیَوْمَ اَمُوْتُ وَیَوْمَ اُبْعَثُ حَیًّا ۟
তথা মোক চয়তানৰ আৰু তাৰ সহায়কৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছে, যিদিনা মই জন্ম গ্ৰহণ কৰিছোঁ আৰু যিদিনা মই মৃত্যুবৰণ কৰিম আৰু কিয়ামতৰ দিনা যেতিয়া মোক পুনৰুত্থিত কৰা হ'ব। এই তিনিটা কঠিন সন্ধিক্ষণত চয়তানে মোক প্ৰভাৱিত কৰিব নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ذٰلِكَ عِیْسَی ابْنُ مَرْیَمَ ۚ— قَوْلَ الْحَقِّ الَّذِیْ فِیْهِ یَمْتَرُوْنَ ۟
উক্ত বিশেষণেৰে বিশেষিত ব্যক্তি গৰাকীয়ে হৈছে ঈছা আলাইহিচ্ছালাম। এইটোৱেই হৈছে তেওঁৰ বিষয়ে সত্য বাৰ্তা। সেইটো কেতিয়াও সত্য নহয় যিটো পথভ্ৰষ্টসকলে তেওঁৰ বিষয়ে সন্দেহ পোষণ কৰি কয় আৰু মতভেদ সৃষ্টি কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
مَا كَانَ لِلّٰهِ اَنْ یَّتَّخِذَ مِنْ وَّلَدٍ ۙ— سُبْحٰنَهٗ ؕ— اِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ۟ؕ
সন্তান গ্ৰহণ কৰা আল্লাহৰ মৰ্যাদাৰ পক্ষে অনুচিত। তেওঁ ইয়াৰ পৰা পৱিত্ৰ তথা পাক। তেওঁ যেতিয়া কোনো এটা কাম কৰিব বিচাৰে তেতিয়া পৱিত্ৰ আল্লাহৰ বাবে কেৱল এইখিনি কথাই যথেষ্ট যে ‘হ’ ফলত সেইটো অনিবাৰ্যৰূপে হৈ পৰে। এতেকে এনেকুৱা ক্ষমতাধাৰী সত্ত্বাৰ সন্তানৰ কি প্ৰয়োজন, তেওঁ ইয়াৰ পৰা পৱিত্ৰ।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّ اللّٰهَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟
নিশ্চয় পৱিত্ৰ আল্লাহেই হৈছে মোৰ আৰু তোমালোক সকলোৰে ৰব্ব। এতেকে নিষ্ঠা সহকাৰে কেৱল তেওঁৰেই ইবাদত কৰা। মই উল্লেখ কৰা এইটোৱেই হৈছে সঠিক পথ, যিটো আল্লাহৰ সন্তুষ্টিৰ ফালে লৈ যায়।
የአረብኛ ቁርኣን ማብራሪያ:
فَاخْتَلَفَ الْاَحْزَابُ مِنْ بَیْنِهِمْ ۚ— فَوَیْلٌ لِّلَّذِیْنَ كَفَرُوْا مِنْ مَّشْهَدِ یَوْمٍ عَظِیْمٍ ۟
ইয়াৰ পিচত ঈছা আলাইহিচ্ছালামৰ বিষয়ে মানুহে মহা বিভেদ সৃষ্টি কৰিছিল আৰু পৃথক পৃথক দলত বিভক্ত হৈছিল। কিছুমানে তেওঁৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁক ৰাছুল হিচাপে বিশ্বাস কৰিছিল। আৰু আন কিছুমানে তেওঁক অস্বীকাৰ কৰিছিল, যেনে ইয়াহুদীসকল। কিন্তু বহুতেই তেওঁৰ বিষয়ে সীমালঙ্ঘন কৰিছিল, কিছুমানে কৈছিলঃ তেৱেঁই আল্লাহ। আৰু আন কিছুমানে কৈছিলঃ তেওঁ আল্লাহৰ পুত্ৰ। প্ৰকৃততে আল্লাহ ইয়াৰ পৰা বহু ঊৰ্দ্ধত। তেওঁৰ বিষয়ে বিভেদ কৰা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে মহাবিনাশ। যিদিনা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, হিচাপ-কিতাপ দিব লাগিব আৰু শাস্তি ভোগ কৰিব লাগিব।
የአረብኛ ቁርኣን ማብራሪያ:
اَسْمِعْ بِهِمْ وَاَبْصِرْ ۙ— یَوْمَ یَاْتُوْنَنَا لٰكِنِ الظّٰلِمُوْنَ الْیَوْمَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟
সেইদিনা সিহঁতে ভালদৰেই শুনিব আৰু ভালদৰেই চাব পাৰিব। সেইদিনা সিহঁতে শুনিব পাৰিব কিন্তু সেই শ্ৰৱণে কোনো উপকাৰ সাধন নকৰিব। সেইদিনা সিহঁতে দেখিবও পাৰিব কিন্তু সেই দেখাই কোনো কামত নাহিব। কিন্তু অন্যায়কাৰীসকলে পাৰ্থিৱ জীৱনত সঠিক পথৰ পৰা আঁতৰি পথভ্ৰষ্টতাত লিপ্ত হৈছে। আখিৰাতৰ বাবে কোনো প্ৰস্তুতি গ্ৰহণ কৰা নাই, অথচ সিহঁত অন্যায়ৰ পথত থাকোঁতেই হঠাৎ কিয়ামত সংঘটিত হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• في أمر مريم بالسكوت عن الكلام دليل على فضيلة الصمت في بعض المواطن .
মৰিয়মৰ কথা কোৱাৰ পৰা বিৰত থকা বিষয়টোৱে প্ৰমাণ কৰে যে, কেতিয়াবা কেতিয়াবা মৌনতা অৱলম্বন কৰাটোৱে আৱশ্যক বা উত্তম।

• نذر الصمت كان جائزًا في شرع من قبلنا، أما في شرعنا فقد دلت السنة على منعه.
মৌনতাৰ মান্নত আমাৰ পূৰ্বৰ চৰীয়তসমূহত যদিও বৈধ আছিল, কিন্তু আমাৰ এই চৰীয়তত নিষিদ্ধ কৰা হৈছে এইটো হাদীছৰ দ্বাৰা প্ৰমাণিত।

• أن ما أخبر به القرآن عن كيفية خلق عيسى هو الحق القاطع الذي لا شك فيه، وكل ما عداه من تقولات باطل لا يليق بالرسل.
ঈছা আলাইহিচ্ছালামৰ সৃষ্টি যি বিৱৰণ কোৰআনে বৰ্ণনা কৰিছে, সেইটোৱেই বাস্তৱ সত্য, যি বিষয়ে সন্দেহৰ কোনো অৱকাশ নাই। ইয়াৰ বাহিৰে যি যি কোৱা হয় সেই সকলোবোৰ অসত্য আৰু সেয়া ৰাছুলৰ মৰ্যাদাৰ পক্ষে অনুপোযুক্ত।

• في الدنيا يكون الكافر أصم وأعمى عن الحق، ولكنه سيبصر ويسمع في الآخرة إذا رأى العذاب، ولن ينفعه ذلك.
পৃথিৱীত কাফিৰে সত্য সঠিকভাৱে শুনাৰ আৰু দেখাৰ পৰা বঞ্চিত থাকে। কিন্তু আখিৰাতত যেতিয়া শাস্তি তাৰ সন্মুখত থাকিব তেতিয়া সত্য শুনিবও পাৰিব আৰু দেখিবও পাৰিব, কিন্তু তেতিয়া সেইটো কোনো কামত নাহিব।

وَاَنْذِرْهُمْ یَوْمَ الْحَسْرَةِ اِذْ قُضِیَ الْاَمْرُ ۘ— وَهُمْ فِیْ غَفْلَةٍ وَّهُمْ لَا یُؤْمِنُوْنَ ۟
হে ৰাছুল! মানুহক আপুনি অনুতাপ দিৱসৰ পৰা সতৰ্ক কৰক, যিদিনা ছহীফা মেৰিয়াই থোৱা হ'ব, মানুহৰ হিচাপ-কিতাপ সম্পন্ন কৰা হ'ব, আৰু প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ কৰ্মফল অৰ্পন কৰা হ'ব, তেতিয়া গুনাহগাৰ ব্যক্তিয়ে নিজৰ গুনাহৰ বাবে অনুতপ্ত হ'ব আৰু পূণ্যৱানসকলে অধিক নেকী নকৰাৰ বাবে পৰিতাপ কৰিব। অথচ পাৰ্থিৱ জীৱনত সিহঁত পৃথিৱীৰ মিছা মোহত পৰি আছিল, আখিৰাতৰ পৰা অমনোযোগী হৈ আছিল আৰু কিয়ামতৰ দিনৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا نَحْنُ نَرِثُ الْاَرْضَ وَمَنْ عَلَیْهَا وَاِلَیْنَا یُرْجَعُوْنَ ۟۠
প্ৰকৃততে সৃষ্টিজগত বিনাশ হোৱাৰ পিচত কেৱল আমিয়েই অৱশিষ্ট থাকিম। পৃথিৱী আৰু তাত থকা বাকী বস্তুবোৰৰ মালিক কেৱল আমিয়েই। যিহেতু আমিয়েই মালিক সেয়ে সেইবোৰক আমি যিদৰে ইচ্ছা সেইদৰে নিয়ন্ত্ৰণ কৰিম আৰু প্ৰয়োগ কৰিম। আনহাতে কিয়ামতৰ দিনা প্ৰত্যেকেই হিচাপ-কিতাপ আৰু প্ৰতিফলৰ বাবে আমাৰ ফালেই উভতি আহিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاذْكُرْ فِی الْكِتٰبِ اِبْرٰهِیْمَ ؕ۬— اِنَّهٗ كَانَ صِدِّیْقًا نَّبِیًّا ۟
হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ কোৰআনত ইব্ৰাহীম আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। প্ৰকৃততে তেওঁ আছিল অধিক সত্যবাদী আৰু আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী, লগতে আল্লাহৰ প্ৰেৰিত এজন নবী।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْ قَالَ لِاَبِیْهِ یٰۤاَبَتِ لِمَ تَعْبُدُ مَا لَا یَسْمَعُ وَلَا یُبْصِرُ وَلَا یُغْنِیْ عَنْكَ شَیْـًٔا ۟
যেতিয়া তেওঁ নিজৰ পিতা আঝাৰক ক'লেঃ হে মোৰ পিতা! আপুনি আল্লাহক এৰি মূৰ্তিৰ উপাসনা কিয় কৰে, যাক আপুনি আহ্বান কৰিলে সি আপোনাৰ আহ্বান শুনা নাপায়, যদি আপুনি তাৰ উপাসনা কৰে, সি আপোনাৰ উপাসনা দেখা নাপায়, যিয়ে আপোনাৰ কোনো বিপদ দূৰ কৰিব নোৱাৰে আৰু আপোনাক কোনো উপকাৰো কৰিব নোৱাৰে?
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَبَتِ اِنِّیْ قَدْ جَآءَنِیْ مِنَ الْعِلْمِ مَا لَمْ یَاْتِكَ فَاتَّبِعْنِیْۤ اَهْدِكَ صِرَاطًا سَوِیًّا ۟
হে মোৰ পিতা! প্ৰকৃততে অহীৰ মাধ্যমত মোৰ ওচৰলৈ এনেকুৱা জ্ঞান আহিছে, যিটো আপোনাৰ ওচৰত নাই। গতিকে আপুনি মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَبَتِ لَا تَعْبُدِ الشَّیْطٰنَ ؕ— اِنَّ الشَّیْطٰنَ كَانَ لِلرَّحْمٰنِ عَصِیًّا ۟
হে মোৰ পিতা! আপুনি চয়তানৰ অনুসৰণ কৰি তাৰ পূজা-পাঠ নকৰিব। নিশ্চয় চয়তান হৈছে দয়াময় ৰহমানৰ অবাধ্য। যেতিয়া তাক আল্লাহে আদমক ছাজদাহ কৰিবলৈ আদেশ দিছিল তেতিয়া সি ছাজদাহ কৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَبَتِ اِنِّیْۤ اَخَافُ اَنْ یَّمَسَّكَ عَذَابٌ مِّنَ الرَّحْمٰنِ فَتَكُوْنَ لِلشَّیْطٰنِ وَلِیًّا ۟
হে মোৰ পিতা! আপুনি যদি এই কুফৰী অৱস্থাতেই মৃত্যুবৰণ কৰে, তেন্তে মোৰ আশংকা হয় ৰহমানৰ শাস্তিয়ে আপোনাক চুব পাৰে, আৰু আপুনি চয়তানৰ লগত বন্ধুত্ব কৰাৰ ফলত শাস্তিৰ ক্ষেত্ৰতো তাৰ অংশীদাৰ হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ اَرَاغِبٌ اَنْتَ عَنْ اٰلِهَتِیْ یٰۤاِبْرٰهِیْمُ ۚ— لَىِٕنْ لَّمْ تَنْتَهِ لَاَرْجُمَنَّكَ وَاهْجُرْنِیْ مَلِیًّا ۟
আঝাৰে তেওঁৰ পুত্ৰ ইব্ৰাহীমক ক'লেঃ হে ইব্ৰাহীম! মই যিবোৰ মূৰ্তিৰ উপাসনা কৰোঁ সেইবোৰৰ পৰা তুমি বিমুখ হৈছা নেকি, যদি তুমি মোৰ মূৰ্তিবোৰক গালি-শপনি দিয়াৰ পৰা বিৰত নাথাকা তেন্তে মই তোমাক শিল দলিয়াই খেদিম। শুনা! তুমি দীৰ্ঘ সময়ৰ বাবে মোৰ পৰা আঁতৰি যোৱা, লগতে মোৰ সৈতে কথা নক'বা আৰু মোৰ সন্মুখতো নাহিবা।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ سَلٰمٌ عَلَیْكَ ۚ— سَاَسْتَغْفِرُ لَكَ رَبِّیْ ؕ— اِنَّهٗ كَانَ بِیْ حَفِیًّا ۟
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পিতৃক উদ্দেশ্যি ক'লেঃ মোৰ ফালৰ পৰা আপোনাৰ প্ৰতি ছালাম জনাওঁ। মোৰ ফালৰ পৰা আপোনাৰ একো হানি নহ'ব। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা আৰু হিদায়ত প্ৰাৰ্থনা কৰিম। নিশ্চয় পৱিত্ৰ আল্লাহ মোৰ প্ৰতি অতি দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَعْتَزِلُكُمْ وَمَا تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ وَاَدْعُوْا رَبِّیْ ۖؗ— عَسٰۤی اَلَّاۤ اَكُوْنَ بِدُعَآءِ رَبِّیْ شَقِیًّا ۟
মই আপোনাৰ পৰা আৰু আল্লাহৰ বাহিৰে আপোনালোকে যিবোৰৰ উপাসনা কৰে সেইবোৰৰ পৰা পৃথক হ'লোঁ। মই কেৱলমাত্ৰ মোৰ প্ৰতিপালকৰ ওচৰতেই প্ৰাৰ্থনা কৰোঁ, তেওঁৰ লগত আন কাকো অংশীদাৰ নকৰোঁ। মই আশাবাদী যে, মই যেতিয়া তেওঁৰ ওচৰত দুআ কৰিম, তেতিয়া তেওঁ মোৰ দুআ নাকচ কৰি মোক তেওঁৰ দুআৰ পৰা বঞ্চিত নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَمَّا اعْتَزَلَهُمْ وَمَا یَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ ۙ— وَهَبْنَا لَهٗۤ اِسْحٰقَ وَیَعْقُوْبَ ؕ— وَكُلًّا جَعَلْنَا نَبِیًّا ۟
ইয়াৰ পিচত ইব্ৰাহীম আলাইহিচ্ছালামে যেতিয়া তেওঁৰ পৰা পৃথক হ'ল আৰু আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ উপাসনা কৰে সেইবোৰক ত্যাগ কৰিলে, তেতিয়া আমি তেওঁক নিজ পৰিয়ালৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিফল দান কৰিলোঁ। এতেকে আমি তেওঁক তেওঁৰ পুত্ৰ ইছহাক দান কৰিলোঁ। তথা নাতি হিচাপে ইয়াকূব প্ৰদান কৰিলোঁ, আৰু প্ৰত্যেককে আমি নবী বনাইছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَوَهَبْنَا لَهُمْ مِّنْ رَّحْمَتِنَا وَجَعَلْنَا لَهُمْ لِسَانَ صِدْقٍ عَلِیًّا ۟۠
আৰু তেওঁলোকক আমি নবুওৱতৰ বাহিৰেও আৰু বহুতো কল্যাণ দান কৰিছিলোঁ। মানুহৰ মুখত তেওঁলোকৰ বাবে চিৰযুগমীয়া প্ৰশংসা ৰাখি দিছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَاذْكُرْ فِی الْكِتٰبِ مُوْسٰۤی ؗ— اِنَّهٗ كَانَ مُخْلَصًا وَّكَانَ رَسُوْلًا نَّبِیًّا ۟
তথা হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ এই কোৰআনত মুছা আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চিতভাৱে তেওঁ আছিল মনোনীত ব্যক্তি তথা ৰাছুল আৰু নবী।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لما كان اعتزال إبراهيم لقومه مشتركًا فيه مع سارة، ناسب أن يذكر هبتهما المشتركة وحفيدهما، ثم جاء ذكر إسماعيل مستقلًّا مع أن الله وهبه إياه قبل إسحاق.
যিহেতু ইব্ৰাহীম আলাইহিচ্ছালাম যেতিয়া নিজ সম্প্ৰদায়ৰ পৰা পৃথক হৈছিল তেতিয়া ‘ছাৰা’ তেওঁৰ লগত আছিল, সেয়ে এই পৃথকতাৰ কথা উল্লেখ কৰাৰ পিচত তেওঁলোক দুজনৰ পৰা জন্ম লাভ কৰা পুত্ৰ ইছহাক আৰু নাতি ইয়াকূবৰ বিষয়ে উল্লেখ কৰা হৈছে। আৰু ইয়াৰ পিচত পৃথকভাৱে ইছমাঈলৰ কথা উল্লেখ কৰা হৈছে। যদিও ইছহাকৰ পূৰ্বে আল্লাহে তেওঁক ইছমাঈল প্ৰদান কৰিছিল।

• التأدب واللطف والرفق في محاورة الوالدين واختيار أفضل الأسماء في مناداتهما.
পিতা-মাতাৰ লগত কথা কোৱাৰ সময়ত শিষ্টাচাৰ, নম্ৰতা-ভদ্ৰতা আৰু সন্মানৰ সৈতে কথা কোৱা উচিত, তথা তেওঁলোকক মাতিবলৈ উত্তম শব্দ ব্যৱহাৰ কৰা উচিত।

• المعاصي تمنع العبد من رحمة الله، وتغلق عليه أبوابها، كما أن الطاعة أكبر الأسباب لنيل رحمته.
পাপ কৰ্মই বান্দাক আল্লাহৰ দয়াৰ পৰা আঁতৰ কৰি দিয়ে, তথা বান্দাৰ বাবে দয়াৰ দুৱাৰ বন্ধ কৰি দিয়ে। পক্ষান্তৰে আল্লাহৰ আনুগত্য হৈছে তেওঁৰ দয়া লাভ কৰাৰ অন্যতম উপায়।

• وعد الله كل محسن أن ينشر له ثناءً صادقًا بحسب إحسانه، وإبراهيم عليه السلام وذريته من أئمة المحسنين.
আল্লাহে প্ৰত্যেক পূণ্যৱান ব্যক্তিক -যিয়ে সম্পূৰ্ণ নিষ্ঠাৰ সৈতে উত্তম পন্থাৰে কাম কৰে- এই প্ৰতিশ্ৰুতি দিছে যে, তেওঁৰ এই গুণ অনুপাতে তেওঁৰ সত্য প্ৰশংসা প্ৰচাৰ কৰিব। ইপিনে ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ সন্তান-সন্ততি হৈছে এনেকুৱা লোকৰ প্ৰতিনিধি।

وَنَادَیْنٰهُ مِنْ جَانِبِ الطُّوْرِ الْاَیْمَنِ وَقَرَّبْنٰهُ نَجِیًّا ۟
মূছা আলাইহিচ্ছালাম য’ত থিয় হৈ আছিল, সেই ঠাইৰ পৰা সোঁ দিশত তুৰ পৰ্বতৰ পৰা আমি তেওঁক আহ্বান কৰিলোঁ, আৰু গোপন আলোচনা কৰিবলৈ আমি তেওঁক নিকটৱৰ্তী কৰিলোঁ। য’ত মূছা আলাইহিচ্ছালামে আল্লাহৰ কথা শ্ৰৱণ কৰিবলৈ সৌভাগ্য লাভ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَوَهَبْنَا لَهٗ مِنْ رَّحْمَتِنَاۤ اَخَاهُ هٰرُوْنَ نَبِیًّا ۟
আৰু আমি তেওঁৰ প্ৰতি দয়া আৰু উপকাৰ কৰি তেওঁ কৰা দুআ কবূল কৰিলোঁ, তথা তেওঁৰ ভাতৃ হাৰূনক নবী বনাই দিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَاذْكُرْ فِی الْكِتٰبِ اِسْمٰعِیْلَ ؗ— اِنَّهٗ كَانَ صَادِقَ الْوَعْدِ وَكَانَ رَسُوْلًا نَّبِیًّا ۟ۚ
হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত ইছমাঈল আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চয় তেওঁ প্ৰতিশ্ৰুতি পূৰণত সত্যবাদী আছিল। তেওঁ যেতিয়াই প্ৰতিশ্ৰুতি দিছিল, সেইটো নিশ্চিতভাৱে পূৰণ কৰিছিল। তথা তেওঁ ৰাছুল আৰু নবী আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَانَ یَاْمُرُ اَهْلَهٗ بِالصَّلٰوةِ وَالزَّكٰوةِ ۪— وَكَانَ عِنْدَ رَبِّهٖ مَرْضِیًّا ۟
তেওঁ নিজ পৰিয়ালক ছালাত আদায় কৰাৰ আৰু যাকাত প্ৰদান কৰাৰ আদেশ দিছিল। নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ প্ৰিয়পাত্ৰ আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَاذْكُرْ فِی الْكِتٰبِ اِدْرِیْسَ ؗ— اِنَّهٗ كَانَ صِدِّیْقًا نَّبِیًّا ۟ۗۙ
তথা হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত ইদ্ৰীছ আলাইহিচ্ছালামৰ বিষয়ে স্মৰণ কৰক। নিশ্চয় তেওঁ আছিল এজন সত্যবাদী আৰু নিজ প্ৰতিপালকৰ আয়াতসমূহৰ সত্যায়নকাৰী। তথা তেওঁ আল্লাহৰ নবীসকলৰ মাজৰ এজন নবী আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَّرَفَعْنٰهُ مَكَانًا عَلِیًّا ۟
আমি তেওঁক নবুওৱত প্ৰদান কৰি তেওঁৰ চৰ্চাক সমুন্নত কৰিছিলোঁ। এইদৰে তেওঁ উচ্চ স্থানৰ অধিকাৰী আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اُولٰٓىِٕكَ الَّذِیْنَ اَنْعَمَ اللّٰهُ عَلَیْهِمْ مِّنَ النَّبِیّٖنَ مِنْ ذُرِّیَّةِ اٰدَمَ ۗ— وَمِمَّنْ حَمَلْنَا مَعَ نُوْحٍ ؗ— وَّمِنْ ذُرِّیَّةِ اِبْرٰهِیْمَ وَاِسْرَآءِیْلَ ؗ— وَمِمَّنْ هَدَیْنَا وَاجْتَبَیْنَا ؕ— اِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُ الرَّحْمٰنِ خَرُّوْا سُجَّدًا وَّبُكِیًّا ۟
এই ছুৰাত যিসকলৰ নাম উল্লেখ কৰা হৈছে, যাকাৰিয়্যা আলাইহিচ্ছালামৰ পৰা আৰম্ভ কৰি ইদ্ৰীছ আলাইহিচ্ছালাম লৈকে, তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি আল্লাহে নবুওৱত প্ৰদান কৰি অনুগ্ৰহ কৰিছে। তেওঁলোক হৈছে আদম আলাইহিচ্ছালামৰ সন্তান, আৰু সেইসকল লোকৰ সন্তান যিসকলে নূহৰ সৈতে নাঁৱত আৰোহণ কৰিছিল, তথা তেওঁলোকৰ মাজৰ কিছুমান হৈছে ইব্ৰাহীম আৰু ইয়াকূবৰ সন্তান। আৰু সেইসকল লোকৰ মাজৰ পৰাও আছিল যিসকলক আমি ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছিলোঁ। আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আৰু নবী বনাইছিলোঁ। এওঁলোকে যেতিয়া আল্লাহৰ আয়াত তিলাৱত কৰা শুনিছিল তেতিয়া ভয়তে কান্দি কান্দি ছাজদাত পৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَخَلَفَ مِنْ بَعْدِهِمْ خَلْفٌ اَضَاعُوا الصَّلٰوةَ وَاتَّبَعُوا الشَّهَوٰتِ فَسَوْفَ یَلْقَوْنَ غَیًّا ۟ۙ
আল্লাহৰ এই মনোনীত নবীসকলৰ পিচত এনেকুৱা বেয়া আৰু পথভ্ৰষ্ট অনুসাৰী জন্ম লাভ কৰিলে, যিসকলে ছালাত বিনষ্ট কৰিছিল, অৰ্থাৎ যেনেকৈ ছালাত আদায় কৰিব লাগিছিল সেইদৰে আদায় কৰা নাছিল। মনে যিটো বিচাৰিছিল সেই গুনাহকে কৰিছিল, আনকি ব্যভিচাৰো কৰিছিল। এনেকুৱা লোকসকলে জাহান্নামত বেয়া পৰিস্থিতি আৰু ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
اِلَّا مَنْ تَابَ وَاٰمَنَ وَعَمِلَ صَالِحًا فَاُولٰٓىِٕكَ یَدْخُلُوْنَ الْجَنَّةَ وَلَا یُظْلَمُوْنَ شَیْـًٔا ۟ۙ
কিন্তু যিয়ে নিজৰ ভুল-ত্ৰুটিৰ পৰা তাওবা কৰিছে আৰু আল্লাহৰ প্ৰতি ঈমান আনিছে তথা নেক কৰ্ম কৰিছে, তেন্তে এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ আমলৰ প্ৰতিদান অকণো হ্ৰাস কৰা নহ'ব, যিমানেই কম নহওক কিয়।
የአረብኛ ቁርኣን ማብራሪያ:
جَنّٰتِ عَدْنِ ١لَّتِیْ وَعَدَ الرَّحْمٰنُ عِبَادَهٗ بِالْغَیْبِ ؕ— اِنَّهٗ كَانَ وَعْدُهٗ مَاْتِیًّا ۟
প্ৰতিষ্ঠিত জান্নাত, য'ত তেওঁলোক চিৰকাল বসবাস কৰিব, যিটো ৰহমানে তেওঁৰ পূণ্যৱান বান্দাসকলৰ বাবে গায়েবৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে, তেওঁলোকক তাত প্ৰৱেশ কৰাব। তেওঁলোকে সেইখন নেদেখাকৈয়ে তাৰ প্ৰতি ঈমান আনিছে। আল্লাহে প্ৰদান কৰা জান্নাতৰ প্ৰতিশ্ৰুতি যদিও অদৃশ্য কিন্তু সেয়া নিশ্চয় পূৰণ হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا اِلَّا سَلٰمًا ؕ— وَلَهُمْ رِزْقُهُمْ فِیْهَا بُكْرَةً وَّعَشِیًّا ۟
তেওঁলোকে তাত কোনো ধৰণৰ অযথা কথা তথা অশ্লীল শব্দ শুনিবলৈ নাপাব। বৰং তেওঁলোকে ইজনে সিজনক কৰা ছালাম শুনিবলৈ পাব আৰু ফিৰিস্তাসকলে তেওঁলোকক কৰা ছালাম শুনিবলৈ পাব। লগতে তেওঁলোকে বিচৰা সকলো প্ৰকাৰ খাদ্য পূৱা-গধুলি তাত পাই থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
تِلْكَ الْجَنَّةُ الَّتِیْ نُوْرِثُ مِنْ عِبَادِنَا مَنْ كَانَ تَقِیًّا ۟
উক্ত বিশেষণৰে বিশেষিত জান্নাত, যিখনৰ উত্তৰাধিকাৰী আমি আমাৰ সেইসকল পূণ্যৱান বান্দাক বনাম, যিসকলে আমাৰ আদেশ পালন কৰে আৰু আমাৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا نَتَنَزَّلُ اِلَّا بِاَمْرِ رَبِّكَ ۚ— لَهٗ مَا بَیْنَ اَیْدِیْنَا وَمَا خَلْفَنَا وَمَا بَیْنَ ذٰلِكَ ۚ— وَمَا كَانَ رَبُّكَ نَسِیًّا ۟ۚ
হে জিব্ৰীল! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কৈ দিয়ক, ফিৰিস্তাসকলে নিজ ইচ্ছা মতে অৱতৰণ নকৰে, বৰং তেওঁলোক আল্লাহৰ আদেশতহে অৱতৰণ কৰে। সেইবোৰো আল্লাহৰ আদেশতেই সংঘটিত হ'ব, যিবোৰ আমি আখিৰাতত সন্মুখীন হ'ম। আৰু এই পৃথিৱীও তেওঁৰ আদেশতেই নিয়ন্ত্ৰিত যিটোক আমি পিচ পেলাই গৈ আছো। তথা পৃথিৱী আৰু আখিৰাতৰ মাজৰ বিষয়বোৰো তেওঁৰ দ্বাৰাই নিয়ন্ত্ৰিত। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে একোৱেই পাহৰি নাযায়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• حاجة الداعية دومًا إلى أنصار يساعدونه في دعوته.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে সদায় এনেকুৱা লোকৰ আৱশ্যক হয়, যিসকলে তেওঁক ধৰ্ম প্ৰচাৰ কাৰ্যত সহায় কৰিব।

• إثبات صفة الكلام لله تعالى.
এই কথাৰ স্পষ্ট প্ৰমাণ যে, মহান আল্লাহে কথা কয়।

• صدق الوعد محمود، وهو من خلق النبيين والمرسلين، وضده وهو الخُلْف مذموم.
প্ৰতিশ্ৰুতি পূৰণ কৰাটো হৈছে প্ৰশংসনীয় বিষয় তথা নবী আৰু ৰাছুলসকলৰ বৈশিষ্ট্য। পক্ষান্তৰে প্ৰতিশ্ৰুতি ভঙ্গ কৰাটো হৈছে নিন্দনীয় বিষয়।

• إن الملائكة رسل الله بالوحي لا تنزل على أحد من الأنبياء والرسل من البشر إلا بأمر الله.
নিশ্চয় ফিৰিস্তাসকল হৈছে আল্লাহৰ বাৰ্তাবাহক। নবী আৰু ৰাছুলসকলৰ ওচৰত তেওঁলোকে আল্লাহৰ আদেশ অনুযায়ী অৱতৰণ কৰে।

رَبُّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا فَاعْبُدْهُ وَاصْطَبِرْ لِعِبَادَتِهٖ ؕ— هَلْ تَعْلَمُ لَهٗ سَمِیًّا ۟۠
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী। তথা এই দুয়োৰ মাজত থকা সকলোৰে সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী। এতেকে কেৱল তেওঁৰেই ইবাদত কৰা। কেৱল তেৱেঁই ইবাদতৰ যোগ্য। তথা তেওঁৰ ইবাদতৰ ওপৰতেই অটল থাকিবা। কিয়নো তেওঁৰ ইবাদতত অংশীদাৰ হব পৰা তেওঁৰ কোনো সমকক্ষ তথা সাদৃশ্য নাই।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَقُوْلُ الْاِنْسَانُ ءَاِذَا مَا مِتُّ لَسَوْفَ اُخْرَجُ حَیًّا ۟
পুনৰুত্থানক অস্বীকাৰকাৰী কাফিৰে উপহাস কৰি কয়ঃ মই যেতিয়া মৃত্যুবৰণ কৰিম তেতিয়া মোক পুনৰ জীৱিত কৰি কবৰৰ পৰা উঠোৱা হ'ব নেকি? নিশ্চয় এয়া অসম্ভৱ কথা।
የአረብኛ ቁርኣን ማብራሪያ:
اَوَلَا یَذْكُرُ الْاِنْسَانُ اَنَّا خَلَقْنٰهُ مِنْ قَبْلُ وَلَمْ یَكُ شَیْـًٔا ۟
পুনৰুত্থানক অস্বীকাৰকাৰী এই ব্যক্তিয়ে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক সৃষ্টি কৰিছো যেতিয়া তাৰ অস্তিত্বই নাছিল? (যদি সি চিন্তা-চৰ্চা কৰিলেহেঁতেন তেন্তে অৱশ্যে সি গম পালেহেঁতেন যে,) প্ৰথম সৃষ্টিয়ে দ্বিতীয় সৃষ্টিৰ প্ৰমাণবহন কৰে। লগতে দ্বিতীয়বাৰ সৃষ্টি কৰাটো হৈছে অধিক সহজ তথা উজু।
የአረብኛ ቁርኣን ማብራሪያ:
فَوَرَبِّكَ لَنَحْشُرَنَّهُمْ وَالشَّیٰطِیْنَ ثُمَّ لَنُحْضِرَنَّهُمْ حَوْلَ جَهَنَّمَ جِثِیًّا ۟ۚ
হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক কবৰৰ পৰা উঠাই হাচৰৰ ময়দানত একত্ৰিত কৰিম। সিহঁতৰ লগত সেই চয়তানো থাকিব, যিয়ে সিহঁতক পথভ্ৰষ্ট কৰিছিল। ইয়াৰ পিচত আমি সিহঁতক অপমানজনক অৱস্থাত আঁঠু কঢ়াই জাহান্নামৰ ফালে খেদি লৈ যাম।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ لَنَنْزِعَنَّ مِنْ كُلِّ شِیْعَةٍ اَیُّهُمْ اَشَدُّ عَلَی الرَّحْمٰنِ عِتِیًّا ۟ۚ
আমি প্ৰত্যেক পথভ্ৰষ্ট সম্প্ৰদায়ৰ পৰা সিহঁতৰ মাজৰ আটাইতকৈ বেছি পাপিষ্ঠ ব্যক্তিজনক অৰ্থাৎ সিহঁতৰ প্ৰতিনিধিক কঠোৰতাৰ সৈতে টানি আনিম।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ لَنَحْنُ اَعْلَمُ بِالَّذِیْنَ هُمْ اَوْلٰی بِهَا صِلِیًّا ۟
আমি সেইসকল লোকক ভালদৰে চিনি পাওঁ, যিসকলে জাহান্নামত প্ৰৱেশ কৰাৰ তথা জাহান্নামৰ উত্তাপ উপভোগ কৰাৰ বেছি উপযুক্ত।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ مِّنْكُمْ اِلَّا وَارِدُهَا ۚ— كَانَ عَلٰی رَبِّكَ حَتْمًا مَّقْضِیًّا ۟ۚ
হে মানৱ! তোমালোক আটায়ে জাহান্নামৰ ওপৰত অৱস্থিত চিৰাত (সেঁতু)ৰ ওপৰেৰে পাৰ হ'ব লাগিব। এই সেঁতুৰ ওপৰেৰে পাৰ হোৱাটো আল্লাহৰ চূড়ান্ত সিদ্ধান্ত। এতেকে তেওঁৰ সিদ্ধান্তক কোনেও নাকচ কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ نُنَجِّی الَّذِیْنَ اتَّقَوْا وَّنَذَرُ الظّٰلِمِیْنَ فِیْهَا جِثِیًّا ۟
এই সেঁতু পাৰ কৰাৰ পিচত আমি সেইসকল লোকক সুৰক্ষিত কৰিম, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিছিল। আনহাতে অন্যায়কাৰী বিলাকক আমি আঁঠুকঢ়া অৱস্থাত এৰি দিম, সিহঁতে তাৰ পৰা পলায়ন কৰিব নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ قَالَ الَّذِیْنَ كَفَرُوْا لِلَّذِیْنَ اٰمَنُوْۤا ۙ— اَیُّ الْفَرِیْقَیْنِ خَیْرٌ مَّقَامًا وَّاَحْسَنُ نَدِیًّا ۟
আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ স্পষ্ট আয়াতসমূহ যেতিয়া মানুহৰ সন্মুখত তিলাৱত কৰা হয়, তেতিয়া কাফিৰসকলে মুমিনসকলক উদ্দেশ্যি কয়ঃ কোৱাচোন, অৱস্থান তথা বসবাসৰ ফালৰ পৰা কোনটো দল উত্তম, আৰু বৈঠক তথা সমাৱেশৰ ফালৰ পৰা কোনটো দল উত্তম, তোমালোকৰটো নে আমাৰটো?
የአረብኛ ቁርኣን ማብራሪያ:
وَكَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنْ قَرْنٍ هُمْ اَحْسَنُ اَثَاثًا وَّرِﺋْﻴًﺎ ۟
নিজৰ ভৌতিক শ্ৰেষ্ঠতাৰ প্ৰতি অহংকাৰ কৰা এই কাফিৰসকলৰ পূৰ্বেও আমি বহুতো জাতিক বিনষ্ট কৰিছোঁ, যিসকল ধন-সম্পত্তিত ইহঁততকৈও আছিল উত্তম আৰু সাজ-পাৰত তথা শাৰীৰিক গঠনতো আছিল উত্তম।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ مَنْ كَانَ فِی الضَّلٰلَةِ فَلْیَمْدُدْ لَهُ الرَّحْمٰنُ مَدًّا ۚ۬— حَتّٰۤی اِذَا رَاَوْا مَا یُوْعَدُوْنَ اِمَّا الْعَذَابَ وَاِمَّا السَّاعَةَ ؕ۬— فَسَیَعْلَمُوْنَ مَنْ هُوَ شَرٌّ مَّكَانًا وَّاَضْعَفُ جُنْدًا ۟
হে ৰাছুল! আপুনি কৈ দিয়ক, যিয়ে পথভ্ৰষ্টতাত পতিত হৈ আছে, ৰহমানে তাক আৰু অৱকাশ দিব, যাতে তাৰ পথভ্ৰষ্টতা আৰু বৃদ্ধি পায়। অৱশেষত এইসকল লোকে যেতিয়া এই পৃথিৱীত অনতিপলমে অথবা দেৰিকৈ কিয়ামতৰ দিনা সিহঁতৰ লগত কৰা প্ৰতিশ্ৰুতমূলক শাস্তি নিজ চকুৰে প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে গম পাব যে, কাৰ ঠিকনা অতি নিকৃষ্ট আৰু কাৰ সহায়ক অতি কম? সেইটো সিহঁতৰ দল নে মুমিনসকলৰ দল?
የአረብኛ ቁርኣን ማብራሪያ:
وَیَزِیْدُ اللّٰهُ الَّذِیْنَ اهْتَدَوْا هُدًی ؕ— وَالْبٰقِیٰتُ الصّٰلِحٰتُ خَیْرٌ عِنْدَ رَبِّكَ ثَوَابًا وَّخَیْرٌ مَّرَدًّا ۟
আল্লাহে যিসকল লোকক পথভ্ৰষ্টতাত নিমজ্জিত কৰিবলৈ অধিক অৱকাশ দিয়ে, তেনেকুৱা লোকৰ বিপৰীতে তেওঁ হিদায়তপ্ৰাপ্ত লোকসকলৰ ঈমান আৰু আনুগত্য অধিক বৃদ্ধি কৰি দিয়ে। তথা হে ৰাছুল! সৎকৰ্ম, যিটোৱে চিৰস্থায়ী সুখ প্ৰদান কৰে, আপোনাৰ প্ৰতিপালকৰ ওচৰত প্ৰতিফলৰ ফালেৰে অধিক লাভদায়ক আৰু উত্তম পৰিণামৰ যোগ্য।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• على المؤمنين الاشتغال بما أمروا به والاستمرار عليه في حدود المستطاع.
মুমিনসকলক যি আদেশ দিয়া হৈছে সেইটো তেওঁলোকে পালন কৰা উচিত আৰু যথাসম্ভৱ সেয়া অব্যাহত ৰখা উচিত।

• وُرُود جميع الخلائق على النار - أي: المرور على الصراط، لا الدخول في النار - أمر واقع لا محالة.
সকলো মানুহেই জাহান্নামৰ ওপৰেৰে পাৰ হ'ব লাগিব, এইটো নিশ্চিত। অৰ্থাৎ জাহান্নামৰ ওপৰত স্থাপিত সেঁতুৰে পাৰ হ'ব লাগিব। কিন্তু সকলোৱে জাহান্নামত প্ৰৱেশ নকৰিব।

• أن معايير الدين ومفاهيمه الصحيحة تختلف عن تصورات الجهلة والعوام.
ধৰ্মৰ সঠিক মূল্যায়ন তথা ইয়াৰ সঠিক অৱধাৰণাসমূহ মুৰ্খ তথা সাধাৰণ লোকৰ ধাৰণাতকৈ পৃথক।

• من كان غارقًا في الضلالة متأصلًا في الكفر يتركه الله في طغيان جهله وكفره، حتى يطول اغتراره، فيكون ذلك أشد لعقابه.
যি ব্যক্তি পথভ্ৰষ্টতাত নিমজ্জিত আৰু কুফৰীত অটল, আল্লাহে তাক তাৰ সেই মুৰ্খতা আৰু কুফৰীৰ মাজত বিভ্ৰান্ত হৈ ঘূৰি ফুৰিবলৈ এৰি দিয়ে। যাতে সি প্ৰতাৰণাৰ গহীন গহ্বৰত সোমাই যায় আৰু অধিক কঠিন শাস্তিৰ সন্মুখীন হয়।

• يثبّت الله المؤمنين على الهدى، ويزيدهم توفيقًا ونصرة، وينزل من الآيات ما يكون سببًا لزيادة اليقين مجازاةً لهم.
আল্লাহে মুমিনসকলক সত্যৰ পথত দৃঢ়তাৰ সৈতে প্ৰতিষ্ঠিত কৰে, তেওঁলোকক অধিক তাওফীক প্ৰদান কৰে তথা সহায় কৰে। এনেকুৱা এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰে যিবোৰে তেওঁলোকৰ বিশ্বাস বৃদ্ধি কৰাত সহায়ক সাব্যস্ত হয়।

اَفَرَءَیْتَ الَّذِیْ كَفَرَ بِاٰیٰتِنَا وَقَالَ لَاُوْتَیَنَّ مَالًا وَّوَلَدًا ۟ؕ
হে ৰাছুল! আপুনি সেই ব্যক্তিক দেখা নাইনে, যিয়ে আমাৰ প্ৰমাণসমূহক অস্বীকাৰ কৰিছে আৰু আমাৰ সতৰ্কবাণীক নাকচ কৰি কৈছেঃ মোৰ মৃত্যুৰ পিছত, যদি মোক পুনৰ্জীৱিত কৰা হয় তেন্তে অৱশ্যে মোক প্ৰচুৰ ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰা হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
اَطَّلَعَ الْغَیْبَ اَمِ اتَّخَذَ عِنْدَ الرَّحْمٰنِ عَهْدًا ۟ۙ
সেই ব্যক্তিয়ে অদৃশ্য সম্পৰ্কে অৱগত হৈছে নেকি, তেন্তে প্ৰমাণ নোহোৱাকৈ কিহৰ ভিত্তিত এনেকুৱা কথা কৈ আছে? অথবা সি আল্লাহৰ পৰা কোনো প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে নেকি যে, আল্লাহে তাক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাব, তথা নিশ্চিতভাৱে তাক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰিব?
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا ؕ— سَنَكْتُبُ مَا یَقُوْلُ وَنَمُدُّ لَهٗ مِنَ الْعَذَابِ مَدًّا ۟ۙ
বিষয়টো তেনেকুৱা নহয়, যিদৰে সি ধাৰণা কৰিছে। সেই ব্যক্তিয়ে যি কয় আৰু যি কৰে সেই সকলো আমি লিখি ৰাখিম, আৰু তাৰ এই মিছা দাবীৰ ফলস্বৰূপে আমি তাক শাস্তিৰ ওপৰত শাস্তি প্ৰদান কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
وَّنَرِثُهٗ مَا یَقُوْلُ وَیَاْتِیْنَا فَرْدًا ۟
আমি তাক ধ্বংস কৰাৰ পিচত তাৰ সকলো ধন-সম্পত্তি আৰু সন্তান-সন্ততি জব্দ কৰিম। আৰু কিয়ামতৰ দিনা তাক অকলশৰীয়াভাৱে লৈ আহিম। তেতিয়া তাৰ ওচৰত ধন-সম্পত্তি তথা মান-মৰ্যাদা বোলা একোৱে নাথাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ اٰلِهَةً لِّیَكُوْنُوْا لَهُمْ عِزًّا ۟ۙ
মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে নিজৰ বাবে উপাস্য বনাই লৈছে, সিহঁতে যেতিয়া এইবোৰৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিব তেতিয়া যাতে এইবোৰে সিহঁতক সহায় কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا ؕ— سَیَكْفُرُوْنَ بِعِبَادَتِهِمْ وَیَكُوْنُوْنَ عَلَیْهِمْ ضِدًّا ۟۠
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ধাৰণা কৰে। এতেকে কিয়ামতৰ দিনা এই উপাস্যবোৰে সিহঁতৰ উপাসনাক অস্বীকাৰ কৰিব, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। কেৱল এয়াই নহয়, বৰং সিহঁতৰ পৰা নিজকে সম্পৰ্কচ্ছেদ কৰিব তথা সিহঁতক নিজৰ শত্ৰু বুলি গণ্য কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ اَنَّاۤ اَرْسَلْنَا الشَّیٰطِیْنَ عَلَی الْكٰفِرِیْنَ تَؤُزُّهُمْ اَزًّا ۟ۙ
হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আমি চয়তান প্ৰেৰণ কৰিছোঁ আৰু তাক কাফিৰসকলৰ ওপৰত নিযুক্ত কৰিছোঁ। যিয়ে সিহঁতক পাপকৰ্ম কৰিবলৈ আৰু আল্লাহৰ দ্বীনৰ পৰা বাধা দিয়াত প্ৰৰোচনা দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَا تَعْجَلْ عَلَیْهِمْ ؕ— اِنَّمَا نَعُدُّ لَهُمْ عَدًّا ۟ۚ
এতেকে হে ৰাছুল! আপুনি আল্লাহৰ ওচৰত সিহঁতৰ ধ্বংস সম্পৰ্কীয় অনুৰোধ কৰাত বেছি খৰখেদা নকৰিব। নিশ্চয় আমি সিহঁতৰ জীৱনৰ এটা এটা পল হিচাপ কৰি আছোঁ। অৱশেষত সিহঁতৰ অৱকাশৰ সময়সীমা যেতিয়া সমাপ্ত হ'ব, তেতিয়া আমি সিহঁতক সেই শাস্তিয়ে প্ৰদান কৰিম যিটো শাস্তি পোৱাৰ সিহঁত উপযুক্ত।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ نَحْشُرُ الْمُتَّقِیْنَ اِلَی الرَّحْمٰنِ وَفْدًا ۟ۙ
তথা হে ৰাছুল! আপুনি কিয়ামত দিৱসটো স্মৰণ কৰকচোন, যিদিনা আমি সেইসকল লোকক যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, তেওঁলোকক আমি সম্পূৰ্ণ সন্মান-সম্ভাষণৰ সৈতে একত্ৰিত কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
وَّنَسُوْقُ الْمُجْرِمِیْنَ اِلٰی جَهَنَّمَ وِرْدًا ۟ۘ
আনহাতে কাফিৰসকলক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یَمْلِكُوْنَ الشَّفَاعَةَ اِلَّا مَنِ اتَّخَذَ عِنْدَ الرَّحْمٰنِ عَهْدًا ۟ۘ
সিদিনা এই কাফিৰসকলে পৰস্পৰক মধ্যস্ততা কৰাৰো অধিকাৰ নাপাব। কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে পৃথিৱীত আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি আল্লাহৰ পৰা (শ্বাফাআতৰ) প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالُوا اتَّخَذَ الرَّحْمٰنُ وَلَدًا ۟ؕ
ইয়াহুদী, খৃষ্টান আৰু কিছুমান মুশ্বৰিকে দাবী কৰে যে, অত্যন্ত কৃপাশীল আল্লাহে পুত্ৰ গ্ৰহণ কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
لَقَدْ جِئْتُمْ شَیْـًٔا اِدًّا ۟ۙ
হে এনেকুৱা মন্তব্য কৰা ব্যক্তিসকল! নিশ্চয় তোমালোকে মহাপাপ কৰিছা।
የአረብኛ ቁርኣን ማብራሪያ:
تَكَادُ السَّمٰوٰتُ یَتَفَطَّرْنَ مِنْهُ وَتَنْشَقُّ الْاَرْضُ وَتَخِرُّ الْجِبَالُ هَدًّا ۟ۙ
তোমালোকৰ এনেকুৱা নিকৃষ্ট কথাৰ ফলত আকাশ ভাঙি পৰাৰ উপক্ৰম হয়। আৰু পৃথিৱী খণ্ড-বিখণ্ড হোৱাৰ উপক্ৰম হয়। আৰু পৰ্বতমালা চূৰ্ণ-বিচূৰ্ণ হৈ পৰাৰ উপক্ৰম হয়।
የአረብኛ ቁርኣን ማብራሪያ:
اَنْ دَعَوْا لِلرَّحْمٰنِ وَلَدًا ۟ۚ
ইয়াৰ মূল কাৰণটো হৈছে সিহঁতে দয়াময় আল্লাহৰ সন্তান থকা বুলি দাবী কৰিছে। পৱিত্ৰ আল্লাহ এনেকুৱা কথাৰ পৰা বহু ঊৰ্দ্ধত।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا یَنْۢبَغِیْ لِلرَّحْمٰنِ اَنْ یَّتَّخِذَ وَلَدًا ۟ؕ
দৰাচলতে অত্যন্ত কৃপাশীল আল্লাহৰ লগত এনেকুৱা বিষয় সম্পৃক্ত কৰাটো কদাপিও সমীচীন নহয় যে, তেওঁ সন্তান গ্ৰহণ কৰিছে। কিয়নো তেওঁ এনেকুৱা বিষয়ৰ পৰা অতি পৱিত্ৰ।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ كُلُّ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ اِلَّاۤ اٰتِی الرَّحْمٰنِ عَبْدًا ۟ؕ
আকাশমণ্ডল আৰু পৃথিৱীত থকা ফিৰিস্তা তথা মানৱ আৰু জ্বিন সকলোৱে কিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ সন্মুখত বিনীতভাৱে শিৰনত হৈ উপস্থিত হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
لَقَدْ اَحْصٰىهُمْ وَعَدَّهُمْ عَدًّا ۟ؕ
নিশ্চিতভাৱে আল্লাহে সিহঁতক জ্ঞানৰ জৰিয়তে পৰিবেষ্টন কৰিছে আৰু সিহঁতক গণনা কৰি ৰাখিছে। এতেকে সিহঁতৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَكُلُّهُمْ اٰتِیْهِ یَوْمَ الْقِیٰمَةِ فَرْدًا ۟
সিহঁতৰ মাজৰ প্ৰত্যেকেই কিয়ামতৰ দিনা অকলশৰীয়াভাৱে উপস্থিত হ'ব। কোনো সহায়ক নাথাকিব আৰু কোনো ধন-সম্পত্তিও নাথাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تدل الآيات على سخف الكافر وسَذَاجة تفكيره، وتَمَنِّيه الأماني المعسولة، وهو سيجد نقيضها تمامًا في عالم الآخرة.
এই আয়াতসমূহে কাফিৰসকলৰ মুৰ্খতা, নিকৃষ্ট মানসিকতা আৰু সিহঁতৰ আকৰ্ষণীয় আশাত নিমজ্জিত থকাৰ বৰ্ণনা কৰে। অথচ আখিৰাতত সিহঁতে সম্পূৰ্ণ বিপৰীত অৱস্থাৰ সন্মুখীন হ'ব।

• سلَّط الله الشياطين على الكافرين بالإغواء والإغراء بالشر، والإخراج من الطاعة إلى المعصية.
আল্লাহে কাফিৰসকলক পথভ্ৰষ্ট কৰিবলৈ চয়তানক শক্তি প্ৰদান কৰিছে, যাতে সি সিহঁতক বেয়া কৰ্মত প্ৰৰোচনা দিয়ে, তথা সিহঁতক আনুগত্যৰ পৰা উলিয়াই গুনাহৰ ফালে লৈ যায়।

• أهل الفضل والعلم والصلاح يشفعون بإذن الله يوم القيامة.
মৰ্যাদাৱান, জ্ঞানী আৰু সদাচাৰীসকলে কিয়ামতৰ দিনা আল্লাহৰ অনুমতিত মধ্যস্ততা কৰাৰ সুবিধা লাভ কৰিব।

اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ سَیَجْعَلُ لَهُمُ الرَّحْمٰنُ وُدًّا ۟
নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সেইসমূহ নেক আমল কৰিছে যিবোৰ আল্লাহৰ দৃষ্টিত পছন্দনীয়। আল্লাহে তেওঁলোকক মুহাব্বত প্ৰদান কৰিব অৰ্থাৎ স্বয়ং আল্লাহে তেওঁলোকক মুহাব্বত কৰিব। তথা তেওঁৰ বান্দাসকলৰ মাজত তাক প্ৰিয় বনাই দিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِنَّمَا یَسَّرْنٰهُ بِلِسَانِكَ لِتُبَشِّرَ بِهِ الْمُتَّقِیْنَ وَتُنْذِرَ بِهٖ قَوْمًا لُّدًّا ۟
হে ৰাছুল! এই কোৰআনখনক আপোনাৰ ভাষাত অৱতীৰ্ণ কৰি সৰল কৰি দিছোঁ। যাতে ইয়াৰ দ্বাৰা আপুনি সেইসকল লোকক সতৰ্ক কৰিব পাৰে যিসকলে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰিছে। তথা ইয়াৰ দ্বাৰা যাতে আপুনি সেইসকল লোকক ভয় দেখুৱাব পাৰে, যিসকল বাক-বিতণ্ডাপ্ৰিয় আৰু সত্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত স্বৈৰাচাৰী তথা অহংকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنْ قَرْنٍ ؕ— هَلْ تُحِسُّ مِنْهُمْ مِّنْ اَحَدٍ اَوْ تَسْمَعُ لَهُمْ رِكْزًا ۟۠
আপোনাৰ সম্প্ৰদায়ৰ পূৰ্বে আমি বহুতো সম্প্ৰদায়ক বিনাশ কৰিছোঁ। সেই সম্প্ৰদায়সমূহৰ মাজৰ কাৰোবাৰ আপুনি উমান পাইছেনে? আপুনি সিহঁতৰ কোনো গোপন ধ্বনি শুনা পাইছেনে? যি বিপদৰ সিহঁতে সন্মুখীন হৈছিল, সেই বিপদে আনকো চুব পাৰে। পলম কেৱল আল্লাহৰ অনুমতিৰ।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ليس إنزال القرآن العظيم لإتعاب النفس في العبادة، وإذاقتها المشقة الفادحة، وإنما هو كتاب تذكرة ينتفع به الذين يخشون ربهم.
মহান কোৰআনখনক এইকাৰণে অৱতীৰ্ণ কৰা হোৱা নাই যে, মানুহে ক্লান্তদায়ক ইবাদতত নিজকে ব্যস্ত কৰি ৰাখিব আৰু কঠিনতাৰ সন্মুখীন হ'ব। বৰং কোৰআন হৈছে উপদেশ তথা স্মৰণ কৰোৱা গ্ৰন্থ। ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই উপকৃত হয়, যিসকলে নিজ প্ৰতিপালকক ভয় কৰে।

• قَرَن الله بين الخلق والأمر، فكما أن الخلق لا يخرج عن الحكمة؛ فكذلك لا يأمر ولا ينهى إلا بما هو عدل وحكمة.
আল্লাহে সৃষ্টি আৰু আদেশ একেলগে উল্লেখ কৰিছে। এতেকে যিদৰে তেওঁ সৃষ্টি কৰা সকলো বস্তুৰ ক্ষেত্ৰত হিকমত আছে, ঠিক সেইদৰে তেওঁৰ প্ৰত্যেক আদেশ তথা নিষেধতো হিকমত নিহিত হৈ আছে।

• على الزوج واجب الإنفاق على الأهل (المرأة) من غذاء وكساء ومسكن ووسائل تدفئة وقت البرد.
স্বামীৰ কৰ্তব্য হৈছে স্ত্ৰীৰ বাবে ভৰণ-পোষণৰ পৰা আৰম্ভ কৰি খাদ্য, বস্ত্ৰ, বাসস্থান আৰু শীতকালত গৰম কাপোৰৰ ব্যৱস্থা কৰা।

 
የይዘት ትርጉም ምዕራፍ: ሱረቱ መርየም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት